• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

অৰুণাচল প্ৰদেশৰ ছিয়াং উপত্যকাত প্ৰস্তাৱিত ১১,০০০ মেগাৱাটৰ 'ছিয়াং আপাৰ মাল্টিপাৰপাজ প্ৰজেক্ট'ৰ (SUMP) বিৰোধিতা কৰা আদি জনগোষ্ঠী আৰু অন্যান্য স্থানীয় সম্প্ৰদায়ৰ প্ৰতি পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছে ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰাম নাগালেণ্ড চমুকৈ এছ ডি এফ এনে প্ৰভাৱিত অঞ্চলসমূহৰ পৰা অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ লগতে নিৰাপত্তাৰক্ষীৰ আতিশয্যৰ স্বতন্ত্ৰ তদন্ত দাবী কৰিছে সংস্থাটোৱে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2026 8:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ ছিয়াং উপত্যকাত প্ৰস্তাৱিত ১১,০০০ মেগাৱাটৰ বৃহৎ ‘ছিয়াং আপাৰ মাল্টিপাৰপাজ প্ৰজেক্ট’ৰ বিৰোধিতা কৰা আদি জনগোষ্ঠী আৰু অন্যান্য স্থানীয় সম্প্ৰদায়ৰ প্ৰতি পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছে ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰাম নাগালেণ্ড চমুকৈ এছ ডি এফ এনে । প্ৰভাৱিত অঞ্চলসমূহৰ পৰা অতিৰিক্ত সশস্ত্ৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ, আটক কৰা প্ৰতিবাদকাৰীসকলক বিনাচৰ্তে মুকলি কৰি দিয়া আৰু নিৰাপত্তাৰক্ষীৰ আতিশয্যৰ এক স্বতন্ত্ৰ তদন্তৰ বাবে সংস্থাটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনাইছে।

কোহিমাভিত্তিক মঞ্চখনে এক প্ৰেছ বিবৃতিত কয় যে উন্নয়নমূলক প্ৰকল্পই কোনো কাৰণতে খিলঞ্জীয়াৰ অধিকাৰ, পৈতৃক ভূমি,সাংস্কৃতিক ঐতিহ্য আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য বিঘ্নিত কৰিব নালাগে। ছিয়াং উপত্যকাত ক্ৰমান্বয়ে বৃদ্ধি পোৱা উত্তেজনা, নিৰাপত্তাৰক্ষী মোতায়েন, স্থানীয় লোকক গ্ৰেপ্তাৰ তথা আটক কৰা আৰু শান্তিপূৰ্ণ সমাৱেশৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক লৈ সংস্থাটোৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

এছ ডি এফ এনে কয়, “ছিয়াং নদী কেৱল জলবিদ্যুৎ উৎপাদনৰ উৎস নহয়; ই হৈছে পূব হিমালয়ৰ জনজীৱন, পৰম্পৰাগত জীৱিকা, অসাধাৰণ জৈৱ বৈচিত্ৰ্য আৰু পবিত্ৰ স্থানসমূহক জীয়াই ৰখা এক অপৰিহাৰ্য পাৰিপাৰ্শ্বিক আৰু সাংস্কৃতিক জীৱনৰেখা।”

ৰাজহুৱা শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দায়িত্বক স্বীকাৰ কৰাৰ লগতে মঞ্চখনে কয় যে শান্তিপূৰ্ণ সমাৱেশ, বাক-স্বাধীনতা আৰু আইনী সন্মত বিৰোধিতা কৰাৰ দৰে গণতান্ত্ৰিক অধিকাৰসমূহক সন্মান জনোৱা উচিত। সংবিধানৰ ১৯ নং অনুচ্ছেদৰ কথা উল্লেখ কৰি সংস্থাটোৱে কয় যে জনসাধাৰণৰ গণতান্ত্ৰিক প্ৰতিবাদক প্ৰশাসনিক ব্যৱস্থাৰে মষিমূৰ কৰিবলৈ চেষ্টা কৰিলে ই পৰিস্থিতি অধিক অৱনতিৰ দিশলৈ নিব পাৰে। সেয়েহে, প্ৰতিবাদৰ সৈতে জড়িত গোচৰসমূহ পুনৰীক্ষণ কৰা আৰু শান্তিপূৰ্ণ বিৰোধিতাৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবেই অভিযুক্ত কৰা স্থানীয় যুৱক আৰু নেতাসকলৰ বিৰুদ্ধে আৰম্ভ কৰা প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱা হৈছে। লগতে সাংবাদিক, অধিবক্তা আৰু নাগৰিক সমাজৰ পৰ্যবেক্ষকসকলক হাৰাশাস্তি কৰাৰ অভিযোগৰো স্বতন্ত্ৰ তদন্ত বিচাৰিছে সংস্থাটোৱে।

ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ ঘোষণাপত্ৰৰ (UN Declaration on the Rights of Indigenous Peoples) কথা উল্লেখ কৰি সংস্থাটোৱে কয় যে এনে উন্নয়নমূলক হস্তক্ষেপৰ পূৰ্বে প্ৰভাৱিত সম্প্ৰদায়ৰ আগতীয়া আৰু স্পষ্ট সন্মতি লোৱাটো বাধ্যতামূলক। প্ৰকল্পৰ কাম আগবঢ়াই নিয়াৰ পূৰ্বে এক স্বতন্ত্ৰ পাৰিপাৰ্শ্বিক আৰু ভূকম্পন মূল্যায়নৰ দাবী জনাই সংস্থাটোৱে কয়, “ছিয়াং অৱবাহিকা বিশ্বৰ অন্যতম ভূমিকম্পপ্ৰৱণ, পাৰিপাৰ্শ্বিকভাৱে স্পৰ্শকাতৰ আৰু জলবায়ুৰ প্ৰতি দুৰ্বল অঞ্চলত অৱস্থিত। ইয়াত নিৰ্মাণ হ’বলগীয়া বৃহৎ আন্তঃগাঁথনিয়ে কেৱল উজনিৰ আৱাসস্থল আৰু নদীকেন্দ্ৰিক পৰিৱেশ তন্ত্ৰৰেই ক্ষতি নকৰে, বৰঞ্চ নামনিৰ অসম আৰু ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ জনসাধাৰণৰ বাবেও অপূৰণীয় বিপদ কঢ়িয়াই আনিব।”

অৰণ্য, নদী আৰু পৈতৃক ভূমিৰ ভৱিষ্যত নিৰ্ধাৰণৰ ক্ষেত্ৰত স্থানীয় লোকৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হৈছে। ওপৰৰ পৰা জাপি দিয়া একপক্ষীয় সিদ্ধান্তৰে কেতিয়াও আঞ্চলিক নিৰাপত্তা আৰু বহনক্ষমতা নিশ্চিত কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দি ছিয়াং উপত্যকাৰ ৰাইজৰ প্ৰতি সমৰ্থন আৰু একতা প্ৰদৰ্শন কৰিবলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নাগৰিক সমাজ, ছাত্ৰ সংগঠন, গৱেষণা প্ৰতিষ্ঠান আৰু সাম্প্ৰদায়িক গোটসমূহলৈ এছ ডি এফ এনে আহ্বান জনাইছে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

November 8, 2026 8:09 pm
বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

November 8, 2026 7:36 pm
কেৱল ছুপাৰমুন নহয়, নৱেম্বৰৰ আকাশত ঘটিব আন কেইবাটাও বিৰল পৰিঘটনা! আপুনি চাবলৈ সাজুনে?

কেৱল ছুপাৰমুন নহয়, নৱেম্বৰৰ আকাশত ঘটিব আন কেইবাটাও বিৰল পৰিঘটনা! আপুনি চাবলৈ সাজুনে?

November 8, 2026 6:25 pm
‘আদিপুৰুষ’ৰ ভুলৰ পৰা শিক্ষা! মেৰুকৰণৰ ৰাজনীতিৰ সলনি নতুন ‘ৰামায়ণ’ত কিহৰ ওপৰত গুৰুত্ব দিলে পৰিচালকে?

‘আদিপুৰুষ’ৰ ভুলৰ পৰা শিক্ষা! মেৰুকৰণৰ ৰাজনীতিৰ সলনি নতুন ‘ৰামায়ণ’ত কিহৰ ওপৰত গুৰুত্ব দিলে পৰিচালকে?

November 8, 2026 4:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

November 8, 2026 8:09 pm
বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

November 8, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd