২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত বিলকিছ বানোক গণধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সাতগৰাকী সদস্যক হত্যা কৰা গোচৰত দোষী সাব্যস্ত হোৱা দুজন ব্যক্তিক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। দোষী বিপিনচন্দ্ৰ কানাইয়ালাল যোশী আৰু প্ৰদীপ ৰমনলাল মোদিয়াৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি সাময়িকভাৱে স্থগিত ৰাখিছে শীৰ্ষ আদালতে। ১৭ বছৰতকৈ অধিক সময় কাৰাগাৰত কটোৱাৰ বিষয়টো বিবেচনা কৰি এই নিৰ্দেশ দিছে ন্যায়ালয়ে। যোৱা ২৮ অক্টোবৰত ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ন্যায়াধীশ প্ৰসন্ন বি বাৰালেৰে গঠিত বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। অৱশ্যে নিম্ন আদালতে বান্ধি দিয়া চৰ্ত অনুসৰিহে তেওঁলোকক মুকলি কৰি দিয়া হ’ব।
নিৰ্দেশত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে দুয়োগৰাকী দোষীয়ে ইতিমধ্যে ১৭ বছৰতকৈ অধিক সময় কাৰাগাৰত কটাইছে। ইয়াৰ উপৰি তেওঁলোকৰ মাজৰ এজন গুৰুতৰভাৱে বিশেষভাৱে সক্ষম। এই বিষয়টোও বিচাৰপীঠে বিবেচনা কৰিছে। আনহাতে, দুয়োৰে মাজৰ এজনৰ নাম গোচৰটোৰ প্ৰাথমিক এজাহাৰত উল্লেখ নাছিল। ঘটনাৰ প্ৰায় তিনি বছৰৰ পিছতহে তেওঁক এই গোচৰত অভিযুক্ত কৰা হৈছিল বুলিও আদালতে উল্লেখ কৰে।
উল্লেখ্য যে ২০১৭ চনত বম্বে উচ্চ ন্যায়ালয়ে এই গোচৰত অভিযুক্তসকলৰ দোষী সাব্যস্তকৰণ আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিছিল। সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিপিনচন্দ্ৰ আৰু প্ৰদীপ। শুনানিৰ সময়ত তেওঁলোকৰ অধিবক্তাই যুক্তি দিছিল যে ঘটনাৰ প্ৰায় তিনি বছৰৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও ইতিমধ্যে দুয়োজনে ১৭ বছৰতকৈ অধিক সময় কাৰাগাৰত কটাইছে। উচ্চতম ন্যায়ালয়ে জনায় যে তেওঁলোকৰ আপীলৰ আইনী দিশসমূহৰ চূড়ান্ত নিষ্পত্তি এতিয়াও হোৱা নাই। সেয়েহে, নিম্ন আদালতে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি আপাতত তেওঁলোকক জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে।
২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত বিলকিছ বানোক গণধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সাতগৰাকী সদস্যক নৃশংসভাৱে হত্যা কৰা গোচৰত মুঠ ১১জন লোকক দোষী সাব্যস্ত কৰা হৈছিল। এই দুজনো সেই ১১জন দোষীৰ ভিতৰত অন্যতম। ২০২২ চনৰ আগষ্ট মাহত গুজৰাট চৰকাৰে শাস্তি ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰি আটাইকেইজন দোষীক কাৰাগাৰৰ পৰা আগতীয়াকৈ মুকলি কৰি দিছিল। কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে তেওঁলোকক ফুলৰ মালা পিন্ধাই আদৰণি জনোৱা ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
পৰৱৰ্তী সময়ত ২০২৪ চনৰ জানুৱাৰী মাহত গুজৰাট চৰকাৰৰ শাস্তি ৰেহাইৰ সিদ্ধান্ত খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। লগতে মুকলি কৰি দিয়া আটাইকেইজন দোষীক পুনৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল শীৰ্ষ আদালতে। দীৰ্ঘদিনীয়া আইনী যুঁজৰ মাজতে এইবাৰ ১৭ বছৰতকৈ অধিক সময় কাৰাবাস খটা দুজন দোষীৰ শাস্তি স্থগিত ৰাখি চৰ্তসাপেক্ষে জামিন প্ৰদানৰ নিৰ্দেশে পুনৰ চৰ্চালৈ আনিছে বিলকিছ বানোৰ ন্যায়ৰ যুঁজক।





