মঙলবাৰে পুৱতি নিশা অন্ধ্ৰ প্ৰদেশ উপকূলত আঘাত কৰে ‘মুৰাছু’ ঘূৰ্ণীবতাহে। প্ৰকাশম জিলাৰ অংগোলেৰ সমীপত মঙলবাৰে মাজনিশা প্ৰায় ১ বজাৰ পৰা ধুমুহাৰ লেণ্ডফ’ল প্ৰক্ৰিয়া আৰম্ভ হয়। যাৰ বাবে ঘণ্টাত ১০০ৰ পৰা ১১০ কিলোমিটাৰ বেগত বতাহ বলিবলৈ ধৰে।
ঘূৰ্ণীবতাহ উপকূলত প্ৰৱেশ কৰাৰ লগে লগে সমগ্ৰ দক্ষিণ অন্ধ্ৰপ্ৰদেশত প্ৰচণ্ড বৰষুণ আৰু জোৱাৰ-ভাটাৰ ঢৌ আৰম্ভ হয়। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ উপকূলবৰ্তি অঞ্চলসমূহত বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে।
আই এম ডিয়ে জনোৱা মতে, নেল্লোৰ আৰু নৰছাপুৰৰ মাজৰ অংগোলত ঘূৰ্ণীবতাহৰ প্ৰভাৱ আটাইতকৈ বেছি। বতৰ বিজ্ঞান বিভাগে লগতে জনাইছে যে আগন্তুক ১২ ঘন্টালৈ দক্ষিণ অন্ধ্ৰ উপকূলত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব। ইয়াৰ বাহিৰেও ১ৰ পৰা ১.৫ মিটাৰ উচ্চতাৰ জোৱাৰৰ বাবে বাপাতলা, কৃষ্ণা আৰু প্ৰকাশম জিলাৰ নিম্নভূমি অঞ্চলত বানৰ সম্ভাৱনা আছে।
আনহাতে, দুৰ্যোগৰ বাবে অন্ধ্ৰ প্ৰদেশত মুঠ ১৯খন ঘৰুৱা বিমান বাতিল কৰা হৈছে। চেন্নাই বিমানবন্দৰৰ পৰাও কেইবাখনো বিমান বাতিল কৰা হৈছে আৰু যাত্ৰীসকলক সংশ্লিষ্ট বিমান সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
ধুমুহাৰ আঘাতত কেইবাটাও অঞ্চলত ডাঙৰ ডাঙৰ গছ ভাঙি পৰিছে। আনকি, কেইবাটাও অঞ্চলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসনক সতৰ্ক হ’বলৈ কঠোৰ নিৰ্দেশ দিছে। বিদ্যুতৰ আন্তঃগাঁথনিৰ ক্ষিপ্ৰ মেৰামতিৰ বাবে বিদ্যুৎ বিভাগক সাজু কৰি ৰখা হৈছে।
চুবুৰীয়া ৰাজ্য অন্ধ্ৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে তামিলনাডু। ৯০ জনীয়া এন ডি আৰ এফৰ তিনিটা দল আৰু ৫০০ বিদ্যুৎ বিভাগৰ কৰ্মীক প্ৰয়োজনীয় সা-সঁজুলিৰে প্ৰেৰণ কৰিছে। কৰ্ণাটক চৰকাৰে বিদ্যুতৰ আন্তঃগাঁথনি ৰক্ষণাবেক্ষণৰ বাবে ৫০০ দক্ষ ইলেক্ট্ৰিচিয়ান আৰু সঁজুলি প্ৰেৰণ কৰাৰ কথাও ঘোষণা কৰিছে।
তামিলনাডুৰ চেন্নাই, চেংগালপট্টু আৰু তিৰুভাল্লুৰত দেওবাৰে নিশাৰ পৰা ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে অবিৰত বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বতৰ বিজ্ঞান বিভাগে চেন্নাই আৰু তিৰুভাল্লুৰত অতি প্ৰবল বৰষুণ আৰু কাঞ্চিপুৰম, ৰাণীকেট, ভেল্লোৰ আৰু নীলগিৰিত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে।
সোমবাৰে আনকি চেন্নাইৰ সকলো বিদ্যালয় বন্ধ আছিল। ওড়িশাৰ দক্ষিণ জিলা – গঞ্জাম, গজাপতি, ৰায়গড়া, কোৰাপুট আৰু মালকানগিৰিতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।





