• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ পাঁচ বছৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সম্পত্তি ৩০৭ শতাংশ বৃদ্ধি! ছিণ্ডিকেটৰ চৰ্দাৰ আখ্যা অখিল গগৈৰ

মন্ত্ৰীৰ গৃহিণী পত্নীবোৰ কেনেকৈ দুদিনতে পুঁজিপতি হৈ পৰে—- প্ৰশ্ন বিধায়ক অখিল গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2026 8:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু তেওঁৰ পত্নীৰ নামত থকা সম্পত্তিৰ পৰিমাণ মাত্ৰ পাঁচ বছৰত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বুধবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি বিধায়কগৰাকীয়ে মন্ত্ৰীগৰাকী আৰু তেওঁৰ পত্নীৰ নামত থকা স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ এখন আংশিক তালিকা ৰাজহুৱা কৰাৰ লগতে ৰাজ্যত চলি থকা ছিণ্ডিকেটৰাজ সন্দৰ্ভতো কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে।

সংবাদমেলত অখিল গগৈয়ে কয়, “অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু তেওঁৰ পত্নীয়ে সম্পত্তিৰ পাহাৰ গঢ়িছে। আপোনালোকে এই তালিকাখন চাওক। মাত্ৰ পাঁচ বছৰত ৩০৭ শতাংশ বৃদ্ধি পাইছে মন্ত্ৰীগৰাকীৰ সম্পত্তিৰ পৰিমাণ। শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে যদি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চলাই থকা কয়লাৰ ছিণ্ডিকেটৰ পৰা ধন নলয়, তেন্তে সাহস দেখুৱাই জয়ন্ত মল্লবৰুৱাক জবাবদিহি কৰক। মুখ্যমন্ত্ৰীয়ে এই সাহস আৰু সততা দেখুৱাব পাৰিবনে?”

অখিল গগৈয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনত মন্ত্ৰীগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪ কোটি ৯২ লাখ ১১ হাজাৰ ৫০৪ টকা আছিল। ইয়াৰ বিপৰীতে ২০২৬ চনত কেৱল তেওঁৰ  সম্পত্তিৰ পৰিমাণ হ’লগৈ  প্ৰায় ২০ কোটি ২ লাখ ২৫ হাজাৰ ২১৮ টকা। তদুপৰি দিছপুৰত প্ৰায় ১০০ কোটি টকা মূল্যৰ এটা বাণিজ্যিক অট্টালিকা থকাৰ কথাও তেওঁ সংবাদমেলত উল্লেখ কৰে ।

Apply Now

সংবাদ মেলত বিধায়ক অখিল গগৈয়ে কয় যে যিসময়ত অসমৰ সাধাৰণ জনতা মূল্যবৃদ্ধি, বানপানী আৰু আৰ্থিক সংকটত জুৰুলা হৈ পৰিছে, তেনে সময়ত বিজেপি চৰকাৰৰ একাংশ মন্ত্ৰী, বিধায়ক আৰু তেওঁলোকৰ ঘনিষ্ঠ ৰাজনৈতিক মহলৰ সম্পত্তি এইদৰেই অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। চৰকাৰে একাংশ পৰিয়ালক ১,২৫০ টকা আৰু পাঁচ কিলোগ্ৰাম চাউলৰ আঁচনিৰ জৰিয়তে সকাহ দিয়াৰ কথা কৈ থকাৰ বিপৰীতে ৰাজ্যৰ একাংশ ৰাজনৈতিক নেতাৰ  সম্পত্তি কোটি কোটি  টকা  বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ দলে মন্ত্ৰী আৰু বিধায়কসকলৰ সম্পত্তি বৃদ্ধিৰ তথ্য ক্ৰমাগতভাৱে ৰাজহুৱা কৰাৰ বাবে এক বিশেষ ধাৰাবাহিক কাৰ্যসূচী আৰম্ভ কৰিছে বুলি মন্তব্য কৰি আজি প্ৰথমগৰাকী মন্ত্ৰীৰ সম্পত্তিৰ তালিকা তথ্য সহকাৰে প্ৰকাশ কৰে অখিল গগৈয়ে।

সংবাদমেলত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰা সম্পত্তিৰ বিৱৰণ অনুসৰি, শোণিতপুৰ জিলাৰ হালেশ্বৰ মৌজাৰ পুনিওনীত মন্ত্ৰীগৰাকীৰ পত্নীৰ নামত প্ৰায় ৩৬ বিঘা কৃষিভূমি আছে। ইয়াৰ ভিতৰত তিনিটা দাগত ক্ৰমে ৭ বিঘা ১২ লেচা, ১৩ বিঘা ২ কঠা ১০ লেচা আৰু ১৫ বিঘা ১ কঠা ১৮ লেচা মাটি অন্তৰ্ভুক্ত বুলি উল্লেখ কৰে। জালুকবাৰী সমষ্টিতো পত্নীৰ নামত কৃষিভূমি থকা বুলি দাবী কৰে বিধায়কগৰাকীয়ে।

একেদৰে নলবাৰী জিলাৰ নকুচি, নামতী মৌজাত ২০০৮ চনত মন্ত্ৰীগৰাকীৰ নিজৰ নামত ১২ বিঘা ৪ কঠা ১০ লেচা মাটি ক্ৰয় কৰা হৈছিল বুলি উল্লেখ কৰি ইয়াৰ মূল্য প্ৰায় ৩৫ লাখ টকা বুলি দাবী কৰে। এই মাটি ইটাভাটাৰ ব্যৱসায়ত বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলিও তেওঁ কয়। নলবাৰীৰ মালিকুচিত পত্নীৰ নামত ১ বিঘা মাটি থকাৰ লগতে ইয়াৰ মূল্য প্ৰায় ২৫ লাখ টকা বুলি সংবাদমেলত প্ৰকাশ কৰে। ইয়াৰ উপৰি ২০১২ চনত নলবাৰীৰ চানকুচিত নিজৰ নামত ঘৰ আৰু মাটি ক্ৰয় কৰাৰ তথ্যও ৰাজহুৱা কৰে অখিল গগৈয়ে।

গুৱাহাটীৰ জটিয়া-বেলতলাত ২০২৩ চনত পত্নীৰ নামত চাৰিমহলীয়া এটা বাণিজ্যিক ভৱন ক্ৰয় কৰাৰ বিপৰীতে উলুবাৰীত ২০১০ চনতে নিজৰ নামত দুটা আৱাসিক ফ্লেট থকা বুলি দাবী কৰে বিধায়কগৰাকীয়ে।

আনহাতে, ২০১৬ চনত কেদাৰ ৰোডত পত্নীৰ নামত মাটি আৰু ভৱন ক্ৰয় কৰাৰ তথ্যও তেওঁ প্ৰকাশ কৰে। নতুন দিল্লীত ২০১৪ চনত পত্নীৰ নামত এটা ফ্লেট ক্ৰয় কৰাৰ কথাও সংবাদমেলত উল্লেখ কৰে।

ইয়াৰ উপৰি জালুকবাৰী সমষ্টিৰ শিলা সেন্দুৰীঘোপা মৌজাত ২০২৩ চনৰ ২৫ মে’ আৰু ২০২৫ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰ মাহৰ বিভিন্ন সময়ত পত্নীৰ নামত ছটা স্থানত মাটি ক্ৰয় কৰাৰ তথ্য প্ৰকাশ কৰে অখিল গগৈয়ে। এই ছটা স্থানত ক্ৰমে ৩ বিঘা, ৩ কঠা ১৪ লেচা, ৪ কঠা ১৫ লেচা, ১ বিঘা, ১ কঠা ১১ লেচা আৰু ৩ কঠা ১৮ লেচা মাটি থকা বুলি তেওঁ দাবী কৰে।

আনহাতে, অখিল গগৈৰ অভিযোগ অনুসৰি বিত্তমন্ত্ৰীজনৰ নেতৃত্বতে অসমৰ ভিতৰলৈ অহা আৰু অসমৰ পৰা বাহিৰলৈ যোৱা মালবাহী প্ৰতিখন বাহনৰ পৰা বিভিন্ন স্থানত অবৈধভাৱে ধন সংগ্ৰহ কৰি থকা হৈছে। ফলত প্ৰতিটো সামগ্ৰীৰ মূল‍্য অসমত সাংঘাতিক বৃদ্ধি পাইছে। কয়লা, চুপাৰি, কাঠ, শিল, বালি আদি বিভিন্ন সামগ্ৰীৰ সৰবৰাহৰ সৈতে জড়িত ছিণ্ডিকেটসমূহ ক্ৰমাৎ সংগঠিত ৰূপত চলি আছে। এই সকলোবোৰৰ চৰ্দাৰ জয়ন্ত মল্লবৰুৱা ।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জয়ন্তমল্ল বৰুৱাক ছিণ্ডিকেটৰ চৰ্দাৰ পাতি তেওঁ নিজে তাৰ সম্ৰাট হৈ আছে বুলি অখিল গগৈয়ে কয়। গগৈয়ে হুংকাৰ প্ৰদান কৰি কয় যে  কয়লাৰ ছিণ্ডিকেটকে ধৰি বিভিন্ন অবৈধ ধন সংগ্ৰহৰ নেটৱৰ্কৰ সৈতে কোন কোন মন্ত্ৰী, বিধায়ক আৰু মধ্যভোগী জড়িত হৈ আছে, সেই সন্দৰ্ভত ৰাইজৰ দলে তথ্য সংগ্ৰহ অভিযান চলি আছে। অচিৰেই ৰাইজৰ দলে এই বিষয়সমূহৰ ওপৰত ভিডিঅ’গ্ৰাফী, GPS-যুক্ত ফটোগ্ৰাফ আৰু অন্যান্য নথি-পত্ৰৰ আধাৰত তথ্য ৰাজহুৱা কৰিব।

মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক ৰাজ্যৰ ছিণ্ডিকেটৰাজৰ দায়িত্ব দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰি অখিল গগৈয়ে কয় যে কয়লা, চুপাৰি, কাঠ, শিল আৰু বালিকে ধৰি বিভিন্ন সামগ্ৰীৰ অবৈধ বেহাৰ জৰিয়তে ধন সংগ্ৰহৰ এক সমান্তৰাল অৰ্থনৈতিক ব্যৱস্থা ৰাজ্যখনত চলি আছে আৰু ইয়াৰ দ্বাৰা মন্ত্ৰীসকল ধনী হৈছে আৰু ৰাইজ মূল‍্যবৃদ্ধিৰ বোজাত হাবুডুবু খাইছে।

বিত্ত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু অসমৰ আন মন্ত্ৰীসকলৰ সম্পত্তি বৃদ্ধিৰ প্ৰসংগত তেওঁ কয় যে আমাৰ অসমত বিধায়ক-মন্ত্ৰীৰ  সম্পত্তি ৰকেটৰ গতিৰে ওপৰলৈ বাঢ়ি গৈ আছে , আদানি-আম্বানিৰ সম্পত্তিও ইমান দ্ৰুতগতিত বৃদ্ধি পোৱা নাই !আগন্তুক দিনত এই সন্দৰ্ভত আৰু বহু তথ্য ৰাজহুৱা কৰিব বুলি ঘোষণা কৰে বিধায়কগৰাকীয়ে।

এইদৰে কেতবোৰ বিস্ফোৰক তথ্য আৰু অভিযোগ দাঙি ধৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে যদি মুখ্যমন্ত্ৰীগৰাকী ছিণ্ডিকেটৰ ধনৰ ভাগ লোৱাৰ  পৰা সম্পূৰ্ণৰূপে মুক্ত, তেন্তে তেওঁ বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাক এই অভাৱনীয় আৰু অস্বাভাৱিক সম্পত্তি বৃদ্ধিৰ বিষয়ত ৰাজহুৱাভাৱে জবাবদিহি কৰক।

তেওঁ লগতে কয় যে বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ আহিছে। ১০০ টকাৰ ঘোচ খালেও মুখ‍্যমন্ত্ৰীয়ে বাঘৰ দৰে জঁপিয়াই পৰিম বুলি কৈছিল, কিন্তু চৰকাৰৰ সৰু-নিম্ন বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ বিপৰীতে ৰাজনৈতিক ক্ষমতাৰ শীৰ্ষত থকা লোকসকলৰ সম্পত্তি বৃদ্ধিৰ বিষয়ত চৰকাৰে নীৰৱতা অৱলম্বন কৰিছে।

উল্লেখ্য যে সংবাদমেলত অখিল গগৈয়ে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত ৰাইজৰ দুৰ্দশাৰ বিষয়টোও বিশেষভাৱে উত্থাপন কৰে। তেওঁ কয় যে ২০২৬ চনৰ ১৯ জুলাইত হোৱা ভয়ংকৰ বানপানীৰ ফলত বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, বিদ্যালয় আৰু অন্যান্য সম্পত্তি ধ্বংস হৈ গ’ল। কিন্তু  চাৰি মাহ সম্পূৰ্ণ  হোৱাৰ পাছতো ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে সম্পূৰ্ণ ক্ষতিপূৰণ লাভ কৰা নাই। চৰকাৰে ঘোষণা কৰা অতিৰিক্ত ১০ হাজাৰ টকাৰ সাহায্যও এটাও পৰিয়ালে লাভ কৰা নাই বুলি তেওঁ অভিযোগ কৰে।

তেওঁ লগতে অভিযোগ কৰে যে ONGC-য়ে বিদ্যালয় মেৰামতিৰ বাবে আগবঢ়োৱা ২০ কোটি টকা মুখ্যমন্ত্ৰীয়ে শিক্ষানুষ্ঠানসমূহত ব্যৱহাৰ নকৰি চৰকাৰৰ হাতত ৰাখি থৈছে। শিৱসাগৰ, নাজিৰা, ডিমৌ আৰু মৰিয়নীৰ বানত ক্ষতিগ্ৰস্ত ৰাস্তা-ঘাট আৰু বিদ্যালয়সমূহ পুনৰ নিৰ্মাণৰ বাবেও চৰকাৰে এক টকা পুঁজিও মুকলি কৰা নাই বুলি সোচ্ছাৰ হৈ পৰে। অখিল গগৈয়ে কয় যে ৰাজ্যখন এতিয়া দেউলীয়া, জাতি দৰিদ্ৰ, জনতা সৰ্বস্বান্ত। তাৰ বিপৰীতে বিজেপি চৰকাৰৰ মন্ত্ৰীসকলৰ ঘৰত এনেদৰে আলাউদ্দিনৰ চাকি ওলাইছে যে প্ৰায় প্ৰতিজন মন্ত্ৰীৰ পত্নী একোগৰাকী পুঁজিপতিলৈ ৰূপান্তৰিত হৈছে।

অখিল গগৈয়ে স্পষ্ট কৰি দিয়ে যে সংবাদমেলত ৰাজহুৱা কৰা জয়ন্তমল্ল বৰুৱাৰ সম্পত্তিৰ বিৱৰণ কেৱল নিৰ্বাচনী শপতনামাত উল্লেখ কৰা তথ্যৰ আধাৰত প্ৰস্তুত কৰা এখন আংশিক তালিকাহে। মন্ত্ৰীগৰাকীৰ নামত থকা আন সম্পত্তিৰ তথ্যও পৰৱৰ্তী সময়ত এটা এটাকৈ ৰাজহুৱা কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে। শপতনামাত উল্লেখ নকৰা নামী-বেনামী সম্পত্তিৰ এখন বিস্তৃত তালিকাও শীঘ্ৰে প্ৰকাশ কৰিব বুলি হুংকাৰ দিয়ে বিধায়কগৰাকীয়ে।

আনহাতে, গণেশগুৰিত শিল্পী মাৰ্চেল বৰুৱাই প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ছবি আঁকি থকা অৱস্থাত আৰক্ষীয়ে তেওঁক আটক কৰা ঘটনাকো সংবাদমেলত তীব্ৰ সমালোচনা কৰে অখিল গগৈয়ে। চৰকাৰৰ জুবিন গাৰ্গৰ প্ৰতি খং থকা বুলি অভিযোগ কৰি এখন ছবি অঁকাত চৰকাৰে ইমান ভয় খায় কিয় বুলি প্ৰশ্ন কৰে।  সংবাদ মেলত চৰকাৰক শিল্পী জুবিন গাৰ্গৰ প্ৰকৃত ন্যায়ৰ দাবী জনায় বিধায়কগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ পাঁচ বছৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সম্পত্তি ৩০৭ শতাংশ বৃদ্ধি! ছিণ্ডিকেটৰ চৰ্দাৰ আখ্যা  অখিল গগৈৰ

মাত্ৰ পাঁচ বছৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সম্পত্তি ৩০৭ শতাংশ বৃদ্ধি! ছিণ্ডিকেটৰ চৰ্দাৰ আখ্যা অখিল গগৈৰ

November 18, 2026 8:12 pm
দুৰ্ঘটনাত মদ্যপ ব্যক্তিৰ মৃত্যু হ’লে বীমাৰ ধন পাবনে? গ্ৰাহক সুৰক্ষা আদালতে দিলে ‘ডাঙৰ’ ৰায়

দুৰ্ঘটনাত মদ্যপ ব্যক্তিৰ মৃত্যু হ’লে বীমাৰ ধন পাবনে? গ্ৰাহক সুৰক্ষা আদালতে দিলে ‘ডাঙৰ’ ৰায়

November 18, 2026 7:17 pm
একেডাল গছতে লাগিব দুবিধ পাচলি! ক’ত লোৱা হৈছে ‘পোমেটো’ আৰু ‘ব্ৰিজেটো’ খেতিৰ উদ্যোগ?

একেডাল গছতে লাগিব দুবিধ পাচলি! ক’ত লোৱা হৈছে ‘পোমেটো’ আৰু ‘ব্ৰিজেটো’ খেতিৰ উদ্যোগ?

November 18, 2026 5:57 pm
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বিচাৰপীঠৰ পৰা ২টা গোচৰ প্ৰত্যাহাৰ CJI সূৰ্য্য কান্তৰ, কিয় এনে পদক্ষেপ?

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বিচাৰপীঠৰ পৰা ২টা গোচৰ প্ৰত্যাহাৰ CJI সূৰ্য্য কান্তৰ, কিয় এনে পদক্ষেপ?

November 18, 2026 4:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ পাঁচ বছৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সম্পত্তি ৩০৭ শতাংশ বৃদ্ধি! ছিণ্ডিকেটৰ চৰ্দাৰ আখ্যা  অখিল গগৈৰ

মাত্ৰ পাঁচ বছৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সম্পত্তি ৩০৭ শতাংশ বৃদ্ধি! ছিণ্ডিকেটৰ চৰ্দাৰ আখ্যা অখিল গগৈৰ

November 18, 2026 8:12 pm
দুৰ্ঘটনাত মদ্যপ ব্যক্তিৰ মৃত্যু হ’লে বীমাৰ ধন পাবনে? গ্ৰাহক সুৰক্ষা আদালতে দিলে ‘ডাঙৰ’ ৰায়

দুৰ্ঘটনাত মদ্যপ ব্যক্তিৰ মৃত্যু হ’লে বীমাৰ ধন পাবনে? গ্ৰাহক সুৰক্ষা আদালতে দিলে ‘ডাঙৰ’ ৰায়

November 18, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd