একেৰাহে ১২ মাহ ধৰি উৰ্ধমুখী ধাৰা অব্যাহত ৰখাৰ পিছত অক্টোবৰ মাহত দুবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰে ৬ শতাংশৰ সীমা অতিক্ৰম কৰে।
বৃহস্পতিবাৰে প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি অক্টোবৰ মাহত গ্ৰাহক মূল্য সূচকাংক (চিপিআই)ভিত্তিক মুদ্ৰাস্ফীতি ৬.০৯ শতাংশলৈ বৃদ্ধি পাইছে, যিটো ছেপ্টেম্বৰ মাহত ৫.৫৪ শতাংশ আছিল। মূলতঃ খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যৰ বাবেই সামগ্ৰিকভাৱে মুদ্ৰাস্ফীতি সূচকাংকই ৰিজাৰ্ভ বেংকৰ সৰ্বোচ্চ সীমা অতিক্ৰম কৰিছে।
চৰকাৰী পৰিসংখ্যা অনুসৰি অক্টোবৰ মাহত খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি ছেপ্টেম্বৰ মাহত ৭.৭৪ শতাংশৰ পৰা ৮.৯৪ শতাংশলৈ বৃদ্ধি পাইছে। পাকঘৰৰ প্ৰয়োজনীয় সামগ্ৰীৰ ভিতৰত সৰ্বাধিক মূল্য বৃদ্ধি পোৱা গৈছে পিঁয়াজৰ ক্ষেত্ৰত, যাৰ মূল্য প্ৰায় ১১৬ শতাংশ বৃদ্ধি পাইছে।
ইয়াৰ উপৰিও নহৰুৰ মূল্য ৬১ শতাংশ, আদা ৪৮ শতাংশ আৰু নেমুৰ মূল্য ৪৭ শতাংশ বৃদ্ধি পোৱাৰ ফলত সাধাৰণ মানুহৰ পকেটত ডাঙৰ চাপ পৰিছে। কেৱল বছৰেকীয়া ভিত্তিত নহয়, মাহেকীয়া ভিত্তিতো অৰ্থাৎ ছেপ্টেম্বৰৰ তুলনাত অক্টোবৰ মাহত সামগ্ৰীৰ সামগ্ৰিক মূল্য ০.৫ শতাংশ বৃদ্ধি পাইছে আৰু খাদ্য সামগ্ৰীৰ মূল্য প্ৰায় এক শতাংশ বৃদ্ধি পাইছে।
দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত মাত্ৰ পাঁচটা অঞ্চল – আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু দিল্লীত মুদ্ৰাস্ফীতিৰ হাৰ ৪ শতাংশৰ তলত আছিল। আনহাতে, ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই হাৰে ৬ শতাংশ অতিক্ৰম কৰিছে, ইয়াৰে পুডুচেৰীয়ে সৰ্বাধিক মুদ্ৰাস্ফীতিৰ হাৰ ৭.৯৬ শতাংশ ৰেকৰ্ড কৰিছে।
অৰ্থনীতিবিদসকলৰ মতে বিশ্বৰ বজাৰৰ অস্থিৰতা, উৎসৱৰ বতৰত কাপোৰৰ দাম বৃদ্ধি আৰু গাড়ীৰ দাম বৃদ্ধিৰ প্ৰভাৱো এই মুদ্ৰাস্ফীতিৰ দ্বাৰা প্ৰতিফলিত হৈছে। বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে যে ২০২৭ চনৰ জুন মাহলৈকে দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ ৬ শতাংশৰ ওপৰত থকাৰ প্ৰবল সম্ভাৱনা আছে।
উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লক্ষ্য হৈছে মুদ্ৰাস্ফীতি ২ৰ পৰা ৬ শতাংশৰ ভিতৰত ৰাখি ৪ শতাংশত বান্ধি ৰখা। কিন্তু একেৰাহে পঞ্চম মাহৰ বাবে মুদ্ৰাস্ফীতি ৪ শতাংশৰ ওপৰত থাকি ২০২৪ চনৰ অক্টোবৰৰ পিছত প্ৰথমবাৰৰ বাবে ৬ শতাংশৰ সীমা অতিক্ৰম কৰিলে। এই ধাৰাবাহিক মূল্যবৃদ্ধি এতিয়া নীতি নিৰ্ধাৰকসকলৰ বাবে এক ডাঙৰ মূৰৰ বিষৰ কাৰণ হৈ পৰিছে।





