• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পানীৰ টেংকীত মৃত বান্দৰ, অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2026 7:50 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (এইচি) ৭ নম্বৰ হোষ্টেলত খোৱাপানীৰ নামত শিক্ষাৰ্থীসকলে ব্যৱহাৰ কৰি অহা পানীৰ উৎসক লৈ সৃষ্টি হৈছে তীব্ৰ উদ্বেগ। হোষ্টেলটোৰ পানীৰ টেংকীৰ ভিতৰত উদ্ধাৰ হৈছে পচি যোৱা অৱস্থাত থকা এটা বান্দৰৰ মৃতদেহ। এই ঘটনাৰ পৰিণতিত ৫০ৰো অধিক শিক্ষাৰ্থী অসুস্থ হোৱা বুলি জানিব পৰা গৈছে।

হোষ্টেলৰ আৱাসী শিক্ষাৰ্থীসকলৰ ভাষ্য অনুসৰি, প্ৰায় সাত দিন ধৰি বান্দৰটোৰ মৃতদেহটো পানীৰ টেংকীৰ ভিতৰতে পৰি আছিল। অথচ এই টেংকীৰ পানী দৈনন্দিন প্ৰয়োজনৰ লগতে খাদ্য প্ৰস্তুত কৰাৰ কামতো ব্যৱহাৰ কৰি আহিছিল শিক্ষাৰ্থীসকলে। মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতহে পোহৰলৈ আহে পানীৰ উৎসটোৰ এনে ভয়ংকৰ অৱস্থা।

Apply Now

শিক্ষাৰ্থীসকলে অভিযোগ কৰা মতে, মৃত বান্দৰটোৰ সন্ধান পোৱাৰ কেইবাদিনো পূৰ্বৰে পৰা টেংকীৰ পানীৰ পৰা অসহ্যকৰ দুৰ্গন্ধ ওলাইছিল। তাৰ পাছতো পানীৰ ব্যৱহাৰ বন্ধ কৰা হোৱা নাছিল বুলি তেওঁলোকে অভিযোগ কৰিছে। হোষ্টেলৰ দৰে আৱাসিক শিক্ষানুষ্ঠানত পানীৰ টেংকী পৰিষ্কাৰ কৰা আৰু নিয়মীয়াকৈ পৰীক্ষা কৰাৰ ব্যৱস্থা কিমান সঠিকভাৱে চলি আছে, সেই লৈও প্ৰশ্ন উত্থাপন হৈছে।

ঘটনাটোৱে মহাবিদ্যালয়খনৰ আৱাসীসকলৰ মাজত আতংকৰ সৃষ্টি কৰাৰ লগতে হোষ্টেলৰ স্বাস্থ্যসন্মত পৰিৱেশ আৰু নিৰাপদ খোৱাপানীৰ ব্যৱস্থাক লৈ গুৰুতৰ উদ্বেগৰ সৃষ্টি কৰিছে। শিক্ষাৰ্থীসকলৰ অভিযোগ সঁচা হ‘লে, ই কেৱল ৰক্ষণাবেক্ষণৰ গাফিলতিৰ বিষয়েই নহয়, আৱাসীসকলৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতিও এক ডাঙৰ অৱহেলাৰ ইংগিত বহন কৰে।

অৱশ্যে, অসুস্থ শিক্ষাৰ্থীৰ প্ৰকৃত সংখ্যা, তেওঁলোকৰ শাৰীৰিক অসুস্থতাৰ কাৰণ আৰু পানীৰ নমুনা পৰীক্ষাৰ ফলাফল সম্পৰ্কে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই। একেদৰে এই ঘটনাক লৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় কৰ্তৃপক্ষৰ স্থিতিও স্পষ্ট হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ ৰোমাঞ্চকৰ যুঁজ, কেইবাখনো জিলাত ছেমি ফাইনেলৰ ফল ঘোষণা

৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ ৰোমাঞ্চকৰ যুঁজ, কেইবাখনো জিলাত ছেমি ফাইনেলৰ ফল ঘোষণা

November 3, 2026 8:22 pm
গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পানীৰ টেংকীত মৃত বান্দৰ, অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী

গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পানীৰ টেংকীত মৃত বান্দৰ, অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী

November 3, 2026 7:50 pm
শদিয়াত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ, গছ বাগৰি শ্ৰমিকৰ মৃত্যু, বন্ধ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

শদিয়াত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ, গছ বাগৰি শ্ৰমিকৰ মৃত্যু, বন্ধ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

November 3, 2026 6:50 pm
পাম্পড ষ্ট’ৰেজ প্ৰকল্প বাতিল, প্ৰণৱ দলেৰ মুক্তি আৰু সীমা বিবাদ নিষ্পত্তিৰ দাবীত বৈঠালাংছ’ত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

পাম্পড ষ্ট’ৰেজ প্ৰকল্প বাতিল, প্ৰণৱ দলেৰ মুক্তি আৰু সীমা বিবাদ নিষ্পত্তিৰ দাবীত বৈঠালাংছ’ত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

November 3, 2026 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ ৰোমাঞ্চকৰ যুঁজ, কেইবাখনো জিলাত ছেমি ফাইনেলৰ ফল ঘোষণা

৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ ৰোমাঞ্চকৰ যুঁজ, কেইবাখনো জিলাত ছেমি ফাইনেলৰ ফল ঘোষণা

November 3, 2026 8:22 pm
গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পানীৰ টেংকীত মৃত বান্দৰ, অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী

গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পানীৰ টেংকীত মৃত বান্দৰ, অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী

November 3, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd