• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শান্ত কৰিবলৈ সন্তানৰ হাতত তুলি দিছে নেকি মোবাইল? চিকিৎসকে দিয়া এই ভয়ংকৰ সকীয়নি শুনিলে উৰিব আপোনাৰো টোপনি!

অত্যাধিক মোবাইল, টিভি বা ল্যাপটপৰ ব্যৱহাৰে কেৱল শিশুৰ চকুৰেই নহয়, হৃদ্‌যন্ত্ৰৰো গুৰুতৰ ক্ষতি কৰিছে। আমেৰিকান হাৰ্ট এছ'চিয়েচনৰ শেহতীয়া গৱেষণাত দাবী কৰা হৈছে যে, স্ক্ৰীণ টাইম বৃদ্ধি পোৱাৰ ফলত শিশুৰ মাজত মেটাবলিক চিণ্ড্ৰম আৰু ইস্কিমিক হৃদ্‌ৰোগৰ (Ischemic Heart Disease) আশংকা দ্ৰুতগতিত বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2026 7:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত শিশুৰ চকু যেন স্ক্ৰীণৰ সৈতে এক অদৃশ্য চুম্বকৰ দ্বাৰা বান্ধ খাই আছে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি ডিজিটেল দুনিয়াত আবদ্ধ হৈ পৰা এই ডুম-স্ক্ৰলিং (Doom-scrolling) অভ্যাসে শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলাইছে, যাক লৈ চিকিৎসকসকলো উদ্বিগ্ন হৈ পৰিছে। অত্যাধিক স্ক্ৰীণ টাইমে যে কেৱল শিশুৰ চকুৰ ক্ষতি কৰিছে তেনে নহয়, ই নিৰৱে হৃদ্‌যন্ত্ৰলৈকো ভাবুকি কঢ়িয়াই আনিছে। আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ এক শেহতীয়া গৱেষণা অনুসৰি, খেলা-ধূলা বাদ দি মোবাইলত আসক্ত হৈ পৰা একাংশ কম বয়সীয়া শিশুৰ মাজত হৃদ্‌যন্ত্ৰৰ লগতে বিপাকীয় ক্ৰিয়াৰো অস্বাভাৱিক পৰিৱৰ্তন ঘটিছে। ইয়াৰ ফলত সৰুতেই টাইপ-২ ডায়েবেটিছ, কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ দৰে জীৱনশৈলীৰ সৈতে জড়িত ৰোগসমূহে বাহ লৈছে।

 

Apply Now

গৱেষকসকলৰ মতে, অত্যাধিক টিভি চালে শিশুৰ মনোযোগ আৰু ধৈৰ্য দুয়োটাৰে অৱনতি ঘটে। ই সৃজনশীল চিন্তাধাৰাত বাধা প্ৰদান কৰে আৰু মগজুৰ কাৰ্যক্ষমতা হ্ৰাস কৰে। টিভি বা মোবাইলৰ পৰা নিৰ্গত হোৱা পোহৰে ‘মেলাটনিন’ নামৰ হৰম’ন নিঃসৰণত বাধা দিয়ে, যাৰ ফলত টোপনিৰ সমস্যা হয় আৰু শিশুৰ আচাৰ-ব্যৱহাৰতো অস্বাভাৱিক পৰিৱৰ্তন দেখা যায়। কলকাতাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ হেল্থৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ প্ৰিয়ংকৰ পালৰ মতে, “আজিকালি দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েও সময় নোহোৱাৰ অভিযোগ কৰে। স্কুলৰ প্ৰজেক্টৰ ইমানেই চাপ যে তেওঁলোকে খেলা-ধূলা বা ছবি অঁকাৰ সময় নাপায়, আৰু আজৰি সময়খিনি কেৱল মোবাইলত গেম বা কাৰ্টুন চাই কটায়। ইয়াৰ ফলত শিশুৰ মাজত মেদবহুলতা বাঢ়িছে, হজম শক্তি কমিছে আৰু শৰীৰ নিষ্ক্ৰিয় হৈ পৰিছে, যিয়ে পৰোক্ষভাৱে হৃদ্‌যন্ত্ৰৰ ক্ষতি কৰি ইস্কিমিক হৃদ্‌ৰোগৰ শংকা বৃদ্ধি কৰিছে।”

