দিল্লীৰ মংগলপুৰী ঔদ্যোগিক তালুকাৰ এটা জোতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ৯:৩০ বজাত ফেজ-১এ এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা। অগ্নিকাণ্ডত ৪ শ্ৰমিকৰ মৃত্যু হয়। অগ্নিকাণ্ডটোত আহত হয় দুজন শ্ৰমিক।
অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ পিছত ততাতৈয়াকৈ দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ ২০টা ইঞ্জিন ঘটনাস্থলীলৈ লৈ গৈ অগ্নিনিৰ্বাপক বাহিনীয়ে কেইবা ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে।
অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া এ ডি অ’ পাৰস কুমাৰে জনোৱা মতে, প্ৰথমে জোতা কাৰখানাটোৰ বেছমেণ্টত জুই লাগে। তাত বহু জোতা মজুত কৰি ৰখাৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰে। কাৰখানাটোৰ ওপৰৰ মহলাটো ধোঁৱাৰে ভৰি পৰাত অগ্নিনিৰ্বাপক বাহিনীয়ে তাৰ পৰা শ্ৰমিকক উদ্ধাৰ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়।
জুই আংশিকভাৱে নিয়ন্ত্ৰণ কৰাৰ পিছত কাৰখানাটোৰ তৃতীয় মহলাৰ চিৰিৰ পৰা এজন আৰু চতুৰ্থ মহলাৰ পৰা আৰু পাঁচজন শ্ৰমিকক উদ্ধাৰ কৰা হয়। আহত শ্ৰমিকক উদ্ধাৰ কৰি সঞ্জয় গান্ধী মেম’ৰিয়েল হাস্পতাললৈ লৈ যোৱা হয় আৰু তাত থকা চিকিৎসকে চাৰিজন শ্ৰমিকক মৃত ঘোষণা কৰে।
আহত শ্ৰমিক দুগৰাকী চিকিৎসাধীন হৈ আছে। লগতে জোতা কাৰখানাত জুই অন্য কাৰখানালৈ বিয়পি পৰাৰ আশংকা আছিল বুলিও বিষয়াগৰাকীয়ে জনায়। কিন্তু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই বিয়পিব পৰা নাই।
কাৰখানাটোত হোৱা অগ্নিকাণ্ডৰ সন্দৰ্ভত উপায়ুক্ত বিক্ৰম সিঙে কয়, “কাৰখানাটোৰ অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ অনা হৈছে। অৱশ্যে জুই কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাৰখানাৰ মালিকক সোধা-পোছা কৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ উপৰিও ঠিকাদাৰ আৰু অন্যান্য শ্ৰমিকক সোধা-পোছা কৰি অগ্নিকাণ্ডৰ সময়ত কাৰখানাৰ ভিতৰত কিমান শ্ৰমিক উপস্থিত আছিল সেই কথা জানিবলৈ চেষ্টা কৰিছে।”
উল্লেখ্য যে এইবাৰ দিল্লীত কেইবাটাও অগ্নিকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। ২০২৬ চনৰ প্ৰথম ছমাহত অগ্নিকাণ্ডৰ ফলত কমেও ৬৭ জন লোকৰ মৃত্যু হৈছে।


