গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰঙাজানত শুকুৰবাৰে সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ শনিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এতিয়ালৈকে ২৬ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ১৬ জন চিকিৎসাধীন হৈ আছে। শনিবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিনি বাছখনৰ চালকজন হঠাৎ ষ্ট্ৰ’কৰ দৰে কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যত আক্ৰান্ত হোৱাৰ ফলতেই বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল।
দুৰ্ঘটনাস্থলী পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই কণ্টেইনাৰ ট্ৰাকখনৰ ডেশ্বকেমৰ (Dashcam) দৃশ্য বিষয়ে উল্লেখ কৰি কয় যে, দৃশ্যবোৰৰ পৰা স্পষ্ট হৈছে যে ট্ৰেভেলাৰখন হঠাতে পথ সলনি কৰি ট্ৰাকখনৰ ফালে গুচি আহিছিল। “ৰাস্তাটো একেবাৰে মুকলি আছিল, কিন্তু ট্ৰেভেলাৰখনে হঠাতে দিশ সলনি কৰি কণ্টেইনাৰ ট্ৰাকখনৰ দিশে আগবাঢ়ি আহে। তদন্তকাৰীসকলে বৰ্তমান দুটা দিশ পৰীক্ষা কৰি আছে: চালকজনে সুৰাপান কৰি আছিল নেকি অথবা তেওঁৰ হঠাৎ ষ্ট্ৰ’ক হৈছিল,” মুখ্যমন্ত্ৰীয়ে কয়।
ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ ৰাজ্য চৰকাৰে চালকজনৰ মৰণোত্তৰ পৰীক্ষা অতি বিতংভাৱে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে চালকজন স্থানীয় বাসিন্দা আছিল আৰু সেয়েহে তেওঁ কাজিৰঙা অঞ্চলৰ যান-বাহনৰ কঠোৰ নিয়মসমূহৰ বিষয়ে অৱগত থকা উচিত আছিল। কাজিৰঙাৰ অধিকাংশ স্থানতে সৰ্বোচ্চ গতিবেগ ৪০ কিলোমিটাৰ প্ৰতি ঘণ্টা নিৰ্ধাৰণ কৰা আছে বুলিও তেওঁ উল্লেখ কৰে।
এই শোকাৱহ ঘটনাত নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীয়ে ৯ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। ইয়াৰে ৭ লাখ টকা অসম চৰকাৰৰ ফালৰ পৰা আৰু ২ লাখ টকা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ’ব। জানিব পৰা মতে, নিহতসকলৰ ভিতৰত অধিকাংশই আছিল ছাত্ৰ-ছাত্ৰী, যিসকলে শ্ৰেণী শেষ কৰি ঘৰলৈ উভতি গৈ আছিল।
শুকুৰবাৰে সংঘটিত এই ভয়ংকৰ মুখামুখি সংঘৰ্ষৰ ফলত মিনি বাছখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। দুৰ্ঘটনাৰ লগে লগে আৰক্ষী, জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ তৎপৰতাত এক বৃহৎ উদ্ধাৰ অভিযান চলোৱা হৈছিল। প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি, যাত্ৰীবাহী বাহনখন দুৰ্ঘটনাৰ পূৰ্বে তীব্ৰ বেগত আছিল। সম্প্ৰতি কৰ্তৃপক্ষই এই সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে আৰু চিকিৎসাধীন ১৬ জনৰ ভিতৰত প্ৰায় ১২ জনৰে অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।





