দেশৰ ৰাজধানী দিল্লীত মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী আৰক্ষীয়ে। যোৱা ২৪ অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকত দিয়া নিৰ্দেশৰ পাছতে ৰাজধানীৰ নিৰাপত্তা ব্যৱস্থাত কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শেহতীয়া অগ্ৰগতি প্ৰতিবেদন অনুসৰি, দিল্লীৰ জনবহুল উদ্যানসমূহত ৬ হাজাৰতকৈ অধিক চিচিটিভি কেমেৰা স্থাপন কৰাৰ লগতে প্ৰায় ২০ হাজাৰ আন্ধাৰ অঞ্চলকো নিৰীক্ষণৰ আওতালৈ অনা হৈছে।
দিল্লীৰ ১,৬৩৫খন ৰাজহুৱা উদ্যানৰ নিৰাপত্তা সম্পৰ্কীয় পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ হৈছে। উদ্যানসমূহত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰা, বেৰা নিৰ্মাণ আৰু সীমাৰ দেৱাল মজবুত কৰাৰ কাম দ্ৰুতগতিত চলি আছে। ২০২৭ চনৰ ২৬ জানুৱাৰীৰ ভিতৰত সকলো উদ্যানতে বেৰা আৰু সীমাৰ দেৱাল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰি ৫৬খন বৃহৎ উদ্যানত প্ৰৱেশদ্বাৰৰ নিৰাপত্তা আৰু নিয়মীয়া আৰক্ষীৰ টহল নিশ্চিত কৰা হৈছে। উদ্যানসমূহৰ বাহিৰত আৰক্ষীৰ জৰুৰী সঁহাৰি বাহন অৰ্থাৎ পিচিআৰ ভেনো মোতায়েন কৰা হৈছে।
আনহাতে, দিল্লী আৰক্ষীৰ জৰুৰীকালীন সঁহাৰি ব্যৱস্থাতো উল্লেখযোগ্য উন্নতি হৈছে। জৰুৰী সহায়ৰ বাবে ব্যৱহৃত ১১২ নম্বৰত ফোন কৰাৰ পাছত আৰক্ষীয়ে সঁহাৰি জনাবলৈ পূৰ্বতে গড়ে ১১ মিনিট ৫৩ ছেকেণ্ড সময় লৈছিল। এতিয়া সেই সময় হ্ৰাস পাই ৮ মিনিট ২ ছেকেণ্ড হৈছে। মহিলাৰ নিৰাপত্তাৰ বাবে ৰাজপথত ১৭৮খন পিংক স্কুটি নমোৱা হৈছে। প্ৰতিখন স্কুটিয়ে গড়ে ৭.৪ ঘণ্টা ধৰি দায়িত্ব পালন কৰি আছে। ইয়াৰ সমান্তৰালভাৱে ৩৫খন মহিলা পিচিআৰ ভেনো নিয়োজিত কৰা হৈছে।
বৰ্তমান দিল্লী আৰক্ষীত মহিলাৰ প্ৰতিনিধিত্ব ১৭.৩ শতাংশ। ২০৩০ চনৰ ভিতৰত এই হাৰ ২৫ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মহিলাৰ সহায়ৰ বাবে ৰাজধানীত ১২৫টা পিংক বুথ স্থাপন কৰা হৈছে। ইয়াৰ লগতে বিমানবন্দৰ, ৰে’ল ষ্টেচন আৰু মেট্ৰ’ ষ্টেচনসমূহত ২৪ ঘণ্টাই মহিলাৰ বাবে সহায় কেন্দ্ৰ মুকলি ৰখা হৈছে। মানৱ সৰবৰাহ ৰোধৰ বাবেও প্ৰতিখন জিলাতে বিশেষ গোট গঠন কৰা হৈছে। আনহাতে, ‘শিষ্টাচাৰ’ অভিযানৰ অধীনত ১ লাখ ২৪ হাজাৰতকৈ অধিক লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কেৱল ৰাজপথতেই নহয়, বিদ্যালয়, মহাবিদ্যালয় আৰু ছাত্ৰাৱাসসমূহতো আৰক্ষীৰ তৎপৰতা বৃদ্ধি কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, এতিয়ালৈকে প্ৰায় ১৫.৯ লাখ নাগৰিকৰ কাষ চাপিছে এই সুৰক্ষা আৰু সজাগতা অভিযান। ইয়াৰে ৫.৭ লাখ লোকে আত্মৰক্ষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত আৰু ৩.৪ লাখ লোকে শিশু সুৰক্ষা সম্পৰ্কীয় উদ্যোগত অংশগ্ৰহণ কৰিছে। বিশেষকৈ ছাত্ৰীৰ বিদ্যালয়, ছাত্ৰাৱাস আৰু মহাবিদ্যালয়সমূহত প্ৰতি সপ্তাহতে প্ৰায় ৩,৫১৪বাৰ আৰক্ষীয়ে পৰিদৰ্শন কৰিছে। এই পৰিদৰ্শনত সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু দায়িত্বত থকা আৰক্ষী কৰ্মীসকলেও অংশগ্ৰহণ কৰে।
যৌন অপৰাধ আৰু শিশুৰ বিৰুদ্ধে যৌন অপৰাধ প্ৰতিৰোধ আইন অৰ্থাৎ পকছ’ আইনৰ অধীনত ৰুজু হোৱা গোচৰৰ দ্ৰুত বিচাৰ নিশ্চিত কৰিবলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰ্তমান দিল্লীত ২৫খন বিশেষ আদালতে কাম কৰি আছে। ইয়াৰ উপৰি আৰু ৩৭খন বিশেষ আদালত স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ২০২৬ চনৰ জানুৱাৰীৰ পৰা অক্টোবৰলৈকে পঞ্জীয়ন হোৱা ১,১২৫টা ধৰ্ষণ আৰু পকছ’ গোচৰৰ ৮১ শতাংশতে অভিযোগনামা দাখিল কৰা হৈছে। ইয়াৰে ৯৪ শতাংশ গোচৰত দুমাহৰ সময়সীমা মানি চলা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
সংবেদনশীল গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ কৰাৰ বাবে অভিজ্ঞ মহিলা অধিবক্তাকো বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিয়োগ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অভিযুক্তই যাতে সহজে জামিন লাভ কৰিব নোৱাৰে, তাৰ বাবে নিৰ্দিষ্ট কাৰ্যপদ্ধতি প্ৰস্তুত কৰাৰ কামো চলি আছে। ইয়াৰ লগতে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা অনুসৰি ডি এন এ পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে আৰক্ষীৰ উপস্থিতি বৃদ্ধি কৰাৰ লগতে দ্ৰুত তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ ওপৰতো বিশেষ গুৰুত্ব দিছে দিল্লী চৰকাৰ আৰু আৰক্ষীয়ে।





