• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছিয়াং বান্ধৰ বিৰুদ্ধে গৰজি উঠিল অৰুণাচলৰ কৰ্মী কেটন ময়ং; চৰকাৰৰ যুক্তিক প্ৰত্যাহ্বান জনাই কি ক’লে আদি নেতাগৰাকীয়ে?

ময়ঙে ছিয়াঙত বান্ধৰ বিৰোধিতাক আদি জনসাধাৰণৰ দশক দশকজোৰা সংগ্ৰাম বুলি অভিহিত কৰে যিটোক তেওঁ কৰ্পোৰেট, ব্যৱসায়িক স্বাৰ্থ আৰু ৰাজনৈতিক দলসমূহে খিলঞ্জীয়া পূৰ্বপুৰুষৰ ভূমি নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা বুলি অভিযোগ কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2026 11:10 am
অৰুণাচলৰ আদি কৰ্মী তথা অভিযন্তা কেটন ময়ং। ফটো সৌজন্যঃ ইউটিউব।

অৰুণাচলৰ আদি কৰ্মী তথা অভিযন্তা কেটন ময়ং। ফটো সৌজন্যঃ ইউটিউব।

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয়ভাৱে ‘আবৰ মেন’ নামেৰে পৰিচিত আদি কৰ্মী তথা অভিযন্তা কেটন ময়ঙে প্ৰস্তাৱিত ছিয়াং উজনি বহুমুখী প্ৰকল্প (SUMP)ৰ বাবে কেন্দ্ৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ যুক্তিক প্ৰত্যাহ্বান জনাই কয় যে খিলঞ্জীয়া জনগোষ্ঠীয়ে দশক দশক ধৰি ছিয়াং নদীত বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰি আহিছে আৰু প্ৰকল্পটো মানি নলয়।

ৰাজনীতিবিদ আৰু বিষয়াসকলে স্থানীয় জনগোষ্ঠীৰ সৈতে পৰামৰ্শ নকৰাকৈয়ে খিলঞ্জীয়া ভূমি আৰু নদী সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰি ময়ঙে কয় যে আমি ৪৭ বছৰ ধৰি চিয়াং বান্ধ নাকচ কৰি আহিছো।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক পোনপটীয়াকৈ সম্বোধন কৰি ময়ঙে এই প্ৰকল্প সন্দৰ্ভত আলোচনা যথেষ্ট দিনৰ পৰা চলি আহিছে বুলি উল্লেখ কৰি পুনৰ কয় যে ৰাইজে ছিয়াং নদীত বান্ধ এটা মানি নলয়।

Apply Now

তেওঁ কয়, ‘পেমা খাণ্ডু, আলোচনাৰ সময় শেষ হ’ল। নদীবান্ধ নহয় মানে নদীবান্ধ নহয়। সৰু সৰু উপনৈত বান্ধ সাজিলে আমাৰ ৰাইজে আপোনাক সহায় কৰিব।কিন্তু ছিয়াঙত বান্ধ সাজিব বিচাৰিলে আদিসকলক নিঃশেষ কৰিব লাগিব।’

কেন্দ্ৰ আৰু বিজেপি নেতৃত্বাধীন অৰুণাচল প্ৰদেশ চৰকাৰে যুক্তি আগবঢ়াইছে যে চীনৰ আপষ্ট্ৰিম জলবিদ্যুৎ উন্নয়নৰ সম্ভাৱ্য ডাউনষ্ট্ৰিম প্ৰভাৱ তিব্বতৰ ইয়াৰলুং ছাংপোত বিশেষকৈ ৬০ গিগাৱাট (জিডব্লিউ) মেডগ জলবিদ্যুৎ প্ৰকল্পক প্ৰতিহত কৰিবলৈ এই প্ৰস্তাৱিত প্ৰকল্পটো প্ৰয়োজনীয়।

ময়ঙে অৱশ্যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ যুক্তিটোক “মিছা বাকধাৰা” বুলি অভিহিত কৰি খিলঞ্জীয়া জনগোষ্ঠীৰ সন্মতি অবিহনে বান্ধ নিৰ্মাণৰ ন্যায্যতা প্ৰদান কৰিব নোৱাৰে বুলি কয়। তেওঁ কয় যে আদি জনসাধাৰণে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অঞ্চলটোৰ সীমান্ত সুৰক্ষিত কৰি আহিছে আৰু তেওঁলোকৰ উদ্বেগক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ যুক্তিৰ তুলনাত কিয় গৌণ বুলি গণ্য কৰা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে।

তেওঁ কয়, ‘১৯৪৭ চনত ভাৰত আৰু ১৯৪৯ চনত চীনৰ জন্ম হৈছিল। তাৰ বহু আগতেই আমি ইয়াত বাস কৰি আহিছো।’

ময়ঙে ছিয়াঙত বান্ধৰ বিৰোধিতাক আদি জনসাধাৰণৰ দশক দশকজোৰা সংগ্ৰাম বুলি অভিহিত কৰে যিটোক তেওঁ কৰ্পোৰেট, ব্যৱসায়িক স্বাৰ্থ আৰু ৰাজনৈতিক দলসমূহে খিলঞ্জীয়া পূৰ্বপুৰুষৰ ভূমি নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা বুলি অভিযোগ কৰে।

তেওঁ কেন্দ্ৰ আৰু অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ আৰু বিজেপি চৰকাৰে একেৰাহে স্থানীয় জনগোষ্ঠীৰ উদ্বেগক পৰ্যাপ্তভাৱে বিবেচনা নকৰাকৈ জলবিদ্যুৎ প্ৰকল্প আগবঢ়াই নিয়াৰ অভিযোগ উত্থাপন কৰে।

জলবিদ্যুতৰ স্বাৰ্থই ৰাজনৈতিক সিদ্ধান্তত প্ৰভাৱ পেলোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ অভিযোগ কৰে যে, ‘তেওঁলোকে ম্যানমাৰৰ পৰা ভূটানলৈকে সকলো নদী বিক্ৰী কৰিছে।‘

তেওঁ কয়, “ৰাজনৈতিক দলসমূহক ধনৰ প্ৰয়োজন। ধন প্ৰকল্পৰ পৰা আহে, আৰু বৃহৎ ধন মেগা প্ৰকল্পৰ পৰা আহে।’

ময়ঙে দাবী কৰে যে ছিয়াঙত বান্ধ নিৰ্মাণৰ চৰকাৰৰ ন্যায্যতা বছৰ বছৰ ধৰি বাৰে বাৰে সলনি হৈ আহিছে। তেওঁ কয় যে সম্প্ৰদায়টোৰ পৰম্পৰাগত পৰিষদে ১৯৭৯ চনত পূৰ্বৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল, যেতিয়া এই প্ৰকল্পটোক বান প্ৰশমনৰ ব্যৱস্থা হিচাপে উপস্থাপন কৰা হৈছিল।

সম্প্ৰদায়টোৰ স্থিতি স্মৰণ কৰি তেওঁ কয়, প্ৰকল্পটোক “এক ইঞ্চিও মাটি বা এটোপাল পানীও” দিয়া নহ’ব।

পৰিকল্পিত ছিয়াং উজনি পৰ্যায়-১ আৰু পৰ্যায়-২ প্ৰকল্পক একত্ৰিত কৰি একক ষ্ট’ৰেজ প্ৰকল্প হিচাপে ২০১৭ চনত চৰকাৰী নীতি নিৰ্দ্ধাৰণকাৰী নিটি আয়োগে প্ৰস্তাৱ দিয়াৰ পিছত বৰ্তমানৰ বহুমুখী প্ৰকল্পটো গঢ় লৈ উঠিছিল।

ময়ঙে কয়, ‘আমাৰ মানুহবোৰ শিক্ষিত আছিল আৰু চৰকাৰৰ একেধৰণৰ কৌশলত অভ্যস্ত আছিল। সেয়েহে আমি ইয়াক অস্বীকাৰ কৰিছিলোঁ। ছিয়াং বান্ধৰ ইতিহাস নতুন নহয়; ই ৪৭ বছৰ পুৰণি।

তেওঁ খাণ্ডুক সম্প্ৰদায়টোৰ বিৰোধিতাক গ্ৰহণ নকৰাৰ বাবেও সমালোচনা কৰি পুনৰ কয় যে সৰু সৰু উপনৈত বান্ধ নিৰ্মাণ কৰিব পাৰি কিন্তু মূল নদীত নহয়।

চীনৰ আপষ্ট্ৰিম জলবিদ্যুৎ প্ৰকল্প আৰু পানীক কৌশলগত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনাক লৈ চৰকাৰৰ উদ্বেগে প্ৰস্তাৱিত বান্ধটোক ন্যায্যতা প্ৰদান নকৰে বুলি ময়ঙে কয়। তেওঁ পৰামৰ্শ দিয়ে যে যদি চৰকাৰে চীনৰ কাৰ্যকলাপৰ প্ৰতি চিন্তিত, তেন্তে খিলঞ্জীয়া জনগোষ্ঠীসমূহক প্ৰকল্পটো গ্ৰহণ কৰিবলৈ হেঁচা দিয়াতকৈ পোনপটীয়াকৈ বেইজিঙৰ সৈতে এই বিষয়টো উত্থাপন কৰিব লাগে।

তেওঁ কয়, ‘যদি চৰকাৰ সঁচাকৈয়ে চিন্তিত, তেন্তে খিলঞ্জীয়া জনগোষ্ঠীক হেঁচা দিয়াতকৈ ইয়াৰ বিষয়াসকলে বিষয়টো বেইজিঙলৈ লৈ যোৱা উচিত।’

তেওঁ লগতে কয়, ‘আপুনি কেৱল কমিচন সংগ্ৰহ কৰিবলৈহে ইয়াত নাই, আপোনাক ভোট দিয়া আপোনাৰ লোকসকলৰ প্ৰতিও আপোনাৰ কৰ্তব্য আছে।‘

ৰাজ্য চৰকাৰে কৌশলগত ভিত্তিত প্রস্তাৱিত প্রকল্পটোৰ পক্ষ লৈছে৷ খাণ্ডুৱে স্থানীয় জনগোষ্ঠীৰ লগত পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তাও স্বীকাৰ কৰিছে।

খাণ্ডুৱে কয়, ‘শেষত ই এটা ৰাষ্ট্ৰীয় প্ৰকল্প, কিন্তু জনসাধাৰণেই মালিক। ই মাটিৰ মালিক। তেওঁলোকক লগত লোৱাটো অতি গুৰুত্বপূৰ্ণ।

ময়ঙে চীন আৰু ম্যানমাৰৰ সৈতে সীমান্ত বাণিজ্যৰ ওপৰত নিষেধাজ্ঞাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি কয় যে অসমৰ মাজেৰে যোৱা পথৰ ওপৰত নিৰ্ভৰশীলতাই অঞ্চলটোক ব্যাঘাতৰ সন্মুখীন হ’বলগীয়া কৰি তুলিছে।

তেওঁ কয়,“আপুনি যদি সঁচাকৈয়ে উন্নয়ন বিচাৰে তেন্তে আমাক ব্যৱসায় কৰিবলৈ অনুমতি দিয়ক। গুজৰাট আৰু উত্তৰ প্ৰদেশৰ পৰা কিয় সামগ্ৰী কিনিব লাগে?” ময়ঙে উত্তৰত তিব্বত, দক্ষিণৰ আহোম ৰাজ্য আৰু ইংৰাজকে ধৰি বাহিৰৰ শক্তিক প্ৰতিহত কৰাৰ অৰুণাচল প্ৰদেশৰ ইতিহাসৰ কথা উল্লেখ কৰে। তেওঁ কয় যে স্থানীয় জনগোষ্ঠীসমূহে ধনু, কাঁড় আৰু বন্দুকৰ সহায়ত একেৰাহে আক্ৰমণক প্ৰতিহত কৰিছে।

‘ভাৰত, আপুনি বেলেগ আছিল। আপোনালোকে ১৯৫০ চনত আমাৰ ওচৰলৈ কিতাপ আৰু ঔষধ লৈ আহিছিল। সেই কথাটো আমি হাতযোৰ কৰি সন্মান কৰিছিলো, আৰু আজি আমি ভাৰতীয় নাগৰিক।’

অৱশ্যে তেওঁ সকীয়াই দিয়ে  যে সম্প্ৰদায়টোৰ সদিচ্ছাৰ সীমা আছে, চৰকাৰে নিজৰ জনসাধাৰণৰ ইচ্ছাতকৈ অঞ্চলটোৰ সম্পদক অগ্ৰাধিকাৰ দিয়াৰো অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, ‘যদি আপুনি বন্দুক আৰু সেনাবাহিনী লৈ আহে, তেন্তে আমি তেনেকৈয়ে প্ৰত্যুত্তৰ দিম… সীমা স্পষ্ট কৰি ৰাখক।’

তেওঁ লগতে কয় যে ছিয়াং উপত্যকাত নিৰাপত্তা বাহিনী নিয়োগ কৰি ৰাইজক ভয় খুৱাব নোৱাৰিব।

২০২৫ চনৰ ২৪ ছেপ্টেম্বৰত লেহত প্ৰতিবাদৰ সময়ত আৰক্ষীৰ গুলীচালনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ ফলত লাডাখ আৰক্ষীৰ নেতৃত্ব দিয়া অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান শিৱ দৰ্শন সিং জামৱালৰ নিযুক্তিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। ২০২৬ চনৰ জানুৱাৰী মাহত জামৱালক অৰুণাচল প্ৰদেশলৈ বদলি হোৱাৰ কথা ঘোষণা কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেঙাখাতৰ অইল ইণ্ডিয়াৰ টেংকত বৃহৎ অগ্নিকাণ্ড-বিস্ফোৰণ; গুৰুতৰভাৱে আহত কেইবাজনো কৰ্মী, এজন সন্ধানহীন

টেঙাখাতৰ অইল ইণ্ডিয়াৰ টেংকত বৃহৎ অগ্নিকাণ্ড-বিস্ফোৰণ; গুৰুতৰভাৱে আহত কেইবাজনো কৰ্মী, এজন সন্ধানহীন

November 6, 2026 12:00 pm
ছিয়াং বান্ধৰ বিৰুদ্ধে গৰজি উঠিল অৰুণাচলৰ কৰ্মী কেটন ময়ং; চৰকাৰৰ যুক্তিক প্ৰত্যাহ্বান জনাই কি ক’লে আদি নেতাগৰাকীয়ে?

ছিয়াং বান্ধৰ বিৰুদ্ধে গৰজি উঠিল অৰুণাচলৰ কৰ্মী কেটন ময়ং; চৰকাৰৰ যুক্তিক প্ৰত্যাহ্বান জনাই কি ক’লে আদি নেতাগৰাকীয়ে?

November 6, 2026 11:10 am
প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন নকৰে মিত্ৰজোঁটৰ দল ইউটিজে; ক্ষমতাৰ ৰাজনীতিত আৰু সংকটত নেতানিয়াহু

প্ৰধানমন্ত্ৰী হিচাপে সমৰ্থন নকৰে মিত্ৰজোঁটৰ দল ইউটিজে; ক্ষমতাৰ ৰাজনীতিত আৰু সংকটত নেতানিয়াহু

November 6, 2026 9:45 am
ভাড়াতীয়াৰ সৈতে ৪০ বছৰীয়া বিবাদ; মালিকৰ ‘বৈধ প্ৰয়োজন’ৰ সপক্ষে ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ

ভাড়াতীয়াৰ সৈতে ৪০ বছৰীয়া বিবাদ; মালিকৰ ‘বৈধ প্ৰয়োজন’ৰ সপক্ষে ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ

November 6, 2026 8:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেঙাখাতৰ অইল ইণ্ডিয়াৰ টেংকত বৃহৎ অগ্নিকাণ্ড-বিস্ফোৰণ; গুৰুতৰভাৱে আহত কেইবাজনো কৰ্মী, এজন সন্ধানহীন

টেঙাখাতৰ অইল ইণ্ডিয়াৰ টেংকত বৃহৎ অগ্নিকাণ্ড-বিস্ফোৰণ; গুৰুতৰভাৱে আহত কেইবাজনো কৰ্মী, এজন সন্ধানহীন

November 6, 2026 12:00 pm
ছিয়াং বান্ধৰ বিৰুদ্ধে গৰজি উঠিল অৰুণাচলৰ কৰ্মী কেটন ময়ং; চৰকাৰৰ যুক্তিক প্ৰত্যাহ্বান জনাই কি ক’লে আদি নেতাগৰাকীয়ে?

ছিয়াং বান্ধৰ বিৰুদ্ধে গৰজি উঠিল অৰুণাচলৰ কৰ্মী কেটন ময়ং; চৰকাৰৰ যুক্তিক প্ৰত্যাহ্বান জনাই কি ক’লে আদি নেতাগৰাকীয়ে?

November 6, 2026 11:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd