• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপুনিও চৰকাৰী চাকৰি কৰে নেকি? সাৱধান, কাৰ্যক্ষমতা নাথাকিলে সময়ৰ আগতেই চাকৰি যাব পাৰে আপোনাৰো!

চৰকাৰে কোনো কৰ্মচাৰীক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে সময়ৰ আগতেই অৱসৰ ল'বলৈ বাধ্য কৰিব পাৰেনে? এই প্ৰশ্নৰ উত্তৰত উচ্চতম ন্যায়ালয়ে এক বৃহৎ ৰায়দান কৰি স্পষ্ট কৰিছে যে চৰকাৰৰ হাতত এনে কৰাৰ ব্যাপক অধিকাৰ আছে। অৱশ্যে, সিদ্ধান্তটো যদি স্বেচ্ছাচাৰী বা দুৰ্ভাৱনাপূৰ্ণ হয়, তেন্তে ন্যায়িক হস্তক্ষেপ সম্ভৱ হ'ব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2026 11:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী কৰ্মচাৰীৰ বাধ্যতামূলক অৱসৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান দিছে উচ্চতম ন্যায়ালয়ে। দেশৰ শীৰ্ষ আদালতখনে স্পষ্ট কৰি দিছে যে প্ৰশাসনিক দক্ষতা বজাই ৰখাৰ স্বাৰ্থত জনহিতত কৰ্মচাৰীক সময়ৰ আগতে অৱসৰ দিয়াৰ অধিকাৰ চৰকাৰৰ আছে। যিসকল কৰ্মচাৰীৰ উপযোগিতা, কাৰ্যক্ষমতা বা সততাৰ ওপৰত প্ৰশ্ন উত্থাপন হয়, তেনে কৰ্মচাৰীক সেৱাৰ পৰা আঁতৰোৱাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ছত্তীশগড়ৰ দুগৰাকী চৰকাৰী কৰ্মচাৰীয়ে বাধ্যতামূলক অৱসৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। একে সময়তে আদালতে এই কথাও স্পষ্ট কৰিছে যে যদিহে চৰকাৰৰ এনে সিদ্ধান্ত দুৰ্ভাৱনাপূৰ্ণ, স্বেচ্ছাচাৰী বা পৰ্যাপ্ত ভিত্তি নোহোৱাকৈ লোৱা হয়, তেন্তে তাৰ ন্যায়িক পৰ্যালোচনা সম্ভৱ হ’ব।

 

Apply Now

ছত্তীশগড় চৰকাৰৰ দুগৰাকী কৰ্মচাৰীক জনহিতৰ দৃষ্টিত বাধ্যতামূলক অৱসৰ দিয়া হৈছিল আৰু তেওঁলোকে এই কাৰ্যক আদালতত প্ৰত্যাহ্বান জনাইছিল। শুনানিৰ সময়ত আদালতে কয় যে কোনো কৰ্মচাৰীৰ সততা, কাৰ্যকুশলতা, দক্ষতা আৰু সামগ্ৰিক সেৱাৰ ৰেকৰ্ড মূল্যায়ন কৰাটো উপযুক্ত কৰ্তৃপক্ষৰ অধিকাৰ। কেৱল আন এজন সমান সেৱা ৰেকৰ্ড থকা কৰ্মচাৰীক চাকৰিত ৰখা হৈছে বুলি যুক্তি দৰ্শাই এনে কাৰ্যৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাব নোৱাৰি। আদালতে লগতে কয় যে সংবিধানৰ সমতাৰ অধিকাৰে এইটো নুবুজায় যে পূৰ্বৰ কোনো গোচৰত ভুল হ’লে একেটা ভুল ভৱিষ্যতলৈও চলাই নিব লাগিব।

 

ন্যায়ালয়ে কেতিয়া হস্তক্ষেপ কৰিব পাৰিব?

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে এই ক্ষেত্ৰত চৰকাৰৰ অধিকাৰ অসীম নহয়। যদি বাধ্যতামূলক অৱসৰৰ সিদ্ধান্ত প্ৰমাণ নোহোৱাকৈ লোৱা হয়, সিদ্ধান্তত বিচাৰ-বুদ্ধিৰ প্ৰয়োগ কৰা নহয়, স্পষ্টভাৱে স্বেচ্ছাচাৰী হয় বা দুৰ্ভাৱনাৰ দ্বাৰা প্ৰেৰিত হয়, তেন্তে আদালতে হস্তক্ষেপ কৰিব পাৰে। কিন্তু য’ত প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে আৰু ৰেকৰ্ডৰ ভিত্তিত সিদ্ধান্ত লোৱা হৈছে, তেনে ক্ষেত্ৰত ন্যায়ালয়ে সাধাৰণতে হস্তক্ষেপ নকৰে।

 

বাধ্যতামূলক অৱসৰ শাস্তি নহয়

আদালতে ছত্তীশগড় চৰকাৰৰ ২০১৭ চনৰ নীতিৰো পৰীক্ষণ কৰে, যাৰ অধীনত ৫০ বছৰ বয়স বা ২০ বছৰৰ সেৱা সম্পূৰ্ণ কৰা কৰ্মচাৰীসকলৰ পৰ্যালোচনা কৰা হয়। ১৪ গৰাকী কেৰাণী পৰ্যায়ৰ কৰ্মচাৰীৰ মূল্যায়নৰ বাবে চৰকাৰে এখন স্ক্ৰীনিং কমিটী গঠন কৰিছিল আৰু তাৰে ৫ গৰাকীক বাধ্যতামূলক অৱসৰৰ পৰামৰ্শ দিয়া হৈছিল। আবেদনকাৰী দুগৰাকী কৰ্মচাৰীৰ প্ৰদৰ্শন নিৰ্ধাৰিত ‘B’ গ্ৰেডৰ তলত আছিল আৰু ২০১৩ চনৰ পৰা ২০১৭ চনৰ ভিতৰত তেওঁলোকে একেৰাহে ‘C’ গ্ৰেড লাভ কৰিছিল।

 

শীৰ্ষ আদালতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাত কয় যে চৰকাৰে কৰ্মচাৰীৰ গোপনীয় প্ৰতিবেদনৰ বিৰূপ মন্তব্য আৰু কম গ্ৰেডৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা ল’ব পাৰে, আনকি সেই বিষয়ে কৰ্মচাৰীগৰাকীক পূৰ্বতে জনোৱা নহ’লেও। পদোন্নতি আৰু বাধ্যতামূলক অৱসৰৰ নীতি সুকীয়া বুলি উল্লেখ কৰি আদালতে কয় যে এই অৱসৰ কোনো শাস্তি বা বদনাম নহয়। বৰঞ্চ ই জনস্বাৰ্থত চৰকাৰী সেৱা নিয়মৰ অধীনত লোৱা এক প্ৰয়োজনীয় পদক্ষেপ মাথোঁ।

 

তদুপৰি উচ্চতম ন্যায়ালয়ে ছত্তীশগড় চৰকাৰে নিৰ্ধাৰিত প্ৰক্ৰিয়া মানি চলি সকলো কৰ্মচাৰীৰ ওপৰত একে মানদণ্ড প্ৰয়োগ কৰা বুলি সন্তুষ্টি প্ৰকাশ কৰে। মূল্যায়ন প্ৰক্ৰিয়াত কোনো ধৰণৰ বৈষম্য নোহোৱাৰ ভিত্তিত শীৰ্ষ আদালতখনে ২০২৩ চনৰ ১২ এপ্ৰিলত ছত্তীশগড় উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায় বাহাল ৰাখি দুয়োগৰাকী কৰ্মচাৰীৰ আবেদন খাৰিজ কৰে। এই ৰায়দানে ভৱিষ্যতে চৰকাৰী কৰ্মচাৰীৰ কাৰ্যক্ষমতা আৰু বাধ্যতামূলক অৱসৰৰ ক্ষেত্ৰত এক স্পষ্ট নিৰ্দেশনা হিচাপে কাম কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপুনিও চৰকাৰী চাকৰি কৰে নেকি? সাৱধান, কাৰ্যক্ষমতা নাথাকিলে সময়ৰ আগতেই চাকৰি যাব পাৰে আপোনাৰো!

আপুনিও চৰকাৰী চাকৰি কৰে নেকি? সাৱধান, কাৰ্যক্ষমতা নাথাকিলে সময়ৰ আগতেই চাকৰি যাব পাৰে আপোনাৰো!

November 11, 2026 11:27 am
নিয়ন্ত্ৰণ হেৰুৱালে চালকে! দিগাৰুত লাইনচ্যুত যাত্ৰীবাহী ৰে’লৰ ইঞ্জিনসহ ৫ টা দবা, কথমপি ৰক্ষা পৰিল যাত্ৰীৰ প্ৰাণ

নিয়ন্ত্ৰণ হেৰুৱালে চালকে! দিগাৰুত লাইনচ্যুত যাত্ৰীবাহী ৰে’লৰ ইঞ্জিনসহ ৫ টা দবা, কথমপি ৰক্ষা পৰিল যাত্ৰীৰ প্ৰাণ

November 11, 2026 10:23 am
অধিনায়ক হিচাপে বিশ্বকাপ জিকাইও দলৰ পৰা বাহিৰ! নিৰাশাৰ অন্ধকাৰৰ পৰা কেনেকৈ ঘূৰি আহিল সূৰ্যকুমাৰ যাদৱ?

অধিনায়ক হিচাপে বিশ্বকাপ জিকাইও দলৰ পৰা বাহিৰ! নিৰাশাৰ অন্ধকাৰৰ পৰা কেনেকৈ ঘূৰি আহিল সূৰ্যকুমাৰ যাদৱ?

November 11, 2026 8:34 am
নোটবন্দীৰ ১০ বছৰৰ পাছত দেশত কিমান বাঢ়িল নগদ ধনৰ প্ৰচলন? আৰবিআইৰ তথ্য দেখিলে চকু কপালত উঠিব আপোনাৰো!

নোটবন্দীৰ ১০ বছৰৰ পাছত দেশত কিমান বাঢ়িল নগদ ধনৰ প্ৰচলন? আৰবিআইৰ তথ্য দেখিলে চকু কপালত উঠিব আপোনাৰো!

November 11, 2026 7:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপুনিও চৰকাৰী চাকৰি কৰে নেকি? সাৱধান, কাৰ্যক্ষমতা নাথাকিলে সময়ৰ আগতেই চাকৰি যাব পাৰে আপোনাৰো!

আপুনিও চৰকাৰী চাকৰি কৰে নেকি? সাৱধান, কাৰ্যক্ষমতা নাথাকিলে সময়ৰ আগতেই চাকৰি যাব পাৰে আপোনাৰো!

November 11, 2026 11:27 am
নিয়ন্ত্ৰণ হেৰুৱালে চালকে! দিগাৰুত লাইনচ্যুত যাত্ৰীবাহী ৰে’লৰ ইঞ্জিনসহ ৫ টা দবা, কথমপি ৰক্ষা পৰিল যাত্ৰীৰ প্ৰাণ

নিয়ন্ত্ৰণ হেৰুৱালে চালকে! দিগাৰুত লাইনচ্যুত যাত্ৰীবাহী ৰে’লৰ ইঞ্জিনসহ ৫ টা দবা, কথমপি ৰক্ষা পৰিল যাত্ৰীৰ প্ৰাণ

November 11, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd