এতিয়া এজোপা গছতে দুবিধ পাচলি পোৱা যাব! বৰ্তমান বিহাৰৰ কাটিহাৰ জিলা কৃষি বিভাগে এক নতুন কৃষি পদ্ধতিৰ ব্যৱহাৰিক প্ৰয়োগৰ বাবে প্ৰস্তুতি চলাইছে, যাৰ জৰিয়তে এজোপা গছত দুবিধ পাচলি খেতি কৰা সম্ভৱ হ’ব।
কৃষি বিভাগে জনাইছে যে আধুনিক গ্ৰাফটিং বা কলম পদ্ধতিৰে ‘পোমেটো’ (Pomato) আৰু ‘ব্ৰিজেটো’ (Bridgeto) নামৰ দুটা বিশেষ জাতৰ গছৰ খেতি কৰা হ’ব। এই পদক্ষেপ কাটিহাৰ জিলা দণ্ডাধীশ আশুতোষ দ্বিবেদীৰ নিৰ্দেশনাত গ্ৰহণ কৰা হৈছে।
এজোপা গছত কেনেকৈ দুবিধ পাচলিৰ খেতি?
‘পোমেটো’ৰ অৰ্থ হ’ল গছৰ ওপৰত বিলাহী (টমেটো) লাগিব আৰু মাটিৰ তলত আলু গজিব। ‘পোমেটো’ শব্দটো টমেটো আৰু পটেটোৰ সংমিশ্ৰণত গঢ়ি উঠা। আনহাতে ‘ব্ৰিজেটো’ গছত বিলাহী আৰু বেঙেনা এই দুটা পাচলি একেলগে পোৱা যায়৷ ‘ব্ৰিজেটো’ শব্দটো ব্ৰিঞ্জল আৰু টমেটোৰ সংমিশ্ৰণ।
এই অনন্য গছবোৰ দুটা বেলেগ বেলেগ উদ্ভিদৰ অংশ গ্ৰাফ্টিং পদ্ধতিৰে সৃষ্টি কৰা হৈছে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ ভেজিটেবল ৰিচাৰ্চৰ তথ্য অনুসৰি আলু গছৰ ওপৰত বিলাহী গছৰ এটা অংশ লগাই দি ‘পোমেটো’ সৃষ্টি কৰা হয়। আৰু ‘ব্ৰিজেটো’ সৃষ্টি কৰিবলৈ ৰোগ প্ৰতিৰোধী বেঙেনাৰ মূল গছৰ শিপাৰ ওপৰত বিলাহী আৰু বেঙেনাৰ কিছু অংশ লগাই দিয়া হয়।
কাটিহাৰ জিলা কৃষি বিভাগে বাৰাণসীৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ভেজিটেবল ৰিচাৰ্ছলৈ পত্ৰ প্ৰেৰণ কৰি এই পুলিসমূহ যোগান ধৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ সমান্তৰালকৈ এই উদ্ভিদবোৰে কাটিহাৰৰ মাটি আৰু জলবায়ুৰ লগত কিমান ভালদৰে খাপ খাব সেই বিষয়েও তথ্য বিচাৰিছে।
প্ৰথম অৱস্থাত কৃষকৰ মাটিত পৰীক্ষামূলক ভিত্তিত ইয়াৰ খেতি কৰা হ’ব। যদিহে এই পদক্ষেপ উৎপাদন, উৎপাদন ব্যয়, শস্যৰ গুণাগুণ আৰু লাভ – এই সকলোবোৰ দিশত সফল হয়, তেন্তে ভৱিষ্যতে কৃষি বিভাগে এই পদ্ধতিৰ ব্যৱহাৰ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে।
ইয়াৰ জৰিয়তে প্ৰান্তীয় আৰু ক্ষুদ্ৰ কৃষকসকলে কম মাটিত অধিক পাচলি খেতি কৰি আয় বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই আশা কৰিছে।
ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ তথ্য অনুসৰি ২০২৩-২৪ৰ পৰা ২০২৫-২৬ বৰ্ষৰ ভিতৰত প্ৰতিষ্ঠানটোৱে প্ৰায় ২৮,০০০ ‘পোমেটো’ আৰু ৩৬,০০০ ‘ব্ৰিজেটো’ পুলি উৎপাদন কৰিছে, যিয়ে এই প্ৰযুক্তিৰ বিশাল সম্ভাৱনাৰ ইংগিত দিয়ে।





