আগষ্ট মাহত ঘোষণাৰ পিছৰে পৰা শিৰোনাম দখল কৰা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্ণি অফ লাভ’য়ে কিতাপৰ দোকানত প্ৰৱেশ কৰাৰ পিছৰে পৰা অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছে। হাৰ্পাৰকলিন্স ইণ্ডিয়াৰ চিইঅ’ অনন্ত পদ্মনাভনে কয় যে এসপ্তাহ নৌহওঁতেই গ্ৰন্থখনৰ দুই লাখতকৈ অধিক কপি বিক্ৰী হৈছে। প্ৰকাশন জগতত একাধিক অভিলেখ ভংগ কৰি স্বাধীন ভাৰতৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ স্মৃতিকথা হিচাপে আত্মপ্ৰকাশ কৰিছে।
সোমবাৰে আই টি চি মৌৰ্য হোটেলত আয়োজিত এক বৃহৎ অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ গ্ৰন্থখন। কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁটৰ শীৰ্ষ নেতা, সাহিত্য জগতৰ ব্যক্তিত্বৰ লগতে তামিলনাডুৰ চি জোচেফ বিজয়, কৰ্ণাটকৰ ডি কে শিৱকুমাৰ আৰু হিমাচল প্ৰদেশৰ সুখৱিন্দৰ সিং চুখুকে ধৰি কেইবাজনো মুখ্যমন্ত্ৰী উপস্থিত থাকে।
গ্ৰন্থখনৰ অভূতপূৰ্ব বিক্ৰীৰ সফলতাক উদযাপন কৰি অনন্ত পদ্মনাভনে কয় যে মঙলবাৰে পুৱা ১০ বজাত বিক্ৰীৰ বাবে মুকলি কৰাৰ পিছত এসপ্তাহ নৌহওঁতেই ২ লাখৰো অধিক কপি বিক্ৰী হৈ প্ৰকাশনৰ জগতখনত কেইবাটাও নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।
এসপ্তাহ নৌহওঁতেই ২ লাখৰো অধিক কপি বিক্ৰী হোৱা এই গ্ৰন্থখনে ইতিমধ্যে বহু অভিলেখ ভংগ কৰিছে। যেনে দ্ৰুততম বিক্ৰী হোৱা কিতাপ, দ্ৰুততম বিক্ৰী হোৱা আত্মপ্ৰকাশৰ (ডেবিউ) প্ৰথম কিতাপ, সৰ্বাধিক বিক্ৰী হোৱা নন ফিকছন বা তথ্যমূলক কিতাপ আৰু দ্ৰুততম বিক্ৰী হোৱা স্মৃতিকথা বুলিও তেওঁ জনায়।
তেওঁ লগতে কয় যে মুকলিৰ দিনটোত ১০ মিনিটতকৈও কম সময়ৰ ভিতৰতে ১৫ হাজাৰতকৈ অধিক কপি ডেলিভাৰী কৰি দেশত প্ৰকাশনৰ ইতিহাসত সৰ্বাধিক দ্ৰুততম গ্ৰন্থ ডেলিভাৰীৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
উদ্যোগৰ ভিতৰুৱা লোকসকলৰ মতে, লেখক, বিষয়বস্তু আৰু প্ৰকাশকৰ ওপৰত নিৰ্ভৰ কৰি কিতাপ এখনক ‘বেষ্টচেলাৰ’ বা বেষ্ট চেলাৰ কিতাপ বুলি গণ্য কৰাৰ মাপকাঠী বেলেগ বেলেগ হ’ব পাৰে; কিন্তু ভাৰতত সাধাৰণতে এখন কিতাপ বেষ্টচেলাৰ বুলি গণ্য কৰা হয় যদিহে ইয়াৰ ১০,০০০ কপিতকৈ অধিক বিক্ৰী হয়।
কিতাপখনৰ প্ৰতি পোৱা আপ্লুত সঁহাৰিয়ে আনকি নতুন লেখকগৰাকীকো আচৰিত কৰি তুলিছে। ছোনিয়া গান্ধীয়ে নিজেই স্বীকাৰ কৰিছে যে পাঠকৰ পৰা লাভ কৰা মৰম আৰু ভালপোৱাই তেওঁক আপ্লুত কৰিছে।
তেওঁ কয়, মই ভাবিছিলো যে কেইসপ্তাহমানৰ পিছত পাঠকে কিতাপখনৰ প্ৰতি আগ্ৰহী হ’ব, কিন্তু মই যি সঁহাৰি পাইছো সেয়া অভাৱনীয় আৰু ই মোক অভিভূত কৰি তুলিছে। পাঠকৰ মন্তব্য, কিতাপ ক্ৰয়, আনকি গঠনমূলক সমালোচনাৰ জৰিয়তে তেওঁলোকে যি ভালপোৱা আৰু মৰম দেখুৱাইছে, সেইটোৱে তেওঁক গভীৰভাৱে চুই গৈছে।





