আঞ্চলিক নিৰাপত্তাৰ খাতিৰত বেলুচ লিবাৰেচন আৰ্মীয়ে (বিএলএ) এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেনাবাহিনীত তেওঁলোকে ডাঙৰ পৰিৱৰ্তন আনিছে। কেপ্তেইন ৰহমান গুলক বিএলএৰ নতুন কমাণ্ডাৰ ইন চিফ হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ আচলতে এগৰাকী পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্তেইন। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ পৰা এই কথা প্ৰকাশ পাইছে।
সংগঠনটোৰ ভিতৰত তেওঁক ‘উস্তাদ মুৰিদ’ আৰু ‘মুৰিদ বালোচ’ নামেৰে পৰিচিত বুলি জনা যায়। প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে, ইছলামাবাদৰ বিৰুদ্ধে যুঁজত এইবাৰ বিএলএই তেওঁলোকৰ অস্ত্ৰৰেই জব্দ কৰিবলৈ চেষ্টা কৰিছে। বিচ্ছিন্নতাবাদী গোষ্ঠীটোৰ এই পদক্ষেপ হৈছে পাকিস্তান সেনাৰ ভিতৰৰ বৃত্তৰ সামৰিক কৌশল কামত লগোৱা।
নুস্কিৰ বাসিন্দা আৰু প্ৰভাৱশালী মেংগাল পৰিয়ালত জন্মগ্ৰহণ কৰা ৰহমান এসময়ত পাকিস্তানী সেনাবাহিনীৰ বিষয়া আছিল। এই পদবী আছিল ১৯ নং সীমান্ত বাহিনী ৰেজিমেণ্টৰ এজন কমিচনপ্ৰাপ্ত বিষয়াৰ। পিছত সেই সেনাবাহিনী এৰি বিএলএত যোগদান কৰে।
ক্ৰমান্বয়ে তেওঁ এই বিচ্ছিন্নতাবাদী সেনাবাহিনীত শীৰ্ষ স্থানত উপনীত হ’ল। কমাণ্ডাৰ ইন চিফ হোৱাৰ আগতে তেওঁ বি এল এৰ ছেকেণ্ড ইন কমাণ্ড হিচাপে কাম কৰি আছিল। সংগঠনটোৰ বিশেষ আত্মঘাতী শাখা ‘মজিদ ব্ৰিগেড’ৰ অপাৰেচনেল ট্ৰেইনাৰৰ গুৰুত্বপূৰ্ণ দায়িত্বও তেওঁ চম্ভালিছিল।
চোৰাংচোৱা আৰু প্ৰতিৰক্ষা বিশ্লেষকৰ মতে, এই প্ৰাক্তন পাকিস্তানী সেনা বিষয়াগৰাকীক শীৰ্ষ পদত নিযুক্তি দিয়াৰ লগে লগে বি এল এৰ হাতত এতিয়া লজিষ্টিকছৰ পৰা যুদ্ধ দমনলৈকে পাকিস্তানী সেনাৰ ৰণকৌশল হাতলৈ আহিল। এতিয়া যিহেতু উস্তাদ মুৰিদে সামগ্ৰিক কমাণ্ডৰ দায়িত্বত আছে, সেয়ে আঞ্চলিক নিৰাপত্তা সংস্থাসমূহে বেলুচিস্তানত বিএলএৰ ভৱিষ্যতৰ ৰণকৌশল কোন দিশলৈ গতি কৰে তাৰ ওপৰত চকু ৰাখিছে।
উল্লেখ্য যে বেলুচিস্তান লিবাৰেচন আৰ্মী বা বিএলএ ২০০০ চনত গঠন হৈছিল। এইটো এটা ধৰ্মনিৰপেক্ষ, নৃগোষ্ঠী-জাতীয়তাবাদী সশস্ত্ৰ বিচ্ছিন্নতাবাদী গোট। তেওঁলোকৰ মূল লক্ষ্য হৈছে পাকিস্তানৰ সৰ্ববৃহৎ আৰু অনুন্নত অঞ্চল বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক কৰি স্বাধীন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা।





