ঢাকাত অনুষ্ঠিত পুৰুষৰ দৃষ্টিহীন ক্ৰিকেট এছিয়া কাপ ২০২৬-ৰ ফাইনেল মেচখন বৰষুণৰ বাবে বাতিল হোৱাৰ পাছতো পাকিস্তানক বিজয়ী ঘোষণা কৰি ট্ৰফী প্ৰদান কৰাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। খেল অনুষ্ঠিত নোহোৱাকৈয়ে ৰান ৰেটত আগবাঢ়ি থকাৰ ভিত্তিত পাকিস্তানক একক বিজয়ী ঘোষণা কৰাৰ পাছতেই ইয়াৰ প্ৰতিবাদত ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলে বঁটা বিতৰণী অনুষ্ঠান বৰ্জন কৰে।
ক্ৰিকেট এছ’চিয়েশ্যন ফৰ দ্য ব্লাইণ্ড ইন ইণ্ডিয়া চমুকৈ চিএবিআই-এ এই সিদ্ধান্তক কঠোৰ ভাষাৰে গৰিহণা দিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বিবৃতিত চিএবিআই-এ অভিযোগ কৰে যে ফাইনেল মেচখন অনুষ্ঠিত নোহোৱাকৈয়ে পাকিস্তানক ট্ৰফী প্ৰদান কৰা হৈছে। সংস্থাটোৱে দাবী কৰে যে বিশ্ব দৃষ্টিহীন ক্ৰিকেট পৰিষদ আৰু পাকিস্তান দৃষ্টিহীন ক্ৰিকেট পৰিষদৰ সভাপতি চুলতান শ্বাহে দুয়োটা দলক যুটীয়া বিজয়ী ঘোষণা কৰিবলৈ ডব্লিউবিচিচিৰ কাৰিকৰী সমিতিয়ে লোৱা সিদ্ধান্ত অগ্ৰাহ্য কৰি মেচ ৰেফাৰীক সেই সিদ্ধান্ত ঘোষণা কৰিবলৈ বাধ্য কৰায়।
চিএবিআই-এ জাৰি কৰা আনুষ্ঠানিক প্ৰেছ বিবৃতিত পাকিস্তানক একক বিজয়ী ঘোষণা কৰা সিদ্ধান্ত পোনছাটেই প্ৰত্যাখ্যান কৰি ভাৰত আৰু পাকিস্তানক যুটীয়া বিজয়ী হিচাপে স্বীকৃতি দিয়াৰ দাবী জনাইছে। বিবৃতিটোত কোৱা হৈছে যে প্ৰতিযোগিতাখনৰ কাৰিকৰী নিয়মাৱলীৰ ২৭ নং ধাৰা কেৱল টাই হোৱা ফাইনেলৰ ক্ষেত্ৰতহে বিশেষভাৱে প্ৰযোজ্য আৰু ইয়াৰ দুয়োটা বাক্যই সেই পৰিস্থিতিকেই সূচায়। চিএবিআই-এ এই ব্যাখ্যা ডব্লিউবিচিচিৰ কাৰিকৰী সমিতিৰ ওচৰত উত্থাপন কৰিছিল আৰু সমিতিখনেও প্ৰাথমিকভাৱে দুয়োটা দলক যুটীয়া বিজয়ী ঘোষণা কৰাত সন্মতি জনাইছিল। কিন্তু পাছত কাৰিকৰী সমিতিৰ সঞ্চালক আৰু পিবিচিচিৰ সভাপতিয়ে মেচ ৰেফাৰী তথা আম্পায়াৰসকলক প্ৰভাৱিত কৰি সমিতিৰ পূৰ্বৰ সন্মতি উলংঘা কৰি পাকিস্তানৰ সপক্ষে সিদ্ধান্ত দিয়োৱা বুলি চিএবিআই-এ অভিযোগ তুলিছে। এখন আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ফলাফল প্ৰভাৱিত কৰাৰ এই গ্ৰহণযোগ্য নোহোৱা প্ৰচেষ্টাই সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াটোৰ বিশ্বাসযোগ্যতা, নিৰপেক্ষতা আৰু সততাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰা বুলি সংস্থাটোৱে মন্তব্য কৰে।
ইফালে, চিএবিআই-এ মুকলি কৰা এটা ভিডিঅ’ বাৰ্তাত ভাৰতীয় দলৰ অধিনায়ক টি দুৰ্গা ৰাৱে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি কয় যে ফাইনেলত মেচ ৰেফাৰীয়ে তেওঁলোকক মাতি নি ৰান ৰেটৰ ভিত্তিত পাকিস্তানক বিজয়ী আৰু ভাৰতক ৰানাৰ্ছ-আপ ঘোষণা কৰাৰ কথা জনাইছিল। পূৰ্বে কেতিয়াও এনে ঘটনা সংঘটিত হোৱা নাছিল আৰু এনে পৰিস্থিতিত সদায় দুয়োটা দলকে যুটীয়া বিজয়ী ঘোষণা কৰা হয় বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই সিদ্ধান্ত সম্পূৰ্ণ নিয়মবিৰুদ্ধ আৰু সেইবাবেই ভাৰতীয় দলে ইয়াৰ বিৰোধিতা কৰিছে।





