‘ভোট চুৰি’ৰ অভিযোগ তুলি মুখথেকেচা খালে ইজৰাইলৰ বিদায়ী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। ইজৰাইলৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে যোৱা সপ্তাহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কোনো ধৰণৰ ভোট জালিয়াতি বা অনিয়ম সংঘটিত হোৱা নাই। নেতানিয়াহু আৰু তেওঁৰ সমৰ্থকসকলে কোনো প্ৰমাণ নোহোৱাকৈয়ে অভিযোগ উত্থাপন কৰিছিল যে আৰব-নেতৃত্বাধীন দলসমূহে বিদেশী শক্তিৰ সহায়ত নিৰ্বাচনত ‘ভোট চুৰি’ কৰিছে। অৱশ্যে নিৰ্বাচন আয়োগে এক বিবৃতিযোগে জনাইছে যে নিৰ্বাচনৰ স্বচ্ছতা বা ফলাফলত প্ৰভাৱ পেলাব পৰা কোনো ধৰণৰ অনিয়মৰ প্ৰমাণ পোৱা নাই।
নিৰ্বাচন সমিতিৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডীন লিভনে জনায় যে উত্থাপিত প্ৰতিটো অভিযোগৰে ব্যক্তিগতভাৱে আৰু পুংখানুপুঙ্খভাৱে তদন্ত কৰা হৈছে, কিন্তু নিৰ্বাচনী ফলাফল অবৈধ বুলি দাবী কৰা অভিযোগৰ কোনো ভিত্তি পোৱা নগ’ল। বেলট বক্সত ভোটাৰসকলে দিয়া জনাদেশ এই ফলাফলত সঠিকভাৱে প্ৰতিফলিত হৈছে বুলি উল্লেখ কৰি বুধবাৰে এই ফলাফলক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে, নিৰ্বাচনত বিদেশী হস্তক্ষেপৰ অভিযোগ সন্দৰ্ভত চোৰাংচোৱা সংস্থা ‘শ্বিন বেট’ (Shin Bet)-এ এক সুকীয়া তদন্ত অব্যাহত ৰাখিছে যদিও কোনো প্ৰমাণ অবিহনে আৰব দলৰ সাংসদসকলক জেৰা কৰিবলৈ এটৰ্নী জেনেৰেলে অনুমতি প্ৰদান কৰা নাই। আনহাতে, বিৰোধী নেতা গাডি আইজেনকটে নেতানিয়াহু আৰু তেওঁৰ লিকুড পাৰ্টীয়ে নিৰ্বাচনী ফলাফলৰ ওপৰত জনসাধাৰণৰ আস্থা হ্ৰাস কৰি দেশখনক এক বিপদজনক সাংবিধানিক সংকটৰ দিশে ঠেলি দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।
যোৱা ২৭ অক্টোবৰত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ চূড়ান্ত ফলাফল অনুসৰি, ইজৰাইলৰ ১২০খন আসনযুক্ত সংসদ ‘নেছেট’ (Knesset)-ত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ৬১খন আসনৰ মেজিক নম্বৰ কোনো এটা শিবিৰেই লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই নিৰ্বাচনত নেতানিয়াহুৰ ধৰ্মীয়-জাতীয়তাবাদী মিত্ৰজোঁটে পূৰ্বৰ ৬৮খন আসনৰ বিপৰীতে এইবাৰ মাত্ৰ ৫৩খন আসনহে লাভ কৰিছে, য’ত নেতানিয়াহুৰ লিকুড পাৰ্টীয়ে সৰ্বাধিক ২৭খন আসন পাইছে। ইয়াৰ বিপৰীতে নেতানিয়াহু বিৰোধী মিত্ৰজোঁটে ৪৮খন আসন আৰু আৰব-নেতৃত্বাধীন দলসমূহে উমৈহতীয়াভাৱে ১৯খন আসন লাভ কৰি ‘কিংমেকাৰ’ হিচাপে আত্মপ্ৰকাশ কৰিছে।
নিৰ্বাচনৰ আনুষ্ঠানিক ফলাফল লাভ কৰাৰ পাছত ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰজগে বুধবাৰ আৰু বৃহস্পতিবাৰে (৪ আৰু ৫ নৱেম্বৰত) সংসদলৈ নিৰ্বাচিত হোৱা প্ৰতিটো দলৰ সৈতে আলোচনাত মিলিত হ’ব। দুদিনীয়া এই আলোচনাৰ অন্তত ৰাষ্ট্ৰপতিগৰাকীয়ে নেতানিয়াহু অথবা তেওঁৰ মূল প্ৰতিদ্বন্দ্বী গাডি আইজেনকটৰ ভিতৰত যিগৰাকী নেতাই মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব পাৰিব বুলি বিবেচনা কৰে, তেওঁক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব।
ইতিমধ্যে মঙলবাৰে হাৰ্জলিয়াত অনুষ্ঠিত এখন বৈঠকত দেশখনৰ মূল বিৰোধী দলসমূহে নেতানিয়াহু চৰকাৰক শীঘ্ৰে ক্ষমতাচ্যুত কৰিবলৈ প্ৰাক্তন সেনা প্ৰধান তথা ‘য়াশাৰ’ (Yashar) দলৰ মুৰব্বী গাডি আইজেনকটক প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন জনাবলৈ একমত হৈছে। বিৰোধী শিবিৰে দেশখনত এখন ‘জাতীয় জৰুৰীকালীন চৰকাৰ’ গঠন কৰিব বিচাৰিছে। অৱশ্যে চৰকাৰ গঠনৰ বাবে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা আৰব-নেতৃত্বাধীন দলসমূহৰ সৈতে মিত্ৰতা কৰাক লৈ বিৰোধী শিবিৰৰ মাজত এতিয়াও মতানৈক্য অব্যাহত আছে। বিৰোধী নেতা য়াইৰ গোলানে আৰব দলসমূহৰ সৈতে মিত্ৰতাক সমৰ্থন জনোৱাৰ বিপৰীতে এভিগডৰ লিবাৰমেনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। যদিহে নেতানিয়াহু বা আইজেনকটৰ কোনো এগৰাকীয়েই মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম নহয়, তেন্তে অহা বছৰৰ আৰম্ভণিতে ইজৰাইলত পুনৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।





