ভাৰত-ভুটান সীমান্তৱৰ্তী তামুলপুৰ জিলাত শেহতীয়াকৈ বৃদ্ধি পোৱা মানৱ-হস্তী সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে অসমৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, বন্যহস্তীৰ আক্ৰমণৰ পৰা জনাঞ্চলক সুৰক্ষা দিবলৈ জিলাখনত ১৪০ গৰাকী স্থানীয় যুৱকক সামৰি ১৪ টা বিশেষ ‘গজ মিত্ৰ’ দল নিয়োগ কৰা হ’ব। এই দলসমূহে কুমাৰীকাটা, বাটাবাৰী আৰু তামুলপুৰ বনাঞ্চলিক এলেকাত পহৰা দিব। প্ৰতিটো দলত ১০ গৰাকীকৈ গাঁৱৰ যুৱক আৰু ৩ গৰাকীকৈ বন বিভাগৰ বিষয়া-কৰ্মচাৰী থাকিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পৌৰোহিত্যত আৰু স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত অনুষ্ঠিত এখন উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। শেহতীয়াকৈ বাক্সা, তামুলপুৰ আৰু নলবাৰী জিলাত বন্যহস্তীয়ে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি জনাঞ্চলত প্ৰৱেশ কৰাৰ ফলত সংঘাত তীব্ৰতৰ হৈ পৰিছে। বৈঠকত পৰ্যবেক্ষণ কৰা হয় যে, ভূটান সীমান্তৰ সমীপত হাতীৰ আহ-যাহ কৰা ক’ৰিডৰসমূহ অৱৰুদ্ধ হৈ পৰিছে। সেয়েহে, ৯ নৱেম্বৰৰ পৰা বন বিভাগ আৰু আৰক্ষীৰ এক যুটীয়া দলে এই অঞ্চলসমূহ পৰিদৰ্শন কৰি হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰা বেদখল আৰু অন্যান্য কাৰকসমূহ চিনাক্ত কৰিব।
ইয়াৰ উপৰি, বন মন্ত্ৰীগৰাকীয়ে হাতীৰ খাদ্যৰ উপযোগী গছপুলি ৰোপণৰ বাবে প্ৰাক্তন সেনা জোৱানেৰে গঠিত ‘ইক’লজিকেল টাস্ক ফ’ৰ্চ’ক নিয়োজিত কৰাৰ পৰিকল্পনা সদৰী কৰে। তেওঁ কয়, “আমি কোকৰাঝাৰৰ ইক’লজিকেল টাস্ক ফ’ৰ্চক ইয়ালৈ আনিম। প্ৰথম অৱস্থাত ৫০ হেক্টৰ ভূমিত কেৱল হাতীয়ে খাব পৰা গছ-গছনি ৰোপণ কৰি ইয়াক বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।” নৱেম্বৰ মাহত গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ পৰ্যালোচনা কৰিবলৈ ডিচেম্বৰত পুনৰ এখন বৈঠক অনুষ্ঠিত হ’ব বুলিও তেওঁ জনায়।
হাতীৰ আক্ৰমণত নিহত হোৱা লোকৰ পৰিয়াললৈ প্ৰদান কৰা ক্ষতিপূৰণ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে এক ডাঙৰ ঘোষণা কৰে। ৰাজ্য চৰকাৰে এই ক্ষতিপূৰণৰ পৰিমাণ ৬ লাখ টকাৰ পৰা ৮ লাখ টকালৈ বৃদ্ধি কৰাৰ চিন্তা-চৰ্চা কৰিছে আৰু এই ধন খৰতকীয়াকৈ মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জনায়। উল্লেখ্য যে, যোৱা ৪ নৱেম্বৰত গুৱাহাটীৰ অৰণ্য ভৱনত অনুষ্ঠিত এক বৈঠকত মন্ত্ৰীগৰাকীয়ে নিহতৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ সময়সীমা ৭২ ঘণ্টাৰ পৰা ৪৮ ঘণ্টালৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। চৰকাৰী তথ্য অনুসৰি, চলিত বৰ্ষত অসমত মানৱ-হস্তী সংঘাতত ৫৩ গৰাকী লোকৰ মৃত্যু হৈছে, য’ত তামুলপুৰ, গোৱালপাৰা আৰু কামৰূপ (গ্ৰাম্য) জিলা সৰ্বাধিক প্ৰভাৱিত হৈছে।





