‘তদন্ত কৰিলে দুৰ্নীতি আৰু অনিয়মৰ কংকাল ওলাই পৰিব।’ কোনো বিৰোধী দল বা নেতাৰ নহয়, লাভজনক চৰকাৰী বেংক আই ডি বি আইৰ ব্যক্তিগতকৰণ সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালৰ বিত্ত সচিব ই এ এছ শৰ্মাৰ।
এপিনে ৰাহুল গান্ধীয়ে যেতিয়া আইডিবিআই বিক্ৰীৰ প্ৰক্ৰিয়াক লৈয়েই প্ৰশ্ন উত্থাপন কৰিছে, তেতিয়া এই প্ৰাক্তন ভাৰতীয় আমোলাৰ বিস্ফোৰণে মোডী চৰকাৰক পুনৰ কাঠগৰাত থিয় কৰাইছে।
তেওঁ স্পষ্টকৈ কৈছে, ‘সন্দেহ বাঢ়িছে। চৰকাৰ, বিত্তমন্ত্ৰী, ৰাষ্ট্ৰপতি সকলোৱে জনসাধাৰণৰ আগত বিষয়টো স্পষ্ট কৰি দিয়া উচিত।’ ই এ এছ শৰ্মাৰ স্পষ্ট বাৰ্তা হৈছে- ‘আই ডি বি আইক লৈ চৰম দুৰ্নীতিৰ গোন্ধ পোৱা গৈছে। সংসদীয় তদন্ত হ’লে এটা এটাকৈ বহু দুৰ্নীতিৰ কংকাল ওলাই আহিব।’
তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈও এই সন্দৰ্ভত এখন পত্ৰ লিখিছে। ইয়াৰ পূৰ্বে অৱশ্যে তেওঁ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈও এখন পত্ৰ লিখিছিল। তেওঁ পোনপটীয়াকৈ বেংক বিক্ৰীৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত বিত্ত মন্ত্ৰালয়ৰ বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগক দোষাৰোপ কৰিছে।
প্ৰাক্তন সচিবগৰাকীয়ে অভিযোগ কৰে যে, ‘বজাৰত বেংকটোৰ ৮৫ৰ পৰা ৯৪ টকা মূল্য থকা শ্বেয়াৰ ৮১ টকাত বিক্ৰী কৰা হৈছে! এনে আচৰিত সিদ্ধান্ত লোৱাৰ কাৰণ কি? সৰ্বোপৰি এল আই চিৰ এগৰাকী সঞ্চালকৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। তেওঁ নিজেই কানাডাৰ ফেয়াৰফেক্স কোম্পানীৰ অধীনত থকা এটা কোম্পানীৰ ব’ৰ্ডৰ সদস্য। অথচ তেওঁৱেই আকৌ আইডিবিআই বেংক ফেয়াৰফেক্সক গতাই দিয়াৰ সিদ্ধান্তৰ অংশ!’
উল্লেখ্য যে আইডিবিআইৰ ৪৯ শতাংশ শ্বেয়াৰ এলআইচিৰ হাতত আছে। ফলত পোনপটীয়াকৈ ন্যস্ত স্বাৰ্থৰ সন্দেহৰ সৃষ্টি হৈছে। এই প্ৰশ্ন উত্থাপন হৈছে যে মোডী চৰকাৰে ভাবিছে যে টকাৰ পাহাৰত বহি থকা এল আই চিৰ দৰে ভাৰতীয় চৰকাৰী সংস্থা এটাই আই ডি বি আই পৰিচালনা কৰিব নোৱাৰিব। আৰু বিশ্বাস কৰিছে যে এটা বিদেশী কোম্পানীয়ে কামটো ভালকৈ কৰিব পাৰে!
ইতিমধ্যে আইডিবিআই বিষয়া সন্থাই আন্দোলন আৰম্ভ কৰিছে। ই এক বিবৃতি প্ৰকাশ কৰি কয় যে আমি আমাৰ পৰিয়ালক ৰাজপথলৈ উলিয়াই আনি প্ৰতিবাদ কৰিম। যোৱা এবছৰত শ্বেয়াৰৰ মূল্য গড়ে ৮৮.৫২ টাকা হোৱা বেংকটোক কিয় বিদেশী কোম্পানীক ৮১ শতাংশ মূল্যত বিক্ৰী কৰা হৈছে? মাজতে এই শ্বেয়াৰ মূল্য ৯৪ টকাও পাইছিলগৈ। তেন্তে চৰকাৰী বেংকটো ইমান কম দামত বিক্ৰী কৰাৰ আঁৰৰ কাৰণ কি? ৰাহুল গান্ধীয়ে আগতেই এই প্ৰশ্ন উত্থাপন কৰিছিল।
২০২২ চনত আইডিবিআই বেংকৰ লাভ আছিল ২৪৩৯ কোটি টকা, যিটো ২০২৫-২৬ বিত্তীয় বৰ্ষৰ শেষত ৯,৫১৩ কোটি টকা হয়। এই বেংকৰ মুঠ অস্থাৱৰ আৰু স্থাৱৰ সম্পত্তি সমগ্ৰ দেশতে বিয়পি আছে। তথাপিও মাত্ৰ ৫২ হাজাৰ কোটি টকাতে বেংক বিক্ৰী কৰাৰ সিদ্ধান্ত? ইয়াৰ প্ৰকৃত সম্পত্তিৰ মূল্য কেইবাগুণো বেছি। প্ৰশ্ন হয়, ফেয়াৰফেক্সক কিয় ইমান বিশেষ অনুগ্ৰহ দেখুওৱা হৈছে?





