• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰোহিংগীয়াৰ নিৰ্বিচাৰ হত্যাৰ বাবে দায়ী ম্যানমাৰ; ৰায়দানত কি ক’লে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে?

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে কয় যে ২০১৭ চনত ৰোহিংগীয়া গোটটোৰ ওপৰত হোৱা দমন-নিপীড়ন আচলতে ‘পৰিকল্পিত ৰাষ্ট্ৰীয় গণহত্যা’ আছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2026 8:08 am
আন্তৰাষ্ট্ৰীয় আদালতৰ ৰায় শুনাৰ সময় ৰোগিংগীয়া শৰণাৰ্থী। ফটোঃ সংগ্ৰহীত।

আন্তৰাষ্ট্ৰীয় আদালতৰ ৰায় শুনাৰ সময় ৰোগিংগীয়া শৰণাৰ্থী। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰোহিংগীয়াৰ ওপৰত দমন-নিপীড়নৰ বাবে ম্যানমাৰক জগৰীয়া কৰিছে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে (আই চি জে)। বৃহস্পতিবাৰে এই ৰায়দান কৰা হৈছে।

২০১৭ চনৰ পৰা ম্যানমাৰ সেনাৰ বিৰুদ্ধে কেইবাটাও পৰ্যায়ত ৰোহিংগীয়াৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন হৈ আহিছে। কমেও ১০ হাজাৰ লোকক হত্যা কৰা হয়। সেনাৰ অবিৰত অভিযানৰ বাবে বহু ৰোহিংগীয়া পলাই বাংলাদেশত আশ্ৰয় লয়।

বৃহস্পতিবাৰে নেদাৰলেণ্ডৰ হেগত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে কয় যে ২০১৭ চনত ৰোহিংগীয়া গোটটোৰ ওপৰত হোৱা দমন-নিপীড়ন আচলতে ‘পৰিকল্পিত ৰাষ্ট্ৰীয় গণহত্যা’ আছিল। আদালতৰ প্ৰিজাইডিং জজ ইয়াছাৱা ইউজিয়ে কয় যে সেই সময়ছোৱাত কমেও ১০ হাজাৰ ৰোহিংগীয়াক হত্যা কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ৰায়দান কৰাৰ সময়ত এই প্ৰমাণ থকাৰ কথা উল্লেখ কৰিছিল।

Apply Now

কেৱল সেয়াই নহয়, আদালতে কয় যে ম্যানমাৰত সেনাই ৰোহিংগীয়া মহিলাক হত্যা আৰু ধৰ্ষণ, শিশুৰ ওপৰত হিংসা সংঘটিত কৰাৰ লগতে ৰোহিংগীয়া গাঁও আৰু বসতি ধ্বংস কৰাৰ প্ৰমাণো পোৱা গৈছে।

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ৰায়দান কৰাৰ সময়ত এই ‘গণহত্যা’ৰ কাৰণো উল্লেখ কৰিছে। তেওঁলোকৰ মতে, ২০১৭ চনৰ এই অভিযানৰ উদ্দেশ্য আছিল উত্তৰ ৰাখাইন ৰাজ্যৰ এই জনগোষ্ঠীক ‘ধ্বংস’ কৰা। আইচিজেৰ প্ৰিজাইডিং জজ ইউজি ইৱাছাৱাইও কয় যে ম্যানমাৰৰ নিৰাপত্তা বাহিনীয়ে গণহত্যাৰ লক্ষ্যৰে এই কাৰ্য্য সংঘটিত কৰিছিল বুলি সিদ্ধান্ত লোৱাৰ যুক্তিসংগত ভিত্তি আছে।

২০১৯ চনত গাম্বিয়াই আইচিজেৰ ওচৰত ৰৌহিংগীয়া হত্যাক লৈ ১৯৪৮ চনৰ ৰাষ্ট্ৰসংঘৰ গণহত্যা চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ৭ বছৰ ধৰি চলিছিল এই বিচাৰ। ৰায় ঘোষণা কৰিবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগে।

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে কয় যে ম্যানমাৰৰ বাহিনীয়ে ‘গণহত্যাৰ উদ্দেশ্যেৰে’ ৰোহিংগীয়াসকলক হত্যা কৰিছিল। আদালতত দাখিল কৰা সকলো প্ৰমাণ বিবেচনা কৰি এই সিদ্ধান্তত উপনীত হয় আদালত।

২০১৭ চনৰ আগষ্ট মাহত বাংলাদেশৰ সীমান্তৱৰ্তী আৰাকান ৰাজ্যত ম্যানমাৰ সেনাই ৰোহিংগীয়া মুছলমানৰ বিৰুদ্ধে ব্যাপক দমন অভিযান চলাইছিল। সেই সময়ত তাত আং ছান ছু কিৰ নেচনেল লীগ ফৰ ডেম’ক্ৰেচিৰ ক্ষমতা আছিল।

পৰৱৰ্তীকালত জুন্টাৰ শাসনকালতো ৰোহিংগীয়াসকলৰ ওপৰত নিৰন্তৰ অত্যাচাৰ চলি থাকিল। তেওঁলোকৰ নিষ্ঠুৰতাৰ সন্মুখীন হৈ সাত লাখৰো অধিক ৰোহিংগীয়াই ঘৰ এৰি বাংলাদেশত আশ্ৰয় লৈছিল। বৰ্তমানেও তেওঁলোকে বাংলাদেশৰ নোয়াখালিৰ কক্স বজাৰ আৰু ভাছান চৰ শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ আছে। এই ৰায় ঘোষণাৰ পিছত বাংলাদেশত বাস কৰা ৰোহিংগীয়া শৰণাৰ্থীৰ নেতাসকলে কৃতজ্ঞতা প্ৰকাশ কৰে।

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে বাংলাদেশে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবীৰে কয় যে এই ৰায়দান চৰকাৰে ৰোহিংগীয়া সংকটৰ সমাধানৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰা বুলি ভাবে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোহিংগীয়াৰ নিৰ্বিচাৰ হত্যাৰ বাবে দায়ী ম্যানমাৰ; ৰায়দানত কি ক’লে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে?

ৰোহিংগীয়াৰ নিৰ্বিচাৰ হত্যাৰ বাবে দায়ী ম্যানমাৰ; ৰায়দানত কি ক’লে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে?

November 20, 2026 8:08 am
মাটি বিক্ৰী কৰি পঢ়ুৱাইছিল পিতৃয়ে! আজি এজন পুত্ৰ চিকিৎসক, আনজন অভিযন্তা

মাটি বিক্ৰী কৰি পঢ়ুৱাইছিল পিতৃয়ে! আজি এজন পুত্ৰ চিকিৎসক, আনজন অভিযন্তা

November 19, 2026 10:01 pm
মাটি বিক্ৰী কৰি পঢ়ুৱাইছিল পিতৃয়ে! আজি এজন পুত্ৰ চিকিৎসক, আনজন অভিযন্তা

গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি একশ্যন-থ্ৰিলাৰ অসমীয়া ছবি ‘তীব্ৰ’ৰ আকৰ্ষণীয় ট্ৰেইলাৰ

November 19, 2026 9:20 pm
বিয়লি ৫ বজাৰ পাছত ক’ৰ পৰা আহিল লাখ লাখ ভোট? ২০২৪ৰ নিৰ্বাচনক লৈ ‘ৰিপ’ৰ্টাৰ্ছ কালেকটিভ’ৰ প্ৰতিবেদনত ফাদিল চাঞ্চল্যকৰ তথ্য

বিয়লি ৫ বজাৰ পাছত ক’ৰ পৰা আহিল লাখ লাখ ভোট? ২০২৪ৰ নিৰ্বাচনক লৈ ‘ৰিপ’ৰ্টাৰ্ছ কালেকটিভ’ৰ প্ৰতিবেদনত ফাদিল চাঞ্চল্যকৰ তথ্য

November 19, 2026 7:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিংগীয়াৰ নিৰ্বিচাৰ হত্যাৰ বাবে দায়ী ম্যানমাৰ; ৰায়দানত কি ক’লে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে?

ৰোহিংগীয়াৰ নিৰ্বিচাৰ হত্যাৰ বাবে দায়ী ম্যানমাৰ; ৰায়দানত কি ক’লে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে?

November 20, 2026 8:08 am
মাটি বিক্ৰী কৰি পঢ়ুৱাইছিল পিতৃয়ে! আজি এজন পুত্ৰ চিকিৎসক, আনজন অভিযন্তা

মাটি বিক্ৰী কৰি পঢ়ুৱাইছিল পিতৃয়ে! আজি এজন পুত্ৰ চিকিৎসক, আনজন অভিযন্তা

November 19, 2026 10:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd