• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০১১ চনৰ সেই বৃহৎ আন্দোলনৰ আঁৰত আচলতে কোন আছিল? ছোনিয়া গান্ধীৰ আত্মজীৱনীৰ দাবীৰ প্ৰত্যুত্তৰত কি ক’লে আন্না হাজাৰে

২০১১-২০১২ চনৰ 'ইণ্ডিয়া এগেইনষ্ট কৰাপচন' আন্দোলনৰ আঁৰত বিজেপি আৰু আৰএছএছৰ সমৰ্থন আছিল বুলি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে কৰা দাবী পোনচাটেই খাৰিজ কৰিছে সমাজকৰ্মী আন্না হাজাৰেই। হাজাৰেই স্পষ্ট কৰি দিছে যে সমাজ আৰু দেশৰ স্বাৰ্থতহে তেওঁ কাম কৰে, কোনো ৰাজনৈতিক দলৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2026 2:50 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে শেহতীয়াকৈ প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনীত ২০১১-১২ চনৰ ‘ইণ্ডিয়া এগেইনষ্ট কৰাপচন’ আন্দোলন সন্দৰ্ভত কৰা এক বিশেষ দাবী সমাজকৰ্মী আন্না হাজাৰেই পোনচাটেই খাৰিজ কৰিছে। ছোনিয়া গান্ধীয়ে তেওঁৰ আত্মজীৱনীত দাবী কৰিছিল যে তৎকালীন ইউপিএ চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ এই আন্দোলনৰ আঁৰত বিজেপি আৰু আৰএছএছৰ গোপন সমৰ্থন আছিল। এই দাবী নস্যাৎ কৰি আন্না হাজাৰেই কয়, “এইটো সম্পূৰ্ণ ভুল। বিজেপি বা আৰএছএছৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই আৰু মই তেওঁলোকৰ কোনো কাৰ্যসূচীত অংশগ্ৰহণ নকৰোঁ। মোৰ বাবে প্ৰথম অগ্ৰাধিকাৰ কেৱল মোৰ দেশ।”

 

Apply Now

ছোনিয়া গান্ধীৰ আত্মজীৱনী ‘Belonging: A Journey of Love’ ৰ এটা বিশেষ অংশ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। এই কিতাপখনত তেওঁ উল্লেখ কৰিছে যে ৰাজধানীত হোৱা সেই বৃহৎ দুৰ্নীতিবিৰোধী আন্দোলনে তেতিয়াৰ শাসকীয় মিত্ৰজোঁট ইউপিএক অপ্ৰস্তুত কৰি তুলিছিল আৰু প্ৰশাসনক প্ৰতিৰক্ষামূলক স্থিতি ল’বলৈ বাধ্য কৰাইছিল। গ্ৰন্থখনত লিখা আছে, “২০১২ চনত মহাৰাষ্ট্ৰৰ এগৰাকী প্ৰসিদ্ধ সমাজকৰ্মী বাবুৰাও ‘আন্না’ হাজাৰে ‘ইণ্ডিয়া এগেইনষ্ট কৰাপচন’ নামৰ এটা আন্দোলনৰ মুখ্য চৰিত্ৰ হিচাপে ওলাই আহিছিল। এই আন্দোলনত অংশগ্ৰহণ কৰা একাংশ ব্যক্তিয়ে পাছলৈ জানিবলৈ দিছিল যে ইয়াৰ আঁৰত বিজেপি আৰু আৰএছএছৰ গোপন আয়োজন আৰু সমৰ্থন আছিল।”

 

ছোনিয়া গান্ধীৰ এই দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আন্না হাজাৰেই কয়, “মই যি কৰোঁ মোৰ সমাজ আৰু দেশৰ বাবে কৰোঁ। কোনো দলৰ সৈতেই মোৰ একো সম্পৰ্ক নাই। মনমোহন সিঙৰ নেতৃত্বাধীন চৰকাৰে মোৰ আন্দোলনৰ বাবেই ২০১৪ চনৰ নিৰ্বাচনত হাৰিবলগীয়া হোৱা বুলি দাবী কৰাৰ ভিত্তি কি?” তেওঁ লগতে কয় যে তেওঁ কেতিয়াও ছোনিয়া গান্ধীক লগ পোৱা নাই আৰু গান্ধীয়েও তেওঁক দেখা নাই। গতিকে ইজনে সিজনক নেদেখাকৈ এনে মন্তব্য কৰাটো কিমান যুক্তিসংগত, সেয়া বিচাৰ্যৰ বিষয়। এজন দায়িত্বশীল ব্যক্তিয়ে দায়িত্বসহকাৰে কথা কোৱা উচিত বুলি উল্লেখ কৰি হাজাৰেই কয় যে এনে অস্পষ্ট মন্তব্যই ব্যক্তিগৰাকীৰ ভাবমূৰ্তিত বিৰূপ প্ৰভাৱ পেলায়।

 

গ্ৰন্থখনত ছোনিয়া গান্ধীয়ে এই কথাও স্বীকাৰ কৰিছে যে জনসাধাৰণৰ বিপুল সমৰ্থনৰ ফলত তৎকালীন ইউপিএ চৰকাৰ যথেষ্ট চাপত পৰিছিল আৰু অৱশেষত চৰকাৰে লোকপাল আইন গৃহীত কৰিবলৈ বাধ্য হৈছিল। লোকপাল নিযুক্তিৰ দাবীত আন্না হাজাৰেক ব্যাপক আদৰণিৰে দিল্লীলৈ অনা হৈছিল বুলিও তেওঁ উল্লেখ কৰিছে। অৱশ্যে, গ্ৰন্থখনত লগতে দাবী কৰা হৈছে যে ইউপিএ চৰকাৰে এই দুৰ্নীতিবিৰোধী আইনখন গৃহীত কৰিছিল যদিও, ২০১৪ চনত বিজেপি ক্ষমতালৈ অহাৰ পাছত এই ব্যৱস্থাক পৰিকল্পিতভাৱে অৱহেলা কৰা হ’ল। ছোনিয়া গান্ধীৰ আত্মজীৱনীৰ এই বিস্ফোৰক দাবী আৰু তাৰ পাছত আন্না হাজাৰেৰ প্ৰত্যুত্তৰে এতিয়া দেশৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাগত অৰ্হতাক লৈ উঠিছিল প্ৰশ্ন; বিতৰ্কলৈ নগৈ পদত্যাগ কৰিলে ইণ্ডোনেছিয়াৰ উপ-ৰাষ্ট্ৰপতিয়ে

শিক্ষাগত অৰ্হতাক লৈ উঠিছিল প্ৰশ্ন; বিতৰ্কলৈ নগৈ পদত্যাগ কৰিলে ইণ্ডোনেছিয়াৰ উপ-ৰাষ্ট্ৰপতিয়ে

November 12, 2026 2:58 pm
২০১১ চনৰ সেই বৃহৎ আন্দোলনৰ আঁৰত আচলতে কোন আছিল? ছোনিয়া গান্ধীৰ আত্মজীৱনীৰ দাবীৰ প্ৰত্যুত্তৰত  কি ক’লে আন্না হাজাৰে

২০১১ চনৰ সেই বৃহৎ আন্দোলনৰ আঁৰত আচলতে কোন আছিল? ছোনিয়া গান্ধীৰ আত্মজীৱনীৰ দাবীৰ প্ৰত্যুত্তৰত কি ক’লে আন্না হাজাৰে

November 12, 2026 2:50 pm
প্ৰতিহিংসা পূৰণ কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী? হায়দৰাবাদলৈ উৰা মৰাৰ আগমুহূৰ্তত বিদেশী সাংবাদিকৰ ভিছা বাতিল

প্ৰতিহিংসা পূৰণ কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী? হায়দৰাবাদলৈ উৰা মৰাৰ আগমুহূৰ্তত বিদেশী সাংবাদিকৰ ভিছা বাতিল

November 12, 2026 12:47 pm
অসমত আজি বন্ধ পেট্ৰ’ল পাম্প! তেল কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ পেট্ৰ’লিয়াম ডিলাৰসকলৰ

অসমত আজি বন্ধ পেট্ৰ’ল পাম্প! তেল কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ পেট্ৰ’লিয়াম ডিলাৰসকলৰ

November 12, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাগত অৰ্হতাক লৈ উঠিছিল প্ৰশ্ন; বিতৰ্কলৈ নগৈ পদত্যাগ কৰিলে ইণ্ডোনেছিয়াৰ উপ-ৰাষ্ট্ৰপতিয়ে

শিক্ষাগত অৰ্হতাক লৈ উঠিছিল প্ৰশ্ন; বিতৰ্কলৈ নগৈ পদত্যাগ কৰিলে ইণ্ডোনেছিয়াৰ উপ-ৰাষ্ট্ৰপতিয়ে

November 12, 2026 2:58 pm
২০১১ চনৰ সেই বৃহৎ আন্দোলনৰ আঁৰত আচলতে কোন আছিল? ছোনিয়া গান্ধীৰ আত্মজীৱনীৰ দাবীৰ প্ৰত্যুত্তৰত  কি ক’লে আন্না হাজাৰে

২০১১ চনৰ সেই বৃহৎ আন্দোলনৰ আঁৰত আচলতে কোন আছিল? ছোনিয়া গান্ধীৰ আত্মজীৱনীৰ দাবীৰ প্ৰত্যুত্তৰত কি ক’লে আন্না হাজাৰে

November 12, 2026 2:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd