ভাৰতীয় মহাকাশ গৱেষণাৰ দিশত এক নতুন দিগন্ত। ইছৰ’ই নতুন প্ৰজন্মৰ নেভিগেচন উপগ্ৰহ এনভিএছ-০৩ (NVS-03)সফলতাৰে উৎক্ষেপণ কৰে। এই উপগ্ৰহটো GSLV-F18 ৰকেটত মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। এই উৎক্ষেপণে ভাৰতৰ নিজা উপগ্ৰহ নেভিগেচন চিষ্টেম NavIC-ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ই জিপিএছৰ দৰে কাম কৰিব।
শুকুৰবাৰে নিশা ১১:৫১ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা ৰকেটটো উৎক্ষেপণ কৰা হয়।
উৎক্ষেপণৰ ২০ মিনিটৰ অলপ বেছি সময়ৰ পাছত জিএছএলভি ৰকেটে নিৰ্দিষ্ট কক্ষপথত এনভিএছ-০৩ প্ৰেৰণ কৰে। ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনে এই অভিযানৰ সফলতাৰ কথা ঘোষণা কৰে। এই সফলতাৰ বাবে তেওঁ বিজ্ঞানী, অভিযন্তা আৰু আনুষংগিক উদ্যোগসমূহক অভিনন্দন জনায়।
এয়া আছিল ভাৰতৰ জিঅ’চিংক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল বা জিএছএলভিৰ ২০ সংখ্যক উৰণ। এই ৰকেটে ২,২৫০ কিলোগ্ৰাম ওজনৰ এনভিএছ-০৩ উপগ্ৰহটোক জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিট (জিটিঅ’)লৈ লৈ যায়।
ইছৰোৰ দ্বিতীয় প্ৰজন্মৰ নেভিগেচন উপগ্ৰহ শৃংখলাৰ তৃতীয়টো উপগ্ৰহ হৈছে এনভিএছ-০৩। ইয়াৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ নিজা নেভিগেচন চিষ্টেম NavIC ৰ সেৱাসমূহ ৰক্ষণাবেক্ষণ আৰু অধিক উন্নত কৰা।
এই কথা মনত ৰখা উচিত যে ভাৰতৰ বাবে এই অভিযান অতি গুৰুত্বপূৰ্ণ। কাৰণ সাধাৰণ মানুহৰ পৰিবহণৰ বাবে নেভিগেচন সেৱা ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে বাণিজ্য, নিৰাপত্তা আৰু সামৰিক কামৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ। সেয়ে ভাৰতে নিজাকৈ নেভিগেচন ব্যৱস্থা শক্তিশালী কৰিব বিচাৰিছে।
আমেৰিকাত যেনেকৈ জিপিএছ আছে, ভাৰতৰ নিজা নেভিগেচন চিষ্টেম হৈছে NavIC। ইয়াৰ সম্পূৰ্ণ নাম Navigation with Indian Constellation। ভাৰতত নিৰ্মিত এই ব্যৱস্থাই দেশৰ মূল ভূখণ্ডৰ বাহিৰৰ প্ৰায় ১৫০০ কিলোমিটাৰ দূৰত্বৰ অঞ্চলৰ লগতে সীমান্তৰ বাহিৰতো স্থান আৰু সময়ৰ তথ্য প্ৰদান কৰিব পাৰে।
পথ ভ্ৰমণ, সামুদ্ৰিক জাহাজ, প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা, কৃষি আৰু সামৰিক কামকে ধৰি বিভিন্ন কামত NavIC ব্যৱহাৰ কৰিব পাৰি।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল NVS-03 উপগ্ৰহত থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত এটা পাৰমাণৱিক ঘড়ী আছে। ইয়াৰ উপৰিও আন কোম্পানীয়ে নিৰ্মাণ কৰা এটমিক ঘড়ীও আছে। নেভিগেচন প্ৰযুক্তিৰ স্বাৱলম্বী হোৱাৰ পথত ভাৰতৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
এই উপগ্ৰহটোৰ আন এক নতুন সুবিধা আছে। এতিয়ালৈকে NavIC ত L5 আৰু S-বেণ্ড সংকেত ব্যৱহাৰ কৰা হৈছিল। এইবাৰ ইয়াত L1 ফ্ৰিকুৱেন্সি চিগনেল যোগ হ’ব। ফলত সাধাৰণ নেভিগেচন ৰিচিভাৰ আৰু বিভিন্ন মোবাইল ডিভাইচৰ সৈতে NavICৰ ব্যৱহাৰ সহজ কৰি তুলিব পৰা যায়। এই সেৱা অধিক ডিভাইচৰ বাবে উপলব্ধ হ’ব।
২০২৫ চনৰ জানুৱাৰী মাহত ইছৰ’ই এনভিএছ-০২ উপগ্ৰহটো উৎক্ষেপণ কৰিছিল। জিএছএলভি-এফ১৫ ৰকেটৰ সহায়ত এই উপগ্ৰহটোক এটা নিৰ্দিষ্ট স্থানান্তৰ কক্ষপথলৈ লৈ যোৱা হৈছিল। কিন্তু শেষত ইয়াক কোনো নিৰ্দিষ্ট কাৰ্য্যকৰী কক্ষপথলৈ লৈ যোৱাটো সম্ভৱ নহ’ল।
সেই উপগ্ৰহৰ বৈদ্যুতিক ব্যৱস্থাত সমস্যা হৈছিল। ফলত এটা বিশেষ ভালভে সঠিকভাৱে কাম কৰা নাছিল। ইয়াৰ বাবে উপগ্ৰহটোৰ লিকুইড এপ’জি মটৰে প্ৰয়োজনীয় অক্সিডাইজাৰ নাপালে। ফলত NVS-02 নিৰ্দিষ্ট কক্ষপথত উপনীত হ’ব নোৱাৰিলে।
🚨 Liftoff of GSLV-F18 carrying NVS-03 at 11:51 PM IST from Second Launch Pad, SHAR!
ISRO’s rescue mission for NavIC is now underway 🚀
#ISRO | #GSLVF18 https://t.co/MizXSaUe4R
— ISRO Spaceflight (@ISROSpaceflight) October 30, 2026
এনভিএছ-০৩ৰ ক্ষেত্ৰতো যাতে একে সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে ইছৰ’ই প্ৰয়োজনীয় পৰিৱৰ্তন কৰিছে।
অৱশ্যে সফল উৎক্ষেপণ এই অভিযানৰ শেষ পদক্ষেপ নহয়। নিৰ্দিষ্ট কাৰ্য্যকৰী কক্ষপথত উপনীত হ’বলৈ উপগ্ৰহটোৱে নিজৰ প্ৰপালচন ব্যৱস্থাৰ সহায়ত আৰু কেইবাটাও পদক্ষেপত কক্ষপথৰ উচ্চতা বৃদ্ধি কৰিব লাগিব।
এনভিএছ-০৩ৰ সফল উৎক্ষেপণে ভাৰতৰ নিজা নেভিগেচন ব্যৱস্থাক শক্তিশালী কৰি তুলিছে। বিদেশী উপগ্ৰহ নেভিগেচন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পালে।





