উচ্চ শিক্ষানুষ্ঠানসমূহত জাতিগত বৈষম্য ৰোধৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) প্ৰৱৰ্তন কৰা নতুন বৈষম্য বিৰোধী নিয়মক ‘ভাৰসাম্যহীন’ আখ্যা দিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। শনিবাৰে ইন্দোৰত অনুষ্ঠিত এক সংবাদমেলত সংঘৰ ৰাষ্ট্ৰীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে কেন্দ্ৰীয় চৰকাৰক এই নিয়মসমূহৰ সন্দৰ্ভত কোনো সালসলনি বা সিদ্ধান্ত গ্ৰহণ কৰোঁতে নিৰপেক্ষতা আৰু সামাজিক সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। উচ্চ শিক্ষানুষ্ঠানসমূহত জাতিগত বৈষম্যৰ অভিযোগৰ তদন্তৰ বাবে সমতা সমিতি গঠনৰ ব্যৱস্থা থকা এই নিয়মসমূহৰ ওপৰত চলিত বৰ্ষৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছিল।
আম্বেকাৰে স্পষ্ট কৰি দিয়ে যে আৰ এছ এছে এই চাৰ্কুলাৰখনক ভাৰসাম্যহীন বুলি পূৰ্বেই নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁ কয়, “বিষয়টো ইতিমধ্যে কৰ্তৃপক্ষ আৰু চৰকাৰৰ দৃষ্টিগোচৰ কৰা হৈছে। বৰ্তমান ন্যায়ালয়ে নিয়মসমূহৰ ওপৰত স্থগিতাদেশ দিছে আৰু গোচৰটো বিচৰাধীন হৈ আছে। আমাৰ বিশ্বাস যে ভৱিষ্যতে যিয়েই সিদ্ধান্ত লোৱা নহওক কিয়, সেয়া ভাৰসাম্যপূৰ্ণ হ’ব লাগিব।” উত্তৰ প্ৰদেশৰ ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে আৰু এই নিয়মসমূহক লৈ সৃষ্টি হোৱা তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ পাছত আম্বেকাৰৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
উল্লেখ্য যে, ৰোহিত ভেমুলা আৰু পায়েল তড়ৱীৰ মাতৃয়ে ২০১৯ চনত দাখিল কৰা এখন জনস্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত যোৱা ১৩ জানুৱাৰীত ‘ইউ জি চি (উচ্চ শিক্ষানুষ্ঠানত সমতা প্ৰসাৰ) বিনিয়ম, ২০২৬’ অধিসূচিত কৰা হৈছিল। নতুন নিয়ম অনুসৰি প্ৰতিখন উচ্চ শিক্ষানুষ্ঠানত অনুসূচিত জাতি, জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, দিব্যাংগ আৰু মহিলা প্ৰতিনিধিৰে গঠিত এখন সমতা সমিতি গঠন কৰাটো বাধ্যতামূলক কৰা হৈছিল। কিন্তু এই নিৰ্দেশনাসমূহক ‘সাধাৰণ শ্ৰেণী’ৰ বিৰুদ্ধে বৈষম্যমূলক বুলি অভিহিত কৰি উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল। ইয়াৰ প্ৰতিবাদত দিল্লী, জয়পুৰ, পাটনাসহ দেশৰ কেইবাখনো চহৰত প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে উত্তৰ প্ৰদেশত বিজেপিৰ কেইবাগৰাকীও নেতাই পদত্যাগ কৰিছিল।
যোৱা ২৯ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে নিয়মসমূহ প্ৰথম দৃষ্টিত অস্পষ্ট আৰু অপব্যৱহাৰৰ আশংকাত স্থগিতাদেশ জাৰি কৰিছিল। ইয়াৰ পাছত ২০ আগষ্টত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক অৱগত কৰে যে নিয়মসমূহৰ ওপৰত ‘পুনৰ বিবেচনা কৰা হৈছে’। কেন্দ্ৰীয় চৰকাৰে নিয়মসমূহত কেনে ধৰণৰ পৰিৱৰ্তনৰ চিন্তা কৰিছে সেয়া এতিয়াও স্পষ্ট কৰা নাই যদিও আদালতে পুনৰ বিবেচনা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে পৰৱৰ্তী শুনানী গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।





