• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কামিন্সৰ সৈতে মুকলি কাজিয়া পত্নীৰ! ভিডিঅ’ক লৈ তোলপাৰ, ক্ৰিকেটৰ ‘কলংকিত’ অধ্যায়ৰ ছাঁ?

অষ্ট্ৰেলিয়াৰ সময় অনুসৰি শুকুৰবাৰে পুৱাই কামিন্সে ছেণ্ডপেপাৰগেটৰ বিষয়ে মুখ খুলিব। তেওঁ উছমান খোৱাজাৰ অভিযোগৰ উত্তৰ দিব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2026 5:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঠ বছৰ পূৰ্বে সংঘটিত হোৱা ‘চেণ্ডপেপাৰগেট’ কাণ্ড ক্ৰিকেটৰ অন্যতম কলংকিত অধ্যায়। অৱশ্যে কেপ টাউন টেষ্টৰ বল টেম্পাৰিং কেলেংকাৰীয়ে পুনৰবাৰ ক্ৰিকেট জগত উত্তাল কৰি তুলিছে। নতুনকৈ প্ৰকাশিত আত্মজীৱনী ‘ছবৰ’ত ইটোৰ পিছত সিটো বিস্ফোৰণ ঘটাইছে উছমান খোৱাজাই। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অ’পেনাৰগৰাকীৰ কথাই জোকাৰি গৈছে ক্ৰিকেট অষ্ট্ৰেলিয়া।

এনে পৰিস্থিতিত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে অষ্ট্ৰেলিয়াৰ টেষ্ট অধিনায়ক পেট কামিন্স। জানিব পৰা মতে, ‘চেণ্ডপেপাৰগেট’ বিতৰ্কত খোৱাজাৰ অভিযোগৰ  তেওঁ প্ৰত্যুত্তৰো দিব। কিন্তু তাৰ আগতে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ পৰিল কামিন্স।

অষ্ট্ৰেলিয়াৰ এটা আগশাৰীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা ভিডিঅ’ ফুটেজত ৩৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে ছিডনীৰ ৰাজপথত কাজিয়াত লিপ্ত হোৱা দেখা গৈছে। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখন খেলৰ এদিনীয়া শৃংখলা শুকুৰবাৰৰ পৰা (১২ নৱেম্বৰ) আৰম্ভ হ’ব।

Apply Now

অৱশ্যে কামিন্সক এই শৃংখলাত বাবে জিৰণি দিয়া হৈছে। বৰ্তমান তেওঁ পৰিয়ালৰ সৈতে ছিডনীত আছে। অষ্ট্ৰেলিয়াৰ ব’ৰ্ডে তেওঁক জিৰণি দিয়াৰ সিদ্ধান্ত লৈছে যাতে তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে চাৰিখন মেচৰ টেষ্ট শৃংখলাৰ বাবে উজ্জীৱিত হৈ উঠিব পাৰে। কিন্তু খেলপথাৰত কঠিন যুঁজৰ সন্মুখীন হোৱাৰ পূৰ্বে কামিন্সে পাৰিবাৰিক ‘প্ৰত্যাহ্বান’ৰ সন্মুখীন হৈছে।

প্ৰকাশ পোৱা ভিডিঅ’টোত কামিন্সে পত্নী বেকীৰ সৈতে এটা বাসগৃহত প্ৰৱেশ কৰা দেখা গৈছে। তাৰকা দম্পতীয়ে কথা পাতি আছিল। এই সময়ত কামিন্স আৰু পত্নীক যথেষ্ট আক্ৰমণাত্মকভাৱে কথা পতা দেখা যায়। অৱশ্যে অষ্ট্ৰেলিয়াৰ অধিনায়কজন শান্ত হৈ আছিল।

এনে দৃশ্য দেখি বহুতে কৈছে, তেন্তে আঠ বছৰ পূৰ্বে বল টেম্পাৰিং কাণ্ডক লৈ দুয়োৰে মাজত তৰ্ক হৈছিল নেকি? অৱশ্যে এই ভিডিঅ’ ভাইৰেল হোৱাৰ এঘণ্টাৰ পাছত বেকীয়ে ইনষ্টাগ্ৰামত এখন পাৰিবাৰিক ফটোও পোষ্ট কৰে। কেপচনত লিখা আছিল ‘মাই লাভ’। তাৰকা দম্পতীৰ উপৰিও তেওঁলোকৰ কন্যা এডিথকো ছবিখনত দেখা গৈছিল। যাৰ বয়স ডেৰ বছৰ। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত জন্ম  এডিথৰ। বেকী আৰু কামিন্সৰ পুত্ৰ সন্তানো আছে। ২০২১ চনৰ অক্টোবৰ মাহত জন্ম হৈছিল আলবীৰ।

Even Pat Cummins is just another husband in front of his wife. My brother is looking terrified af.😭😭😭😭 https://t.co/zSN3YvZFEY

— Rajiv (@Rajiv1841) November 12, 2026

ইপিনে, অষ্ট্ৰেলিয়াৰ সময় অনুসৰি শুকুৰবাৰে পুৱাই কামিন্সে ছেণ্ডপেপাৰগেটৰ বিষয়ে মুখ খুলিব। তেওঁ উছমান খোৱাজাৰ অভিযোগৰ উত্তৰ দিব। ছিডনীস্থিত ক্ৰিকেট নিউ চাউথ ৱেলছৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতিব অষ্ট্ৰেলিয়াৰ অধিনায়কগৰাকীয়ে।

উল্লেখ্য যে আঠ বছৰ পূৰ্বে কেপ টাউন টেষ্টৰ বল টেম্পাৰিং কেলেংকাৰীয়ে ক্ৰিকেট জগতত নতুনকৈ আলোড়নৰ সৃষ্টি কৰিছে। প্ৰতিদিনে নতুন নতুন তথ্য চৰ্চালৈ আহিছে। কিছুদিন পূৰ্বে উছমান খোৱাজাই দাবী কৰিছিল যে অষ্ট্ৰেলিয়াৰ দলৰ প্ৰায় সকলোৱেই এই বল টেম্পাৰিং কাণ্ডৰ বিষয়ে জানিছিল। অৱশ্যে এই ঘটনাৰ দায়িত্ব ডেভিদ ৱাৰ্নাৰ, ষ্টিভ স্মিথ আৰু কেমেৰন বেনক্ৰফ্টৰ ওপৰত জাপি দিয়া হয়। এতিয়া সেই অভিযোগৰ উত্তৰত কামিন্সে কি কয় সেয়া লক্ষ্যনীয় হৈ পৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কামিন্সৰ সৈতে মুকলি কাজিয়া পত্নীৰ! ভিডিঅ’ক লৈ তোলপাৰ, ক্ৰিকেটৰ ‘কলংকিত’ অধ্যায়ৰ ছাঁ?

কামিন্সৰ সৈতে মুকলি কাজিয়া পত্নীৰ! ভিডিঅ’ক লৈ তোলপাৰ, ক্ৰিকেটৰ ‘কলংকিত’ অধ্যায়ৰ ছাঁ?

November 12, 2026 5:16 pm
কেজৰিৱাল আৰু তেওঁৰ কন্যাক হত্যাৰ ভাবুকি, দাবী ৭ কোটি টকা! তদন্তত ওলাল চাঞ্চল্যকৰ তথ্য

কেজৰিৱাল আৰু তেওঁৰ কন্যাক হত্যাৰ ভাবুকি, দাবী ৭ কোটি টকা! তদন্তত ওলাল চাঞ্চল্যকৰ তথ্য

November 12, 2026 3:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd