বাংলাদেশত বস্ত্ৰ শ্ৰমিকৰ প্ৰতিবাদক কেন্দ্ৰ কৰি এক নতুন উত্তেজনা বিয়পি পৰিছে। এফালে ৰেডিমেড গাৰ্মেণ্ট উদ্যোগৰ শ্ৰমিকসকলে মাহিলী নূন্যতম মজুৰি ৩০ হাজাৰ টকাৰ দাবীত ৰাজপথলৈ ওলাই আহিছে। আনহাতে, এই আন্দোলনৰ সুযোগ লৈ কূটাঘাতৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন হৈছে নিষিদ্ধ আৱামী লীগ আৰু ইয়াৰ সংযুক্ত নেতা-কৰ্মীসকলৰ বিৰুদ্ধে।
আৰক্ষীয়ে দাবী কৰে যে শ্ৰমিক আন্দোলনৰ মাজত প্ৰৱেশ কৰি তেওঁলোকে অশান্তি বিয়পাবলৈ চেষ্টা কৰিছিল। ইতিমধ্যে ঢাকা আৰু গাজীপুৰৰ পৰা আৱামী লীগ আৰু ইয়াৰ সহযোগী সংগঠনৰ ২০ জন নেতা কৰ্মীক আটক তথা গ্ৰেপ্তাৰ কৰা হৈছে। মুঠ দুটা অঞ্চলত ৪৯ জনক আটক তথা গ্ৰেপ্তাৰ কৰা হৈছে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সোমবাৰে (২ নৱেম্বৰ) প্ৰশাসনে ঢাকা-টাংগাইল ঘাইপথত অতিৰিক্ত আৰক্ষী বাহিনীসহ সীমান্তৰক্ষী বাংলাদেশৰ ১০টা প্লাটুন মোতায়েন কৰে। ২১ গৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত নিৰাপত্তাৰ দায়িত্ব পালন কৰা হৈছে। ঘাইপথৰ বিভিন্ন স্থানত বিজিবিৰ সদস্যই টহল দি থকা দেখা গৈছে।
বাতৰি অনুসৰি, দেওবাৰে আৰক্ষীয়ে ঢাকা আৰু গাজীপুৰত মুঠ ৪৯ জন লোকক আটক কৰি গ্ৰেপ্তাৰ কৰে। ইয়াৰে ১৯জনক মিৰপুৰৰ পৰা আৰু ৩০জনক গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে দাবী কৰিছে যে মিৰপুৰত গ্ৰেপ্তাৰ হোৱা ১১ জন আৱামী লীগ, যুব লীগ আৰু ছাত্ৰ লীগৰ নেতা-কৰ্মী। তেওঁলোক স্থানীয় কাপোৰৰ কাৰখানাৰ শ্ৰমিক নহয়। অভিযোগ অনুসৰি বিভিন্ন জিলাৰ পৰা আহি শ্ৰমিক আন্দোলনৰ আঁৰত অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল।
আৰক্ষীয়ে লগতে দাবী কৰে যে মিৰপুৰৰ প্ৰাক্তন সাংসদ ইলিয়াছ মোল্লাৰ ভাগিনিয়েক আলিফ মোল্লাই এশৰো অধিক লোকক সংগঠিত কৰি আন্দোলন এলেকালৈ প্ৰেৰণ কৰিছিল। চোৰাংচোৱাসকলে দাবী কৰে যে তেওঁলোকৰ কিছুমানৰ আৱামী লীগৰ স্থানীয় নেতৃত্বৰ সৈতে সম্পৰ্ক আছে। আৰক্ষীৰ মতে, অনলাইন গ্ৰুপৰ জৰিয়তে তেওঁলোকক সংগঠিত কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ গাড়ীত জুই লগোৱা আৰু লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে।
গাজীপুৰতো একেধৰণৰ অভিযোগত ৯জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে আৱামী লীগ, যুব লীগ, ছাত্ৰ লীগ, কৃষক লীগ আৰু শ্ৰমিক লীগৰ নেতা-কৰ্মী। শ্ৰমিক আন্দোলনক উচটনি দিয়া, লণ্ডভণ্ড কৰি অগ্নিসংযোগৰ লগত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে। কলিয়াকোয়াৰৰ বিভিন্ন স্থানত অভিযান চলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে আৰক্ষীৰ এই অভিযোগৰ তদন্ত এতিয়াও অব্যাহত আছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ অপৰাধ আদালতত প্ৰমাণিত হোৱা নাই।
আনহাতে শ্ৰমিকৰ আন্দোলন বন্ধ হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। নূন্যতম মাহিলী দৰমহা ৩০ হাজাৰ টকা, চাকৰিৰ পৰা বৰ্খাস্ত কৰা শ্ৰমিকক পুনৰ নিযুক্তি আৰু ব্লেকলিষ্টিং ব্যৱস্থা বন্ধ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিছে। সোমবাৰে পুৱা ঢাকাৰ প্ৰৱেশদ্বাৰত ঘাইপথ অৱৰোধ কৰি গাৰ্মেণ্ট ফেক্টৰীৰ শ্ৰমিকে প্ৰতিবাদ আৰম্ভ কৰে। ইয়াৰ ফলত দীৰ্ঘকালীন যান-জঁটৰ সৃষ্টি হয়। বহু সাধাৰণ যাত্ৰী আবদ্ধ হৈ পৰে।
দেওবাৰে মিৰপুৰ, গাজীপুৰ, সাৱৰ আৰু আশুলিয়াতো প্ৰতিবাদ বিয়পি পৰে। আৰক্ষীৰ সৈতে কেইবাটাও স্থানত সংঘৰ্ষ, লণ্ডভণ্ড আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। ইয়াৰোপৰি মিৰপুৰ-১১ এলেকাত আৰক্ষীৰ এখন বাহনত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। অশান্তিৰ বাবে কেইবাটাও মেট্ৰ’ ষ্টেচন বন্ধ কৰিবলগীয়া হৈছিল।
বাংলাদেশ গাৰ্মেণ্ট মেনুফেকচাৰ্ছ এণ্ড এক্সপ’ৰ্টাৰ্ছ এছ’চিয়েচনৰ তথ্য অনুসৰি দেওবাৰে অশান্তিৰ বাবে মিৰপুৰ, সাৱৰ, আশুলিয়া, গাজীপুৰ আৰু মৈমনসিংৰ কমেও ৫২৯টা কাৰখানাত বন্ধ ঘোষণা কৰা হয়। উৎপাদনো ব্যাহত হৈছে।
চৰকাৰে নতুন মজুৰি ব’ৰ্ড গঠনৰ উদ্যোগ লৈছে। কিন্তু শ্ৰমিকসকলে দৰমহা বৃদ্ধিৰ সিদ্ধান্ত শীঘ্ৰে লোৱাৰ দাবী জনাইছে। আনহাতে, অৱৰোধ উঠাই পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে আন্দোলনকাৰীৰ সৈতে প্ৰশাসনে আলোচনাত মিলিত হৈছে। শ্ৰমিকসকলৰ দাবী আৰু কূতাঘাতৰ অভিযোগৰ তদন্ত দুয়োটাকে চম্ভালিবলৈ এতিয়া বাংলাদেশ চৰকাৰ এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।





