অসমৰ জাগীৰোডৰ শিলচাঙত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হৈছে এটা বনৰীয়া হাতীৰ মৃতদেহ। হাতীটোৰ মূৰত দুটাকৈ গুলীৰ চিন প্ৰত্যক্ষ হোৱাৰ পাছতে ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। হাতীটোক চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
প্ৰাপ্ত খবৰ অনুসৰি, খাদ্যৰ সন্ধানত হাতীটো খোলাহাট বনাঞ্চলৰ পৰা ওলাই আহিছিল। সেই সময়তে চুবুৰীয়া মেঘালয়ৰ পৰা অহা বুলি সন্দেহ কৰা চোৰাং চিকাৰীৰ দল এটাই হাতীটোক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে অসম বন বিভাগৰ বিষয়া আৰু পশু চিকিৎসকৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। মৃত হাতীটোৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ লগতে মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে হাতীটোৰ মৃত্যু গুলীৰ আঘাতৰ ফলত হৈছিল নে আন কোনো কাৰণত, সেয়া স্পষ্ট হ’ব। প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগে।
উল্লেখ্য যে বনৰীয়া হাতীৰ সংখ্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমৰ স্থান দ্বিতীয়। শেহতীয়া সৰ্বভাৰতীয় সমকালীন হাতী গণনা (SAIEE)ৰ ডি এন এ-ভিত্তিক পদ্ধতিৰে কৰা সমীক্ষা অনুসৰি অসমত বনৰীয়া হাতীৰ আনুমানিক সংখ্যা ৪,১৫৯টা। এই তালিকাত প্ৰথম স্থানত আছে কৰ্ণাটক।
আনহাতে, অসম বন বিভাগে নিজাববীয়াকৈ কৰা আন এক গণনাত ৰাজ্যখনত হাতীৰ সংখ্যা ৫,৮২৮টা বুলি তথ্য প্ৰকাশ পাইছিল। এই পৰিসংখ্যাই দেশৰ হাতী সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ বনাঞ্চলসমূহৰ গুৰুত্ব পুনৰবাৰ প্ৰতিফলিত কৰিছে।
কিন্তু হাতীৰ বৃহৎ জনসংখ্যা থকাৰ সমান্তৰালকৈ অসমত মানৱ-হাতী সংঘাতো এক গুৰুতৰ সমস্যা হৈ পৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ সৈতে মানুহৰ সংঘাতত দুয়োপক্ষৰে প্ৰাণহানি হৈ আহিছে।
অসম বিধানসভাত দাখিল কৰা চৰকাৰী তথ্য অনুসৰি, বিগত এটা দশকত ৰাজ্যখনত মানৱ-হাতী সংঘাতৰ ফলত কমেও ১,১৪৭জন লোক আৰু ২৪৬টা হাতীৰ মৃত্যু হৈছে।
এনে পৰিস্থিতিত জাগীৰোডত মূৰত গুলীৰ চিনসহ হাতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই পুনৰবাৰ বন্যপ্ৰাণীৰ সুৰক্ষা আৰু চোৰাং চিকাৰ প্ৰতিৰোধৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰশাসন আৰু বন বিভাগে কিমান ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিছে, সেই প্ৰশ্নও এতিয়া প্ৰাসংগিক হৈ পৰিছে।





