খেলা-ধূলা কৰাৰ পিছত স্বাভাৱিকভাৱে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল। সহপাঠীসকলৰ সন্মুখতে মৰ্মান্তিক পৰিণতি ঘটিল ৯ বছৰ বয়সীয়া এগৰাকী ছাত্ৰীৰ। স্কুলৰ শ্ৰেণীকোঠাতে চেতনা হেৰুৱাই ঢলি পৰে। ঘটনাস্থলীতে তাইৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলায়।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, বুধবাৰে পুৱা দিল্লীৰ ময়ুৰ বিহাৰ ফেজ-টুৰ লাভলী হেৰিটেজ স্কুলত সংঘটিত হৈছে এই ঘটনা। গেম পিৰিয়ডৰ পিছত শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ লগে লগে ছাত্ৰীগৰাকীয়ে মৃত্যুৰ কোলাত ঢলি পৰে। ঘটনাটোৱে কেৱল সহপাঠীকে নহয় শিক্ষকসকলকো স্তম্ভিত কৰি তুলিছে।
চিচিটিভি ফুটেজত দেখা গৈছে যে খেলৰ সময় শেষ হোৱাৰ লগে লগে শ্ৰেণীকোঠাত সোমাই ছাত্ৰীগৰাকীয়ে কঁকালত হাত থৈ কিছু সময় ৰৈছিল। কেইছেকেণ্ডমানৰ ভিতৰতে তাই শ্ৰেণীকোঠাৰ মজিয়াত মুখথেকেচা খাই পৰি যায়। লগে লগে তাইৰ সহপাঠীসকলে দৌৰি ওচৰলৈ আহে। আনকি শিক্ষকেও লৰালৰিকৈ ছোৱালীজনীৰ ওচৰলৈ গৈ তাইৰ মুখত পানী ছটিয়াই দি মাত দিয়ে। কিন্তু তাই কোনো সঁহাৰি নিদিলে।
বিদ্যালয়ৰ কৰ্মচাৰীয়ে ততাতৈয়াকৈ ছোৱালীজনীক স্থানীয় চিকিৎসালয়লৈ লৈ যায়। কিন্তু তাত তাইক ভৰ্তি নকৰালে। তাৰ পিছত তাইক নিৰ্মাণ বিহাৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে চিকিৎসকে ছোৱালীজনীক মৃত বুলি ঘোষণা কৰে।
ইতিমধ্যে বিদ্যালয়খনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বিদ্যালয়ৰ শিক্ষকসকলৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে। আনকি সহপাঠীসকলকো প্ৰশ্ন কৰা হৈছে। ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। চিকিৎসকৰ প্ৰাৰম্ভিক অনুমান অনুসৰি হাৰ্ট এটেক বা কাৰ্ডিয়াক এৰেষ্টৰ বাবে ছোৱালীজনীৰ মৃত্যু হ’ব পাৰে। কিন্তু মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে জানিব পৰা যাব।
এনেধৰণৰ আন এক ঘটনা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হৈছিল। বিদ্যালয়ৰ চৌহদত খেলি থাকোঁতে বাগৰি পৰে এগৰাকী ছোৱালী। ইয়াৰ ভয়াৱহ পৰিণতি কোনেও কল্পনা কৰা নাছিল। বিদ্যালয়ৰ চৌহদত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় এগৰাকী ৯ বছৰীয়া ছাত্ৰীৰ। সেই ঘটনাতো সকলোৱে স্তম্ভিত হৈ পৰিছিল।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছিল ৰাজস্থানত। আৰক্ষীয়ে জনোৱা মতে, এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছিল গোটানৰ এখন ব্যক্তিগত বিদ্যালয়ত। নাবালিকা পঞ্চম শ্ৰেণীৰ ছাত্ৰী আছিল।২৩ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৭:৩০ বজাত এই ঘটনা সংঘটিত হৈছিল।তেতিয়াও স্কুলৰ প্ৰাৰ্থনা আৰম্ভ হোৱা নাছিল। তাৰ আগতে এদল ছাত্ৰ-ছাত্ৰীয়ে খেলপথাৰত খেলি আছিল।
ছোৱালীজনীয়েও সহপাঠীৰ লগত খেলি আছিল। তাইৰ হঠাৎ বুকুৰ বিষ অনুভৱ হ’ল। শৰীৰৰ অস্বস্তি বাঢ়ি অহাৰ লগে লগে তাই চেতনা হেৰুৱাই স্কুলৰ পথাৰত ঢলি পৰিল। স্কুলৰ কৰ্মচাৰীয়ে ততাতয়াকৈ উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয় পোৱাৰ পাছতে চিকিৎসকে তাইক মৃত বুলি ঘোষণা কৰে।
#Delhi #BigBreakingNews
A 9-year-old girl, Class III student of Lovely Public School, Mayur Vihar, the child had reportedly been brought to Malik Redix Health Care, Nirman Vihar where she was declared brought dead. During the preliminary enquiry, CCTV footage of the class was examined, which reportedly shows the girl suddenly collapsing. Further enquiry is underway to ascertain the exact circumstances of the incident— Advocate Ms Alvi (@Umm_e_Meeran) November 4, 2026
পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ অনুমতি নিদিলে। আৰক্ষীৰ হস্তক্ষেপৰ পূৰ্বে নাবালিকাৰ শেষ কৃত্য সম্পন্ন কৰা হয়। পৰিয়ালটোৱে লগতে জনাইছিল যে ঠিক চাৰি মাহৰ পূৰ্বে নাবালিকাগৰাকীৰ ককায়েকৰো একেদৰেই হাৰ্ট এটেকত মৃত্যু হৈছিল। বিগত বৰ্ষৰ ৯ ছেপ্টেম্বৰত মৃত নাবালিকাৰ ককায়েকে ঘৰত খেলি থকাৰ সময়তে চেতনা হেৰুৱাই ঢলি পৰে। চিকিৎসালয়লৈ নিয়াৰ পিছত গম পোৱা গৈছিল যে তেওঁৰ হাৰ্ট এটেকত মৃত্যু হৈছে।





