পাঁচ তাৰকাযুক্ত হোটেলৰ চুইমিং পুলত বিদ্যুৎস্পৃষ্ট হৈ দুজন বিদেশীৰ মৃত্যু ঘটিছে। শুকুৰবাৰে বেংগালুৰুৰ উলছুৰৰ কনৰাড হোটেলৰ তৃতীয় মহলাত সংঘটিত হয় এই দুৰ্ঘটনা। হোটেলখনৰ চুইমিং পুলত বিদেশী নাগৰিক দুজনক উদ্ধাৰ কৰিবলৈ গৈ আহত হয় হোটেলৰ দুজন কৰ্মচাৰী।
আৰক্ষীৰ সূত্ৰ অনুসৰি নিহত দুজন হৈছে জাৰ্মান নাগৰিক আৰু বিমান সংস্থা লুফথানছাৰ ক্ৰু মেম্বাৰ আলেকজেণ্ডাৰ মেক্সিমিলিয়ান থিছ (৫৭)। আনজন হৈছে শ্লোভাক নাগৰিক উৰাই হোৰভাট (৪৫)।
ইয়াৰ উপৰিও হোটেলৰ কৰ্মচাৰী আমেৰিকান নাগৰিক মেথিউ ডিছান্টিছ (৪১) আৰু হোটেলৰ পুল এটেণ্ডেণ্ট তথা লাইফগাৰ্ড ৰাহুল তিৱাৰী (২৮) আহত হয়।
আৰক্ষীয়ে লগতে জনোৱা মতে, চুইমিং পুলত অস্বাভাৱিক অৱস্থাত দেখি পৰ্যটক দুজনক বচাবলৈ হোটেলৰ দুজন কৰ্মচাৰীয়ে ততাতৈয়াকৈ আগবাঢ়ি গৈছিল। তেওঁলোকে হোটেল কৰ্তৃপক্ষকো খবৰ দিয়ে।
চাৰিজন লোকক উদ্ধাৰ কৰি মণিপাল হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুয়োজন পৰ্যটকক মৃত ঘোষণা কৰে। আহত দুগৰাকী কৰ্মচাৰী চিকিৎসাধীন হৈ আছে। বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে জানিবলৈ দিয়ে।
বেংগালুৰু আৰক্ষীৰ পূব সংমণ্ডলৰ ডিচিপিয়ে কয় যে আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। কেনেদৰে ঘটনা সংঘটিত হয় সেই বিষয়ে জানিবলৈ হোটেল কৰ্তৃপক্ষৰ লগতে অন্যান্য কৰ্মচাৰীক সোধা-পোছা কৰা হৈছে। প্ৰাথমিক অনুমান অনুসৰি চুইমিং পুল এলেকাত শ্বৰ্ট চাৰ্কিটৰ বাবে তেওঁলোক বিদ্যুৎস্পৃষ্ট হ’ব পাৰে।




