মানুহৰ চেহেৰাও কেতিয়াবা অভিশাপ হৈ পৰে! আৰু সেই অভিশাপৰ বাবেই ইৰাণৰ তেহৰাণৰ এজন দোকানীয়ে জীৱিকা হেৰুৱাই পেলাইছে। তেওঁৰ চেহেৰা ইৰাণৰ প্ৰধান শত্ৰু বেঞ্জামিন নেতানিয়াহুৰ সৈতে আকৰ্ষণীয়ভাৱে মিল আছে। ঠিক সেইবাবেই তেওঁ বিপদত পৰিছে।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বৃদ্ধজনৰ ছবি আৰু ভিডিঅ’। ইয়াৰ পিছতে মানুহজন বিপদত পৰিল। শত্ৰুৰ লগত এনে সাদৃশ্যৰ বাবে ইৰাণৰ সাধাৰণ জনতাই তেওঁক বৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। ব্যৱসায়ৰ ক্ষতি হৈছে।
ইৰাণৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লোকজনৰ তেহৰাণত শুকান ফল, বাদাম আৰু মিঠাইৰ দোকান আছে। শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল। য’ত তেওঁক দোকানৰ ভিতৰত দগা পাল্লাৰ আঁৰত বহি থকা দেখা যায়। মুখৰ সৈতে সাদৃশ্য, চুলিৰ ষ্টাইল আৰু আচাৰ-ব্যৱহাৰত নেতানিয়াহুৰ সৈতে এক অদ্ভুত সাদৃশ্য লক্ষ্য কৰে নেটিজেনসকলে। ইয়াৰ পিছতে নেটিজেনে দোকানীজনক আৰু তেওঁৰ দোকানখন বিচাৰি উলিয়াবলৈ চেষ্টা আৰম্ভ কৰে।
প্ৰথম অৱস্থাত এই ভিডিঅ’টো কেৱল এটা ধেমালি আৰু কৌতুকৰ কাৰণ আছিল যদিও পৰিস্থিতি ক্ৰমান্বয়ে গুৰুতৰ হৈ পৰিল। ‘শত্ৰু’ নেতানিয়াহুৰ সৈতে সাদৃশ্য থকাৰ বাবেই দোকানীজনক বৰ্জন কৰিবলৈ নেটিজেনসকলে আবেদন জনায়। ফল মাৰাত্মক হৈ পৰিল। তেওঁৰ দোকানত গ্ৰাহকৰ সংখ্যা কমি আহিল। অনলাইন বিতৰ্কৰ বাবে ব্যৱসায়ীজনৰ ব্যৱসায়ত গুৰুতৰ প্ৰভাৱ পৰিছে। জানিব পৰা মতে এই সমগ্ৰ ঘটনাক লৈ ব্যৱসায়ীজন বিচলিত হৈ পৰিছে।
অৱশ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোৰ সত্যতা স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হোৱা নাই। আনকি দোকানীজনৰ পৰিচয়, তেওঁৰ দোকানৰ ঠিকনা, বা তেওঁৰ বিষয়ে কৰা দাবীৰ সত্যতাও স্পষ্ট নহয়। কিন্তু নেতানিয়াহুৰ ৰূপত থকা ইৰাণী ব্যৱসায়ীগৰাকী এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
Netanyahu Lookalike in Trouble!
An Iranian man named Abbas Ghaderi has become a social media sensation because of his striking resemblance to Israeli Prime Minister Benjamin Netanyahu.
Reports circulating online claim that the Iranian shopkeeper has faced a boycott, with customers refusing to visit his business because of his resemblance to Netanyahu, reportedly costing him his livelihood.
— Sameh Ahmed 𓂆 🇵🇸 (@PalPress24) November 10, 2026
উল্লেখ্য যে দীৰ্ঘদিন ধৰি উত্তেজনাৰ অন্তত ইজৰাইলে আমেৰিকাৰ সৈতে হাত মিলাই ইৰাণৰ মাটিত আক্ৰমণ চলায়। এই যুদ্ধৰ বাবেই তাত থকা জনসাধাৰণে আমেৰিকা আৰু ইজৰাইল উভয়ৰে ওপৰত ক্ষুব্ধ হৈ পৰিছে। নেতানিয়াহুৰ সৈতে সাদৃশ্য থকাৰ বাবেই এতিয়া তেহৰাণৰ ব্যৱসায়ীজনৰ জীৱনলৈ নামি আহিছে ৰাজনৈতিক আৰু সামৰিক সংঘাতৰ ভয়াৱহ প্ৰভাৱ ।





