• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ফুটবলৰ খেলপথাৰত কুৰুক্ষেত্ৰ যুদ্ধ! এখন মেচতে ৫১গৰাকীক লাল কাৰ্ড ৰেফাৰীৰ, আৰ্জেণ্টিনাৰ বিশ্ব অভিলেখ ভংগ ব্ৰাজিলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2026 12:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবলৰ খেলপথাৰ নে ৰণক্ষেত্ৰ? এখন খেলতে ৫১গৰাকী খেলুৱৈ আৰু দলীয় কৰ্মচাৰীক ৰঙা কাৰ্ড দেখুৱাবলগীয়া হ’ল ৰেফাৰীয়ে। ব্ৰাজিলৰ এখন যুৱ ফুটবল প্ৰতিযোগিতাত সংঘটিত এই আজৱ ঘটনাই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে। কেৱল ৰঙা কাৰ্ড দেখুওৱাই নহয়, খেলপথাৰৰ বাহিৰতো দুটা দলৰ সমৰ্থক আৰু খেলুৱৈৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ইয়াৰ লগে লগে পূৰ্বৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িলে ব্ৰাজিলে।

মিনাছ জেৰাইছৰ অনূৰ্ধ্ব-২০ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলৰ প্ৰথমখন খেলত মুখামুখি হৈছিল উবেৰলাণ্ডিয়া আৰু মামোৰে। দ্বিতীয়াৰ্ধত তেতিয়া ৩-১ গ’লৰ ব্যৱধানত আগবাঢ়ি আছিল মামোৰে। এটা গ’ল দিয়াৰ পাছতে প্ৰতিপক্ষৰ খেলুৱৈৰ ফালে চাই ব্যংগাত্মক ভংগিমা প্ৰদৰ্শন কৰে মামোৰেৰ ফুটবলাৰ দাভিৰে। ইয়াকে লৈ দুয়োটা দলৰ মাজত আৰম্ভ হয় বাক-বিতণ্ডা।

Apply Now

পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে উবেৰলাণ্ডিয়াৰ গ’লৰক্ষক প্ৰশিক্ষক পাওলো ছাৰ্জিঅ’ দিয়াছ দছ ছান্টোছে। তেওঁ পোনে পোনে খেলপথাৰলৈ গৈ দাভিৰৰ চোলাত ধৰি টনা-আজোৰা কৰে। ইয়াৰ পাছতে দুয়োটা দলৰ খেলুৱৈৰ মাজত আৰম্ভ হয় প্ৰচণ্ড মাৰপিট। লাথি-ঘোচাৰে পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে খেলখন ফুটবলৰ খেলপথাৰৰ পৰিৱৰ্তে ৰণক্ষেত্ৰত পৰিণত হয়।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ ৰেফাৰী ফাৰ্নাণ্ডো পেট্ৰিক দ্ৰোছগিচ মোদেস্তোৱে ইজনৰ পাছত সিজন খেলুৱৈক ৰঙা কাৰ্ড দেখুৱাবলৈ বাধ্য হয়। মুঠ ৪৩গৰাকী ফুটবলাৰ আৰু ৮গৰাকী দলীয় কৰ্মচাৰীক ৰঙা কাৰ্ড দেখুওৱা হয়। ইয়াৰ পূৰ্বেই খেলৰ সময়ত আন তিনিগৰাকী খেলুৱৈয়ে খেলপথাৰ ত্যাগ কৰিছিল। এইদৰে এখন খেলতে ৫১গৰাকীক ৰঙা কাৰ্ড দেখুওৱাৰ ঘটনাই ফুটবলৰ ইতিহাসত নতুন অভিলেখ গঢ়ে।

এই ঘটনাৰ জৰিয়তে চিৰপ্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনাৰ পূৰ্বৰ অভিলেখো ভংগ কৰিলে ব্ৰাজিলে। ২০১১ চনত আৰ্জেণ্টিনাৰ পঞ্চম বিভাগৰ এখন ফুটবল খেলত মুঠ ৩৬গৰাকী খেলুৱৈক ৰঙা কাৰ্ড দেখুওৱা হৈছিল। ইমানদিনে এইটোৱেই আছিল এখন খেলত সৰ্বাধিক ৰঙা কাৰ্ড দেখুওৱাৰ অভিলেখ। কিন্তু ব্ৰাজিলৰ এই ঘটনাই সেই অভিলেখো অতিক্ৰম কৰিলে।

কেৱল খেলপথাৰতে মাৰপিটৰ ঘটনা সীমাবদ্ধ নাথাকিল। খেলপথাৰৰ গেলাৰী, শৌচাগাৰ আৰু খেলুৱৈৰ সাজ-পোছাক সলোৱা কোঠাতো ব্যাপক ভাঙি-ছিঙি কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৱশেষত সামৰিক আৰক্ষীক মাতিবলগীয়া হয়। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, ঘটনাত ১৪খন দুৱাৰ, শ্বাৱাৰ, খিৰিকীৰ আইনাৰ লগতে অসংখ্য চকী-মেজ ভাঙি-ছিঙি পেলোৱা হয়। প্ৰায় ৪০ মিনিট ধৰি খেল বন্ধ হৈ থকাৰ পাছত অৱশেষত খেলখন পৰিত্যক্ত ঘোষণা কৰিবলৈ বাধ্য হয় ৰেফাৰী।

ইফালে, খেলখনৰ পাছত আন এক আজৱ পৰিস্থিতিৰ সৃষ্টি হয়। ৫১গৰাকীক ৰঙা কাৰ্ড দেখুওৱাৰ ফলত দ্বিতীয়খন খেলত অংশগ্ৰহণ কৰিবলৈ মামোৰেৰ দলত মাত্ৰ ৭গৰাকী ফুটবলাৰহে বাকী থাকে। এনে পৰিস্থিতিত উবেৰলাণ্ডিয়াই এক আচৰিত সিদ্ধান্ত গ্ৰহণ কৰে। ‘ফেয়াৰ প্লে’ৰ নিদৰ্শন দাঙি ধৰাৰ কথা কৈ দলটোৱে ছেমি ফাইনেলৰ দ্বিতীয়খন খেলৰ পৰা আঁতৰি যোৱাৰ ঘোষণা কৰে।

ইয়াৰ ফলত কোনো খেল নেখেলাকৈয়ে ফাইনেলত স্থান নিশ্চিত হয় মামোৰেৰ। আনহাতে, উবেৰলাণ্ডিয়াই তৃতীয় স্থানৰ বাবে খেলিবলগীয়া হ’ব। খেলপথাৰত প্ৰচণ্ড মাৰপিটৰ পাছত উবেৰলাণ্ডিয়াৰ এনে ‘ফেয়াৰ প্লে’ৰ সিদ্ধান্তই এতিয়া ফুটবলপ্ৰেমীৰ মাজত সৃষ্টি কৰিছে ব্যাপক চৰ্চা। বিশ্ব ফুটবলৰ ইতিহাসত এই ঘটনা বহুদিনলৈ চৰ্চিত হৈ থকাটো নিশ্চিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ খেলপথাৰত কুৰুক্ষেত্ৰ যুদ্ধ! এখন মেচতে ৫১গৰাকীক লাল কাৰ্ড ৰেফাৰীৰ, আৰ্জেণ্টিনাৰ বিশ্ব অভিলেখ ভংগ ব্ৰাজিলৰ

ফুটবলৰ খেলপথাৰত কুৰুক্ষেত্ৰ যুদ্ধ! এখন মেচতে ৫১গৰাকীক লাল কাৰ্ড ৰেফাৰীৰ, আৰ্জেণ্টিনাৰ বিশ্ব অভিলেখ ভংগ ব্ৰাজিলৰ

November 5, 2026 12:50 pm
কনিষ্ঠক ৰেগিং কৰি বিপদত জ্যেষ্ঠ ছাত্ৰ: এমবিবিএছৰ ১৪ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীক নিলম্বন কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই

কনিষ্ঠক ৰেগিং কৰি বিপদত জ্যেষ্ঠ ছাত্ৰ: এমবিবিএছৰ ১৪ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীক নিলম্বন কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই

November 5, 2026 12:29 pm
উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত অত্যাচাৰ! লিডুৰ ঝৰ্ণা বস্তিত ভূমিস্খলনৰ আশংকা, বিপদত স্থানীয় ৰাইজ

উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত অত্যাচাৰ! লিডুৰ ঝৰ্ণা বস্তিত ভূমিস্খলনৰ আশংকা, বিপদত স্থানীয় ৰাইজ

November 5, 2026 12:16 pm
ভাৰতৰ জাহাজৰ বাবে হৰমুজ প্ৰণালী খুলি দিলে ইৰানে! এতিয়া কমিবনে খাৰুৱা তেলৰ দাম?

ভাৰতৰ জাহাজৰ বাবে হৰমুজ প্ৰণালী খুলি দিলে ইৰানে! এতিয়া কমিবনে খাৰুৱা তেলৰ দাম?

November 5, 2026 11:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ খেলপথাৰত কুৰুক্ষেত্ৰ যুদ্ধ! এখন মেচতে ৫১গৰাকীক লাল কাৰ্ড ৰেফাৰীৰ, আৰ্জেণ্টিনাৰ বিশ্ব অভিলেখ ভংগ ব্ৰাজিলৰ

ফুটবলৰ খেলপথাৰত কুৰুক্ষেত্ৰ যুদ্ধ! এখন মেচতে ৫১গৰাকীক লাল কাৰ্ড ৰেফাৰীৰ, আৰ্জেণ্টিনাৰ বিশ্ব অভিলেখ ভংগ ব্ৰাজিলৰ

November 5, 2026 12:50 pm
কনিষ্ঠক ৰেগিং কৰি বিপদত জ্যেষ্ঠ ছাত্ৰ: এমবিবিএছৰ ১৪ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীক নিলম্বন কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই

কনিষ্ঠক ৰেগিং কৰি বিপদত জ্যেষ্ঠ ছাত্ৰ: এমবিবিএছৰ ১৪ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীক নিলম্বন কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই

November 5, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd