বেটিং বিপৰ্যয়ৰ সকলো সীমা অতিক্ৰম কৰিলে টিম ইণ্ডিয়াই। ৩৩৪ ৰানৰ লক্ষ্য খেদি গোটেই দলটোৱে মাত্ৰ ৮৯ ৰানতে অল আউট হয়। মাউণ্ট মাউংগানুইৰ বে অ’ভেলত নিউজিলেণ্ডৰ বিৰুদ্ধে চতুৰ্থ এদিনীয়া খেলখনত ভাৰত ২৪৪ ৰানত পৰাস্ত হয়।
ইটোৰ পিছত সিটো উইকেট হেৰুৱাই মাত্ৰ ৯ ৰানতে ৪টা উইকেট হেৰুৱায় দলটোৱে। এদিনীয়া ক্ৰিকেটত ৰান খেদি এনে বিপৰ্যয় ভাৰতীয় ক্ৰিকেটৰ অন্যতম লজ্জাজনক অধ্যায় হৈ পৰিছে। কেৱল সেয়াই নহয়, এদিনীয়া ক্ৰিকেটত ৰানৰ হিচাপত ভাৰতৰ এয়া দ্বিতীয় বৃহত্তম পৰাজয়।
ইয়াৰ পূৰ্বে ২০০০ চনত শ্বাৰজাহত শ্ৰীলংকাৰ হাতত ২৪৫ ৰানত পৰাস্ত হৈছিল ভাৰত। অৰ্থাৎ ২৬ বছৰ আগৰ সেই লজ্জাজনক অভিলেখৰ অতি ওচৰ চাপিছিল টিম ইণ্ডিয়া। ৮৯ ৰান ভাৰতৰ এদিনীয়া ইতিহাসত ষষ্ঠ সৰ্বনিম্ন স্ক’ৰ।
শুকুৰবাৰে টছত পৰাস্ত হোৱাৰ পিছত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি এক বৃহৎ স্ক’ৰ কৰে। আৰম্ভণিৰে পৰাই টিম ছেইফাৰ্টে আক্ৰমণাত্মকভাৱে বেটিং কৰিছিল। তেওঁ ৪৮টা বলত ৫৮ ৰান সংগ্ৰহ কৰে। এদিনীয়া ক্ৰিকেটত এয়া তেওঁৰ প্ৰথমটো অৰ্ধশতক। আনহাতে, উইল ইয়ঙে দুবাৰকৈ জীৱনদান পোৱাৰ পিছত সেই সুযোগ ব্যৱহাৰ কৰে। তেওঁ ১০৮ বলত ১২৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। তেওঁৰ ইনিংছত আছিল ১৪টা চাৰি আৰু চাৰিটা ছয়।
মাজতে নিক কেলি আৰু ডিন ফক্সক্ৰফ্টে দ্ৰুতগতিত আউট হৈছিল যদিও ফিন এলেনে ৩০টা বলত ৪১ ৰান সংগ্ৰহ কৰে। পিছত মিচেল ছাণ্টনাৰে ২৪ ৰান আৰু ক্রিষ্টিয়ান ক্লাৰ্কে ২২ ৰান সংগ্ৰহ কৰি দলটোৰ স্ক’ৰ বৃদ্ধি কৰাত সহায় কৰে। শেষত নিউজিলেণ্ডে ৫০ অভাৰত ৩৩৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অক্ষৰ পেটেল, আকিব নবি আৰু গুৰনুৰ ব্ৰাৰে দুটাকৈ উইকেট দখল কৰে।
বেটিং কৰিবলৈ নমাৰ পিছত মেট হেনৰীয়ে আৰম্ভ কৰিলে ভাৰতৰ বেটিং বিপৰ্যয়ৰ। প্ৰথম তিনিখন মেচ খেলিব নোৱাৰিলেও চতুৰ্থখন মেচত দললৈ ঘূৰি অহাৰ পাছত ভাৰতীয় বেটিঙৰ মেৰুদণ্ড ভাঙি দিয়ে। ৰান খেদিবলৈ নামি ৰোহিত শৰ্মাক প্ৰথম বলতে ফিন এলেনেক কেচ দিয়ে। ইয়াৰ পাছতে হেনৰীয়ে একেটা অভাৰৰ পঞ্চম বলত বিৰাট কোহলীক বোল্ড কৰে। চাৰিটা বল খেলি তেওঁ একাউণ্ট খুলিব নোৱাৰিলে।
সেই অভাৰতে কেপ্তেইন শ্ৰেয়াছ আয়াৰো আউট হ’ল। প্ৰথম এদিনীয়াত ভাৰতক নেতৃত্ব দিয়াৰ সময়তে গোল্ডেন ডাকৰ বলি হয়। হেনৰীৰ বলত শ্ৰেয়াছ এল বি ডব্লিউ হয়। ইয়াৰ পিছতে ৰুতুৰাজ গাইকোৱাদক কাইল জেমিছনে ৫ ৰানত আউট কৰে। মাত্ৰ ৯ ৰানত চাৰিটা উইকেট হেৰুৱাই খেলখনৰ পৰা প্ৰায় বাহিৰ হয় ভাৰত।
এই বিপৰ্যয়ে আমাক ১৯৮৩ চনৰ বিশ্বকাপত জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ খেলখনৰ কথা মনত পেলাই দিয়ে। সেইবাৰো ভাৰতে ৯ ৰানত ৪ উইকেট হেৰুৱাইছিল। অৱশ্যে অধিনায়ক কপিল দেৱৰ নট আউট ১৭৫ ৰানৰ ঐতিহাসিক ইনিংছৰে দলটোৱে ঘূৰি আহে। আজি অৱশ্যে কোনো ত্ৰাণকৰ্তা নাছিল।
প্ৰাৰম্ভিক জোকাৰণিৰ পিছত ঈশান কিষাণে অলপ প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰে। তেওঁ ৫৩টা বলত ২৭ ৰান সংগ্ৰহ কৰে। অক্ষৰ পেটেলেও ২১ ৰান সংগ্ৰহ কৰে। নমন ধীৰে ২৪টা বলত ২১ ৰান সংগ্ৰহ কৰি কিছু প্ৰতিৰোধ গঢ়িবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোকৰ কোনোৱেই দলটোক ডাঙৰ বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। বাকীসকলেও নিজৰ বেটৰ পৰা কোনো উল্লেখযোগ্য ৰান নাপালে।
নিউজিলেণ্ডৰ হৈ কেৱল হেনৰীয়েই ৬টা উইকেট দখল কৰে। তেওঁ ৯.৪ অভাৰত মাত্ৰ ২৭ ৰানত এজন এজনকৈ ছয়গৰাকী ভাৰতীয় বেটছমেনক আউট কৰে। প্ৰথম অভাৰত তিনিটা উইকেট দখল কৰি ভাৰতৰ ইনিংছৰ ভেটি খহাই দিয়ে। মেথিউ ফিচাৰে তিনিটা আৰু জেমিছনে এটা উইকেট দখল কৰে। ভাৰতৰ ইনিংছ ২৬.৪ অভাৰত ৮৯ ৰানেৰে সমাপ্ত হয়।
এই জয়েৰে নিউজিলেণ্ডে এদিনীয়া ক্ৰিকেটত ভাৰতৰ বিৰুদ্ধে একাধিকবাৰ ২০০ বা তাতকৈ অধিক ৰাণত জয়ী হোৱাৰ অভিলেখ গঢ়ি তুলিছে। ইয়াৰ পূৰ্বে ২০১০ চনত ডাম্বুল্লাত ভাৰতক ২০০ ৰাণত পৰাস্ত কৰিছিল। কোনো দলৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত দুবাৰকৈ কিউই দলে ২০০ ৰান বা তাতকৈ অধিক ৰানত জয়লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত ভাৰতৰ এয়া সৰ্ববৃহৎ পৰাজয়। পাঁচখন মেচৰ শৃংখলাত এই জয়ে নিউজিলেণ্ডক যুঁজখনত পুনৰ ওভতাই আনিলে।





