উজনি অসমৰ শদিয়াত সোমবাৰে নিশা অহা এজাক প্ৰবল ধুমুহাই জনজীৱন বিপৰ্যস্ত কৰি তোলে। ধুমুহাৰ ফলত গছ-গছনি উভালি পৰাৰ লগতে কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হয়। এই দুৰ্যোগৰ মাজতে গছ বাগৰি পৰি শংকৰ শ্বাহ নামৰ এজন শ্ৰমিকৰ মৃত্যু ঘটে।
জানিব পৰা মতে, ঢলা অঞ্চলৰ বাসিন্দা শংকৰ শ্বাহ সোমবাৰে নিশা শদিয়াৰ মাৰোৱাৰী পট্টিত থকা সময়তে দুৰ্ঘটনাৰ সন্মুখীন হয়। ধুমুহাৰ প্ৰবল বতাহত এডাল প্ৰকাণ্ড গছ উভালি তেওঁৰ ওপৰত পৰাত ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়।
ইফালে, ধুমুহাৰ ফলত আন এডাল গছ উভালি শদিয়া-চাপাখোৱা সংযোগী ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পৰে। ইয়াৰ ফলত পথটোৰে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হয়। নিশাৰে পৰা আবদ্ধ হৈ পৰা বহু বাহন মঙলবাৰে পুৱালৈকে পথতে ৰৈ থাকিবলগীয়া হয়।
প্ৰচণ্ড বতাহৰ ফলত অঞ্চলটোৰ কেইবাটাও বাসগৃহৰো ক্ষতিসাধন হোৱাৰ লগতে বিদ্যুৎ যোগান ব্যৱস্থা ব্যাহত হয়। ইতিমধ্যে পথৰ ওপৰত বাগৰি পৰা গছ আঁতৰাই যাতায়াত ব্যৱস্থা পুনৰ সচল কৰাৰ বাবে কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে, ধুমুহাত হোৱা সামগ্ৰিক ক্ষয়-ক্ষতিৰ হিচাপ প্ৰস্তুতৰ কামো অব্যাহত আছে।





