মাতৃৰ গৰ্ভত তেতিয়া মাত্ৰ ২৫ সপ্তাহৰ ভ্ৰূণ। কিন্তু জন্মৰ পূৰ্বেই দেখা দিছিল মেৰুদণ্ডৰ এক জটিল জন্মগত বিসংগতি। জন্মৰ পাছলৈ অপেক্ষা কৰিলে শিশুটিৰ পক্ষাঘাত হোৱাৰ আশংকা আছিল। সেয়ে মাতৃৰ গৰ্ভতে ভ্ৰূণৰ মেৰুদণ্ডত অস্ত্ৰোপচাৰ কৰি নতুন সফলতা লাভ কৰিলে দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছে। ভাৰতত প্ৰথমবাৰৰ বাবে এইদৰে মাতৃগৰ্ভস্থ ভ্ৰূণৰ মেৰুদণ্ডত অস্ত্ৰোপচাৰ কৰা হ’ল।
যোৱা ১২ নৱেম্বৰত সম্পন্ন হোৱা এই জটিল অস্ত্ৰোপচাৰত প্ৰায় ছঘণ্টা সময় লাগিছিল। অস্ত্ৰোপচাৰত ৩০ৰো অধিক চিকিৎসক, বিশেষজ্ঞ আৰু স্বাস্থ্যকৰ্মী জড়িত আছিল। স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ দীপক গুপ্তৰ নেতৃত্বত অস্ত্ৰোপচাৰৰ মূল কাম সম্পন্ন হয়। আনহাতে, মাতৃ আৰু ভ্ৰূণৰ চিকিৎসা তথা প্ৰসূতি বিভাগৰ দায়িত্বত আছিল ডাঃ নীনা মালহোত্ৰা আৰু ডাঃ কে অপৰ্ণা শৰ্মা। অস্ত্ৰোপচাৰৰ পূৰ্বে পাঁচ সপ্তাহ ধৰি বিভিন্ন বিভাগৰ বিশেষজ্ঞসকলে প্ৰস্তুতি চলাইছিল।
এই অস্ত্ৰোপচাৰৰ বাবে প্ৰথমে মাতৃৰ পেট আৰু জৰায়ু নিয়ন্ত্ৰিতভাৱে খুলি লোৱা হয়। তাৰ পাছত আল্ট্ৰাছাউণ্ডৰ সহায়ত ভ্ৰূণৰ অৱস্থান নিৰীক্ষণ কৰি মেৰুদণ্ডৰ ক্ষতিগ্ৰস্ত অংশ মেৰামতি কৰে চিকিৎসকৰ দলটোৱে। অত্যাধুনিক মাইক্ৰ’স্ক’পৰ সহায়তো অস্ত্ৰোপচাৰৰ কাম সম্পন্ন কৰা হয়। মেৰুদণ্ডৰ ক্ষতিগ্ৰস্ত অংশ মেৰামতি কৰাৰ পাছত জৰায়ু আৰু মাতৃৰ পেট পুনৰ চিলাই কৰা হয়। ইয়াৰ পাছত গৰ্ভাৱস্থাৰ বাকী সময়খিনিত মাতৃ আৰু ভ্ৰূণৰ স্বাস্থ্য নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।
ভ্ৰূণটোৰ এই ৰোগবিধৰ নাম মায়েলোমেনিঙ্গোচিল। ই স্পাইনা বিফিডা নামৰ জন্মগত ৰোগৰ আটাইতকৈ জটিল ৰূপ। গৰ্ভাৱস্থাৰ প্ৰথম ভাগত ভ্ৰূণৰ মগজু আৰু মেৰুদণ্ড গঠন কৰা স্নায়ুনলীডাল সম্পূৰ্ণৰূপে বন্ধ নহ’লে এই বিসংগতিৰ সৃষ্টি হয়। ফলত মেৰুদণ্ডত ফাঁকৰ সৃষ্টি হয় আৰু সেই অংশৰে স্নায়ুৰজ্জু আৰু ইয়াৰ আৱৰণ বাহিৰলৈ ওলাই আহে। ইয়াৰ ফলত শিশুৰ ভৰি দুৰ্বল হোৱা, পক্ষাঘাত, খোজ কঢ়াত অসুবিধা আৰু আন বহু স্নায়ৱিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেতিয়াবা মগজুতো অতিৰিক্ত পানী জমা হ’ব পাৰে, যাক হাইড্ৰ’ছেফেলাছ বুলি কোৱা হয়।
সাধাৰণতে জন্মৰ পাছত এই ৰোগৰ অস্ত্ৰোপচাৰ কৰা হয়। কিন্তু মাতৃগৰ্ভতে অস্ত্ৰোপচাৰ কৰিলে ভ্ৰূণৰ উন্মুক্ত স্নায়ুৰজ্জুৰ অধিক ক্ষতি ৰোধ কৰাত সহায় কৰিব পাৰে। চিকিৎসকসকলৰ মতে, উপযুক্তভাৱে নিৰ্বাচিত কিছুমান ক্ষেত্ৰত এনে অস্ত্ৰোপচাৰে শিশুৰ স্নায়ৱিক বিকাশ উন্নত কৰাৰ লগতে মগজুত পানী জমা হোৱাৰ সমস্যাৰ আশংকাও হ্ৰাস কৰিব পাৰে।
এই অস্ত্ৰোপচাৰ অৱশ্যে সম্পূৰ্ণ নিৰাপদ নহয়। ইয়াৰ ফলত সময়ৰ পূৰ্বে প্ৰসৱ হোৱাৰ আশংকা থাকে। লগতে জৰায়ুত অস্ত্ৰোপচাৰৰ দাগ থকাৰ বাবে ভৱিষ্যতৰ গৰ্ভাৱস্থাতো জটিলতা সৃষ্টি হ’ব পাৰে। এই চিকিৎসাই শিশুটি সম্পূৰ্ণ সুস্থ হোৱাৰ নিশ্চয়তা নিদিয়ে। জন্মৰ পাছতো শিশুটিক দীৰ্ঘদিন ধৰি চিকিৎসা আৰু পুনৰ সংস্থাপনৰ প্ৰয়োজন হ’ব পাৰে। সেয়েহে সকলো গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতে এই অস্ত্ৰোপচাৰ কৰা নহয়। বিশেষজ্ঞ চিকিৎসকৰ পৰীক্ষাৰ পাছত নিৰ্দিষ্ট কিছুমান ক্ষেত্ৰতহে এই পদ্ধতি ব্যৱহাৰ কৰা হয়।
উল্লেখ্য যে, ভাৰত চৰকাৰৰ জননী শিশু সুৰক্ষা কাৰ্যসূচীৰ অধীনত সম্পূৰ্ণ বিনামূলীয়াকৈ সম্পন্ন কৰা হয় এই অস্ত্ৰোপচাৰ। এই সফলতাক ভাৰতৰ ভ্ৰূণ চিকিৎসা আৰু শিশু স্নায়ুৰোগ চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতি হিচাপে গণ্য কৰা হৈছে। এইমছৰ চিকিৎসক ডাঃ দীপক গুপ্তৰ মতে, এয়া সম্পূৰ্ণ আৰোগ্যৰ চিকিৎসা নহয় যদিও উপযুক্ত ক্ষেত্ৰত শিশুৰ স্নায়ুৰ ক্ষতি হ্ৰাস কৰি উন্নত জীৱনৰ সুযোগ প্ৰদান কৰিব পাৰে।





