দুজন প্ৰাপ্তবয়স্কৰ মাজত পাৰস্পৰিক সন্মতিৰে গঢ়ি উঠা সম্পৰ্কৰ পৰিসমাপ্তি ঘটিলেই পূৰ্বৰ যৌন সম্পৰ্কক ধৰ্ষণৰ গোচৰলৈ ৰূপান্তৰ কৰিব পাৰিনে? এজন পুৰুষৰ নিজৰ ইচ্ছাৰে সম্পৰ্ক শেষ কৰাৰ অধিকাৰ নাই নেকি? এনে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। পাৰস্পৰিক সন্মতিৰে হোৱা সম্পৰ্ক ভাঙি যোৱাৰ পিছত সেই সম্পৰ্কক ধৰ্ষণৰ অভিযোগলৈ ৰূপান্তৰ কৰাৰ প্ৰৱণতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে শীৰ্ষ আদালতে।
ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন লোকক দোষমুক্ত ঘোষণা কৰি ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে কয় যে দুজন প্ৰাপ্তবয়স্কৰ মাজত সম্পৰ্কৰ অৱনতি বা আৱেগিক সংঘাতৰ পিছত অপৰাধমূলক আইনৰ অপব্যৱহাৰ ৰোধ কৰাটো সমাজ আৰু আদালতৰ দায়িত্ব। আদালতৰ মতে, শেহতীয়া বছৰবোৰত পাৰস্পৰিক সন্মতিৰে গঢ়ি উঠা সম্পৰ্ক ভাঙি যোৱাৰ পিছত পূৰ্বৰ ঘটনাবোৰ নতুন দৃষ্টিৰে বিচাৰ কৰি তাৰ মাজত যৌন নিৰ্যাতনৰ উপাদান বিচৰাৰ এক উদ্বেগজনক প্ৰৱণতা দেখা গৈছে।
বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে আৰম্ভণিৰে পৰাই প্ৰতাৰণা বা মিছা প্ৰতিশ্ৰুতিৰে কোনো ব্যক্তিৰ সন্মতি আদায় কৰা আৰু সম্পৰ্ক শেষ হোৱাৰ পিছত পূৰ্বৰ সন্মতিসূচক যৌন সম্পৰ্কক লৈ অনুশোচনা কৰা দুটা সম্পূৰ্ণ পৃথক বিষয়। আৰম্ভণিৰ পৰাই প্ৰতাৰণাৰে সন্মতি আদায় কৰাৰ প্ৰমাণ থাকিলে সেয়া আইনৰ বিচাৰৰ বিষয় হ’ব পাৰে। কিন্তু সম্পৰ্ক শেষ হোৱাৰ পিছত পূৰ্বতে সন্মতিৰে হোৱা যৌন সম্পৰ্কক কেৱল অনুশোচনা বা বিচ্ছেদৰ কাৰণে ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি।
আদালতে লগতে কয় যে কোনো সম্পৰ্কৰ সমাপ্তিয়ে পূৰ্বতে পাৰস্পৰিক সন্মতিৰে হোৱা যৌন সম্পৰ্কক অপৰাধত পৰিণত কৰিব নোৱাৰে। এনে দৃষ্টিভংগীয়ে ব্যক্তিৰ ব্যক্তিগত স্বাধীনতা আৰু সামাজিক সন্মানৰ ওপৰত আঘাত হানিব পাৰে। ইয়াৰ ফলত এজন পুৰুষৰ নিজৰ সিদ্ধান্ত গ্ৰহণৰ অধিকাৰো ক্ষুণ্ণ হ’ব পাৰে বুলি মন্তব্য কৰে বিচাৰপীঠে।
ন্যায়াধীশসকলে প্ৰশ্ন কৰে, পাৰস্পৰিক সন্মতিৰে সম্পৰ্কত থকাৰ অৰ্থ এইটো নেকি যে এজন পুৰুষে সেই সম্পৰ্কৰ পৰা ওলাই অহাৰ অধিকাৰ হেৰুৱাই পেলাব? সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্তক প্ৰতাৰণা বা প্ৰৱঞ্চনা বুলি অভিহিত কৰিব পাৰিনে? আদালতৰ মতে, কেৱল সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্তক প্ৰতাৰণা বা প্ৰৱঞ্চনা বুলি ক’ব নোৱাৰি। কাৰণ এনে ব্যৱস্থাই এজন ব্যক্তিক অনিচ্ছা সত্ত্বেও সম্পৰ্কত থাকিবলৈ বাধ্য কৰাৰ আশংকা সৃষ্টি কৰে।
বিচাৰপীঠে লগতে কয় যে বিফল প্ৰেমৰ সম্পৰ্কক অপৰাধমূলক গোচৰলৈ ৰূপান্তৰ কৰাৰ ঘটনা আদালতৰ সন্মুখলৈ প্ৰায়ে আহে। অৱশ্যে ধৰ্ষণ এক গুৰুতৰ অপৰাধ আৰু প্ৰকৃত যৌন নিৰ্যাতন, বলপূৰ্বকতা অথবা প্ৰতাৰণাৰে সন্মতি আদায় কৰা ঘটনাৰ ক্ষেত্ৰতহে এনে অভিযোগৰ বিচাৰ হ’ব লাগে। প্ৰতিটো ভগ্ন সম্পৰ্কক ধৰ্ষণৰ গোচৰলৈ ৰূপান্তৰ কৰিলে এই গুৰুতৰ অপৰাধৰ প্ৰকৃত তাৎপৰ্য আৰু গাম্ভীৰ্য হ্ৰাস পাব বুলিও মত প্ৰকাশ কৰে আদালতে।
অৱশ্যে একে সময়তে দেশত বহু ধৰ্ষণৰ ঘটনা এতিয়াও পোহৰলৈ নাহে বুলিও স্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। সামাজিক সন্মান আৰু পৰিয়ালৰ মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত বহু নিৰ্যাতিতাই অভিযোগ দাখিলৰ পৰা বিৰত থাকে। সেয়ে যৌন নিৰ্যাতন বা আক্ৰমণৰ স্পষ্ট প্ৰমাণ থকা প্ৰকৃত ঘটনাসমূহৰ ক্ষেত্ৰত আৰক্ষীয়ে সম্পূৰ্ণ তদন্ত চলোৱাৰ লগতে দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰে বিচাৰপীঠে।
ন্যায়ালয়ৰ এই পৰ্যবেক্ষণে সন্মতি, ব্যক্তিগত স্বাধীনতা, সম্পৰ্কৰ অধিকাৰ আৰু যৌন নিৰ্যাতনৰ অভিযোগৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক পুনৰ আলোচনাৰ মাজলৈ আনিছে। একেদৰে, ভুৱা অভিযোগৰ আশংকা ৰোধ কৰাৰ লগতে প্ৰকৃত নিৰ্যাতিতাই যাতে ন্যায় লাভৰ পৰা বঞ্চিত নহয়, তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটোও যে সমানে জৰুৰী, সেয়াও স্পষ্ট কৰি দিছে শীৰ্ষ আদালতে।