 

‘স্ক্ৰীণ-টাইম‘ আৰু ‘মেটাবলিক চিণ্ড্ৰম‘ৰ পাৰস্পৰিক সম্পৰ্ক:

আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ তথ্য অনুসৰি, অত্যাধিক ডিজিটেল স্ক্ৰীণৰ ব্যৱহাৰৰ ফলত শিশুৰ মাজত ‘কাৰ্ডিঅ’মেটাবলিক চিণ্ড্ৰম’ (Cardiometabolic Syndrome) দেখা দিছে। চিকিৎসক ডাঃ দিলীপ কুমাৰে এই সমস্যাৰ তিনিটা মূল কাৰণ ব্যাখ্যা কৰিছে:

 

১) মোবাইল বা টিভিৰ ব্যৱহাৰৰ ফলত কায়িক শ্ৰম কমি গৈছে আৰু শৰীৰৰ শক্তি ক্ষয় হৈছে। ইয়াৰ ফলত শিশুৰ মাজত ইনচুলিন ৰেজিষ্টেন্স (Insulin Resistance) দেখা দিয়ে, য’ত শৰীৰৰ কোষবোৰে ইনচুলিন হৰম’নৰ প্ৰতি সঁহাৰি নিদিয়াৰ বাবে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়।

২) ভিডিঅ’ গেম বা ৰিলছত দেখা বিভিন্ন দৃশ্যই শিশুৰ মনত উদ্বেগ আৰু উৎকণ্ঠা বৃদ্ধি কৰে। এই মানসিক পৰিৱৰ্তনে হাইপাৰটেনচনৰ (Hyper tension) সৃষ্টি কৰে আৰু অনিয়মিত হৃৎস্পন্দন বা ‘এৰিথমিয়া’ (Arrhythmia) ৰোগৰ কাৰণ হৈ পৰে।

৩) স্ক্ৰীণত ব্যস্ত থকাৰ ফলত শিশুৰ ভোক কমে আৰু বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মে। আনহাতে, একাংশ শিশুৰ মাজত ‘বিঞ্জ ইটিং’ৰ (Binge Eating) প্ৰৱণতা বাঢ়ি ইটিং ডিছঅৰ্ডাৰ দেখা দিয়ে, যিয়ে মেদবহুলতা বৃদ্ধিৰ লগতে তেজত বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বঢ়ায়।

 

কোন বয়সত কিমান স্ক্ৰীণ টাইম ক্ষতিকৰক?

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) নিৰ্ধাৰণ কৰি দিয়া সময় অনুসৰি:

 

৬-১৮ মাহ: এই বয়সত শিশুক মোবাইলৰ স্ক্ৰীণত চাবলৈ দিয়াটো একেবাৰেই অনুচিত। আজিকালি অভিভাৱকসকলে শিশুক শান্ত কৰিবলৈ মোবাইলৰ ব্যৱহাৰ কৰে, যিয়ে মেটাবলিক চিণ্ড্ৰমৰ আশংকা বঢ়ায়।

 

১-২ বছৰ: দিনটোত ৩০ মিনিটতকৈ অধিক সময় স্ক্ৰীণ টাইম হ’লে শিশুৰ সাৰ্বিক বিকাশত বাধা জন্মে।

 

৫ বছৰলৈকে: দিনে ১ ঘণ্টাতকৈ অধিক স্ক্ৰীণ টাইমে বৌদ্ধিক বিকাশত নেতিবাচক প্ৰভাৱ পেলায়।

 

৬-১০ বছৰ: বাৰে বাৰে টিভি বা মোবাইলত কাৰ্টুন চালে শিশুৰ সৃজনশীলতা হ্ৰাস পায় আৰু মেদবহুলতাৰ সৃষ্টি হয়। সামগ্ৰিকভাৱে, যিকোনো শিশুৱে দিনে ৩ ঘণ্টাতকৈ অধিক সময় স্ক্ৰীণত কটালে ই শৰীৰ আৰু মন দুয়োৰে গুৰুতৰ ক্ষতি কৰে।

 

চিকিৎসকসকলৰ মতে, শিশুক শান্ত কৰিবলৈ মোবাইলৰ সলনি প্ৰাকৃতিক পৰিৱেশত খেলা-ধূলা কৰিবলৈ উৎসাহিত কৰিব লাগে। ঘৰৰ ভিতৰতো শাৰীৰিক পৰিশ্ৰম হোৱা খেল বা পাতল ব্যায়াম কৰাব পাৰি। শিশুৰ শোৱনীকোঠাত কোনো ধৰণৰ ডিজিটেল গেজেট ৰাখিব নালাগে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, শিশুৱে ডাঙৰক দেখিয়েই শিকে, সেয়েহে অভিভাৱকসকলেও সন্তানৰ সন্মুখত মোবাইলৰ ব্যৱহাৰ সীমিত কৰা উচিত। মোবাইলৰ সলনি ছবি অঁকা, কিতাপ পঢ়া, পাজল (Puzzle) গেম খেলা বা ফুলনিৰ যতন লোৱা আদি গঠনমূলক কামত শিশুৰ সৈতে অভিভাৱকসকলেও অংশগ্ৰহণ কৰিলে এই আসক্তি বহু পৰিমাণে হ্ৰাস কৰিব পৰা যাব বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্ত কৰিবলৈ সন্তানৰ হাতত তুলি দিছে নেকি মোবাইল? চিকিৎসকে দিয়া এই ভয়ংকৰ সকীয়নি শুনিলে উৰিব আপোনাৰো টোপনি!

শান্ত কৰিবলৈ সন্তানৰ হাতত তুলি দিছে নেকি মোবাইল? চিকিৎসকে দিয়া এই ভয়ংকৰ সকীয়নি শুনিলে উৰিব আপোনাৰো টোপনি!

November 10, 2026 7:44 am
শ্ৰেণীকোঠা এৰি ৰাজপথলৈ কলেজ শিক্ষক! ১৩ দফীয়া দাবী পূৰণ নোহোৱাৰ প্ৰতিবাদত ১৮ নৱেম্বৰৰ পৰা আন্দোলনত নামিব শিক্ষক সংস্থা

শ্ৰেণীকোঠা এৰি ৰাজপথলৈ কলেজ শিক্ষক! ১৩ দফীয়া দাবী পূৰণ নোহোৱাৰ প্ৰতিবাদত ১৮ নৱেম্বৰৰ পৰা আন্দোলনত নামিব শিক্ষক সংস্থা

November 9, 2026 9:34 pm
৩-২ গ’লৰ ব্যৱধানত জয়! পুৰণি মতাপুং এফচিৰ হাতলৈ ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ তিনিচুকীয়া জিলাৰ খিতাপ

৩-২ গ’লৰ ব্যৱধানত জয়! পুৰণি মতাপুং এফচিৰ হাতলৈ ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ তিনিচুকীয়া জিলাৰ খিতাপ

November 9, 2026 9:30 pm
দীপাৱলীত অসমত ১১২টা অগ্নিকাণ্ড! আতচবাজীৰ বাবেই সংঘটিত ৪৯টা ঘটনা

দীপাৱলীত অসমত ১১২টা অগ্নিকাণ্ড! আতচবাজীৰ বাবেই সংঘটিত ৪৯টা ঘটনা

November 9, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্ত কৰিবলৈ সন্তানৰ হাতত তুলি দিছে নেকি মোবাইল? চিকিৎসকে দিয়া এই ভয়ংকৰ সকীয়নি শুনিলে উৰিব আপোনাৰো টোপনি!

শান্ত কৰিবলৈ সন্তানৰ হাতত তুলি দিছে নেকি মোবাইল? চিকিৎসকে দিয়া এই ভয়ংকৰ সকীয়নি শুনিলে উৰিব আপোনাৰো টোপনি!

November 10, 2026 7:44 am
শ্ৰেণীকোঠা এৰি ৰাজপথলৈ কলেজ শিক্ষক! ১৩ দফীয়া দাবী পূৰণ নোহোৱাৰ প্ৰতিবাদত ১৮ নৱেম্বৰৰ পৰা আন্দোলনত নামিব শিক্ষক সংস্থা

শ্ৰেণীকোঠা এৰি ৰাজপথলৈ কলেজ শিক্ষক! ১৩ দফীয়া দাবী পূৰণ নোহোৱাৰ প্ৰতিবাদত ১৮ নৱেম্বৰৰ পৰা আন্দোলনত নামিব শিক্ষক সংস্থা

November 9, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd