উত্তৰাখণ্ডৰ হৰিদ্বাৰ-ডেৰাডুন ঘাইপথত বৃহস্পতিবাৰে পুৱতি নিশা এক ভয়ংকৰ আৰু শিহৰণকাৰী ঘটনা সংঘটিত হয়। ঘাইপথৰ নেপালী ফাৰ্মৰ সমীপত এজন বাইক আৰোহীক এটা বনৰীয়া হাতীয়ে দুবাৰকৈ গচকি যোৱাৰ পাছতো ব্যক্তিগৰাকী অলৌকিকভাৱে ৰক্ষা পৰে। এই সমগ্ৰ ঘটনাটো এজন কেব চালকৰ কেমেৰাত আৱদ্ধ হৈছে আৰু বৰ্তমান এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।
প্ৰাপ্ত বাতৰি অনুসৰি, পুৱতি নিশা প্ৰায় ৪ বজাত এই ঘটনাটো সংঘটিত হয়। বাইক আৰোহীগৰাকী ঘাইপথেৰে গৈ থকা অৱস্থাত হঠাতে বনৰীয়া হাতীটোৰ মুখামুখি হয়। এই ভয়ংকৰ মুহূৰ্তটোত হাতীটোৱে ব্যক্তিগৰাকীৰ পেট আৰু বুকুত দুবাৰকৈ গচকি দিয়ে আৰু তেওঁক ভৰিৰ তলত চেপি ধৰে।
কিন্তু ইয়াৰ পাছৰ দৃশ্য আছিল অধিক আচৰিত। হাতীটোৱে আঁতৰি যোৱাৰ লগে লগেই বাইক আৰোহীগৰাকী কোনো গুৰুতৰ আঘাত নোহোৱাকৈ থিয় হ’বলৈ সক্ষম হয়। বাহ্যিকভাৱে তেওঁৰ শৰীৰত কোনো বিশেষ আঘাতৰ চিন দেখা পোৱা হোৱা নাছিল। শিৱ শৰ্মা নামৰ এজন কেব চালক তথা ডিজিটেল কনটেণ্ট ক্ৰিয়েটৰে এই সমগ্ৰ ঘটনাটো বন্দী কৰি নিজৰ ফেচবুক একাউণ্টত আপল’ড কৰে আৰু লগে লগেই ই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে।
ঘটনাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৰ্মাই কয় যে, হৰিদ্বাৰ-ডেৰাডুন ঘাইপথটো যাতায়াতৰ বাবে সুবিধাজনক হ’লেও, এই পথত সঘনাই বনৰীয়া হাতী ওলোৱাৰ বাবে পৰিস্থিতি যিকোনো মুহূৰ্ততে ভয়ংকৰ হৈ পৰিব পাৰে। বাইক আৰোহীগৰাকীৰ অলৌকিক ৰক্ষাক লৈ তেওঁ আশ্চৰ্য প্ৰকাশ কৰে।
উল্লেখ্য যে, হৰিদ্বাৰ-ডেৰাডুন ঘাইপথৰ এই অংশটো ৰাজাজী টাইগাৰ ৰিজাৰ্ভৰ নিচেই কাষতে অৱস্থিত। এই বনাঞ্চলখন হাতীকে ধৰি বিভিন্ন বন্যপ্ৰাণীৰ বাবে জনাজাত আৰু ঘাইপথত প্ৰায়েই এনে বন্যপ্ৰাণীৰ বিচৰণ দেখা পোৱা যায়। সেয়েহে, বিশেষকৈ পুৱতি নিশা আৰু নিশাৰ ভাগত এই পথেৰে যাতায়াত কৰা বাহন চালকসকলক সতৰ্ক হৈ থাকিবলৈ, বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু বন্যপ্ৰাণী দেখিলে নিৰাপদ দূৰত্ব বজাই ৰাখিবলৈ কৰ্তৃপক্ষই পৰামৰ্শ প্ৰদান কৰিছে।





