গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰই নিজৰ মাতৃক ছুৰিৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে মহানগৰীৰ এবিচি অঞ্চলৰ এটা আৱাসিক অট্টালিকাৰ পৰা জঁপিয়াই ছাত্ৰজনে আত্মহত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। শুকুৰবাৰে সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ছাত্ৰজনৰ মাতৃ ৫০ বছৰীয়া চন্দ্ৰাণী কলিতা। বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আইচিইউত চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, তেওঁৰ অৱস্থা সংকটজনক।
প্ৰাথমিক তথ্য অনুসৰি, বামুণীমৈদামৰ হালধি মিল অঞ্চলৰ পূব জ্যোতিনগৰত থকা নিজা বাসগৃহতে মাতৃক আক্ৰমণ কৰিছিল ছাত্ৰজনে। গীতানগৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে আক্ৰমণৰ পিছতে বিদ্যালয়ৰ এটা গোটত ঘটনাটোৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
ইয়াৰ পিছতে ছাত্ৰজন এবিচি অঞ্চলৰ এটা আৱাসিক অট্টালিকাৰ পৰা তললৈ জঁপিয়াই পৰে। গুৰুতৰভাৱে আহত অৱস্থাত তেওঁৰ মৃত্যু হয়। প্ৰথমে ঘটনাস্থলী হিচাপে ময়ূৰ হাইটছৰ নাম প্ৰকাশ পাইছিল যদিও পিছত অট্টালিকাটোৰ নাম ময়ূৰ গাৰ্ডেন বুলি নিশ্চিত কৰা হয়।
ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কি কাৰণত নৱম শ্ৰেণীৰ ছাত্ৰজনে এনে ভয়ংকৰ পদক্ষেপ গ্ৰহণ কৰিলে, সেই বিষয়ে তদন্তৰ পিছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।





