ন্যায়াধীশ পদৰ পৰা পদত্যাগ মানেই অপৰাধ স্বীকাৰ কৰা নহয়। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত ভাৰ্মাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰি নিজকে নিৰ্দোষী বুলি দাবী কৰিছে।
চৰকাৰী বাসগৃহৰ পৰা জ্বলি যোৱা টকাৰ নোট উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি যি অভিযোগ উত্থাপন হৈছিল, সেই ঘটনাত তেওঁৰ পদত্যাগক কোনধৰণে অপৰাধ স্বীকাৰ বা অনিয়ম স্বীকাৰ কৰা বুলি গণ্য কৰা উচিত নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
এই সন্দৰ্ভত ১০ ছেপ্টেম্বৰত ন্যায়াধীশ ভাৰ্মাই লোকসভাৰ প্ৰধান সচিব উৎপল কুমাৰ সিঙলৈ এখন পত্ৰ লিখিছিল। বৃহস্পতিবাৰে সংসদৰ সদস্যসকলৰ মাজত এই পত্ৰ বিতৰণ কৰা হয়।
পত্ৰখনত তেওঁ দাবী কৰিছে যে ৯ এপ্ৰিলত ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত তেওঁক অপসাৰণৰ সৈতে জড়িত প্ৰক্ৰিয়াটো কাৰ্যতঃ অৰ্থহীন হৈ পৰিছে। কাৰণ পদত্যাগৰ পিছত তেওঁ এতিয়া ন্যায়াধীশ নহয়। গতিকে তেওঁক পদৰ পৰা অপসাৰণৰ বাবে সাংবিধানিক প্ৰক্ৰিয়া অব্যাহত ৰখাৰ কোনো ভিত্তি নাই।
তেওঁৰ বক্তব্যৰ সমৰ্থনত তেওঁ সংবিধানৰ ২১৭(১)(ক) অনুচ্ছেদ আৰু ১৯৭৮ চনত উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে দিয়া এটা গুৰুত্বপূৰ্ণ ৰায়ৰ উল্লেখ কৰে। ‘ইউনিয়ন অফ ইণ্ডিয়া বনাম গোপাল চন্দ্ৰ মিশ্ৰ’ গোচৰৰ ৰায়দানৰ উদ্ধৃতি দি ভাৰ্মাই দাবী কৰে যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত্যাগ স্বয়ংক্ৰিয়ভাৱে কাৰ্যকৰী হয়। ৰাষ্ট্ৰপতি বা আন কোনো কৰ্তৃপক্ষৰ অনুমোদনৰ প্ৰয়োজন নহয়।
পত্ৰখনত তেওঁ লগতে লিখিছে যে পদত্যাগ কৰাৰ পিছত তেওঁক অপসাৰণৰ উদ্দেশ্যে আৰম্ভ কৰা প্ৰক্ৰিয়া আৰু চলাই নিব নোৱাৰি। কাৰণ ন্যায়াধীশক অপসাৰণ সম্পৰ্কীয় সাংবিধানিক বিধানসমূহ কেৱল সেৱা আগবঢ়োৱা ন্যায়াধীশৰ ক্ষেত্ৰতহে প্ৰযোজ্য।
উল্লেখ্য যে চৰকাৰী বাসগৃহৰ পৰা জ্বলি যোৱা টকাৰ নোট উদ্ধাৰৰ অভিযোগক লৈ ন্যায়াধীশ ভাৰ্মাৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছিল। ন্যায়াধীশৰ তদন্ত সমিতিৰ সন্মুখতো তেওঁ হাজিৰ হয়। কিন্তু ৯ এপ্ৰিলত তেওঁ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।
এইবাৰ সেই পদত্যাগৰ সাংবিধানিক বৈধতা আৰু অপসাৰণ প্ৰক্ৰিয়াৰ ভৱিষ্যত সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিলে প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে।





