প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ছত্তীশগড়ৰ নক্সাল অধ্যুষিত বস্তৰ অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰে। মাওবাদীৰ বিৰুদ্ধে লাভ কৰা বৃহৎ সফলতাৰ পাছত এয়া প্ৰথমটো দীপাৱলী হোৱাৰ বাবে ইয়াক বিশেষ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে দেশত বিশৃংখলতা সৃষ্টি কৰিব বিচৰা শক্তিসমূহৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ কয় যে সশস্ত্ৰ মাওবাদীসকলক অৰণ্যৰ পৰা নিঃশেষ কৰা হৈছে যদিও ‘দিমাগী নক্সাল’ৰ (Dimagi Naxals) ভাবুকি এতিয়াও বাস্তৱ, কাৰণ তেওঁলোকে ইতিমধ্যে বহুতো ৰাজনৈতিক সংগঠনত অনুপ্ৰৱেশ কৰিছে।
“২০২৬ চনৰ এই দীপাৱলী সঁচাকৈয়ে বিশেষ। নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসৰ বিৰুদ্ধে দেশৰ দশকজোৰা সংগ্ৰামত জয়লাভ কৰাৰ পাছত এয়া প্ৰথমটো দীপাৱলী। এয়া এনে এক দীপাৱলী য’ত দেশৰ প্ৰতিখন জিলা নক্সালবাদৰ পৰা মুক্ত আৰু কোটি কোটি নাগৰিকে নক্সালবাদৰ ভয় জয় কৰিছে,” প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে কয়।
তেওঁ লগতে কয় যে এই সফলতাৰ মাজতো আমি এটা কথা মনত ৰখা উচিত যে সশস্ত্ৰ নক্সালবাদীসকল নিঃশেষ হ’লেও ‘দিমাগী নক্সাল’সকলে বিভিন্ন সংগঠনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছে। তেওঁলোকে আজিও সংবিধান আৰু গণতন্ত্ৰৰ বিৰুদ্ধে মানুহক উচটনি দি আছে। এই আদৰ্শগত নক্সালবাদীসকলে কেইবাটাও ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনত প্ৰৱেশ কৰিছে। আমি তেওঁলোকক চিনাক্ত কৰি পৰাস্ত কৰিব লাগিব আৰু দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে স্বাধীনতা দিৱসৰ লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰথমবাৰৰ বাবে “দিমাগী নক্সাল” শব্দটো ব্যৱহাৰ কৰাৰ পিছৰে পৰা বিৰোধী ৰাজনৈতিক দলৰ নেতা আৰু কৰ্মীসকলৰ সৈতে বিজেপিৰ তীব্ৰ বাকযুদ্ধ চলি আহিছে। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙেও ব্যংগাত্মক ৰাজনৈতিক গোট ‘ককৰোচ জনতা পাৰ্টী’ (CJP) আৰু ইয়াৰ নেতাসকলৰ বিৰুদ্ধে ভাৰতত অশান্তি বিয়পাবলৈ বিদেশী সংস্থাৰ পৰা অবৈধ ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছিল, যদিও চি জে পিয়ে এই অভিযোগ অস্বীকাৰ কৰিছে।
ইপিনে, যোৱা ৪৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে যোৱা এবছৰত চিআৰপিএফৰ এজনো জোৱান শ্বহীদ হোৱা নাই বুলি প্ৰধানমন্ত্ৰীয়ে সদৰী কৰৰা লগতে তেওঁ কয়, “এয়া এক অসাধাৰণ কৃতিত্ব আৰু ইয়াৰ সিংহভাগ শ্ৰেয় আপোনালোকৰ দৰে লাখ লাখ সাহসী জোৱান আৰু নিৰাপত্তাৰক্ষীৰ প্ৰাপ্য। সেয়েহে মই আজি আপোনালোকৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ আৰু ১.৪ বিলিয়ন ভাৰতীয়ৰ হৈ আপোনালোকৰ ত্যাগ, নিষ্ঠা আৰু সেৱাৰ মনোভাৱৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আহিছোঁ।”
ছত্তীশগড়ৰ বস্তৰ দীৰ্ঘদিন ধৰি মাওবাদীৰ কেন্দ্ৰস্থল হিচাপে পৰিচিত আছিল। কিন্তু শেহতীয়া সামৰিক অভিযান, বৃহৎ পৰিমাণৰ আত্মসমৰ্পণ আৰু উন্নয়নমূলক কাম-কাজৰ ফলত অঞ্চলটোৰ ব্যাপক পৰিৱৰ্তন ঘটিছে। ২০১০ চনৰ দান্তেৱাড়া আক্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বতে ছহিদ সেনাৰ সংখ্যা নিহত মাওবাদীতকৈ অধিক আছিল, কিন্তু আজি পৰিস্থিতি সলনি হৈছে। “আজি চি আৰ পি এফৰ এজনো জোৱানে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱাব লগা হোৱা নাই। এয়া দেশৰ সুদৃঢ় নীতি, সন্মান আৰু ইচ্ছাশক্তিৰ জয়,” প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে।





