ৰাজ্যজুৰি ভুৱা চিকিৎসকৰ বিৰুদ্ধে বৃহৎ অভিযান চলালে গুজৰাটৰ স্বাস্থ্য বিভাগ আৰু আৰক্ষীয়ে। বিগত ১৫ দিন ধৰি চলোৱা এই অভিযানত ৩৮ জন ভুৱা চিকিৎসকক চিনাক্ত কৰিছে প্ৰশাসনে। ইয়াৰে ৩৫ জনৰ বিৰুদ্ধে ইতিমধ্যে ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ২৯৮টা বিশেষ দল গঠন কৰি এই অভিযান চলাইছে স্বাস্থ্য বিভাগ, আৰক্ষী, ক্ৰাইম ব্ৰাঞ্চ আৰু এছ অ’ জিয়ে। ৰাজ্যখনৰ চুৰাট, ৰাজকোটকে ধৰি বিভিন্ন জিলাত ভাগে ভাগে নিয়োজিত কৰা হৈছিল এই দলসমূহ। অঞ্চলসমূহত আকস্মিক তালাচী চলাই ভুৱা চিকিৎসকৰ সন্ধান উলিওৱা হয়।
এই অভিযানত ৰাজকোটৰ পৰা সৰ্বাধিক ১৭ জন ভুৱা চিকিৎসকক চিনাক্ত কৰা হৈছে। ইয়াৰ উপৰি চুৰাটৰ পৰা ৯ জন, গিৰ ছোমনাথৰ পৰা ৩ জন, সুৰেন্দ্ৰনগৰৰ পৰা ২ জন আৰু আন জিলাসমূহৰ পৰা এজনকৈ ভুৱা চিকিৎসক ধৰা পৰিছে। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী প্ৰফুল্ল পনছেৰিয়াই অভিযানৰ এই তথ্য প্ৰকাশ কৰিছে।
ইফালে, চৰকাৰী অভিযানৰ বিষয়ে আগতীয়াকৈ জানিব পাৰি একাংশ ভুৱা চিকিৎসকে নিজৰ ক্লিনিক বন্ধ কৰি পলায়ন কৰে। পলাতক চিকিৎসকসকলৰ সন্ধানত আৰক্ষী আৰু স্বাস্থ্য বিভাগে অভিযান অব্যাহত ৰাখিছে।
স্বাস্থ্যমন্ত্ৰী প্ৰফুল্ল পনছেৰিয়াই স্পষ্ট কৰি দিছে যে উৎসৱৰ বতৰ শেষ হোৱাৰ পাছত ৰাজ্যখনত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰ কৰি তোলা হ’ব। সাধাৰণ মানুহৰ জীৱনক লৈ যাতে কোনো ভুৱা চিকিৎসকে হেতালি খেলিব নোৱাৰে, তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ জানিবলৈ দিয়ে।
নাগৰিকসকলক চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰৰ বিনামূলীয়া চিকিৎসা, ঔষধ আৰু পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে পৰ্যাপ্ত চিকিৎসা অৰ্হতা নথকা লোকৰ ওচৰত চিকিৎসা গ্ৰহণ কৰিলে ৰোগীৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হোৱাৰ লগতে জীৱনৰ প্ৰতিও ভাবুকি আহিব পাৰে। কোনো অঞ্চলত ভুৱা চিকিৎসকৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানা, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (PHC), সামূহিক স্বাস্থ্যকেন্দ্ৰ (CHC) অথবা এছ অ’ জিক অৱগত কৰিবলৈও নাগৰিকসকলক আহ্বান জনাইছে তেওঁ।
কেৱল অভিযান চলোৱাতে সীমাবদ্ধ নাথাকি ভৱিষ্যতে ভুৱা চিকিৎসকৰ বেহা বন্ধ কৰিবলৈ জিলা পৰ্যায়তো বিশেষ সমিতি গঠনৰ সিদ্ধান্ত লৈছে গুজৰাট চৰকাৰে। এই সমিতিসমূহত থাকিব তালুকা স্বাস্থ্য বিষয়া, স্থানীয় আৰক্ষী, স্বাস্থ্য পৰিদৰ্শক আৰু গাঁৱৰ তালাটি-কম-মন্ত্ৰীসকল। সমিতিসমূহে নিজ নিজ অঞ্চলৰ তথ্য সংগ্ৰহ কৰি ভুৱা চিকিৎসক চিনাক্ত কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত প্ৰশাসনক সহায় কৰিব।





