তেজৰ সম্পৰ্ক বা ঘনিষ্ঠ আত্মীয়ৰ সৈতে বিবাহৰ প্ৰথা সন্দৰ্ভত কেন্দ্ৰক এইবাৰ উচ্চতম ন্যায়ালয়ে এক ডাঙৰ পৰামৰ্শ দিছে। এনে বিবাহে ভৱিষ্যত প্ৰজন্মৰ মাজত জিনগত ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। সেই আশংকাৰ পৰিপ্ৰেক্ষিতত শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশত নতুন আইন আনিব পৰা যায় নেকি সেই বিষয়ে বিবেচনা কৰিবলৈ কৈছে।
আদালতে লগতে কয় যে বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰম আৰু বিভিন্ন মাধ্যমৰ জৰিয়তে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগে। শুকুৰবাৰে (২০ নৱেম্বৰ) মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে এই পৰ্যবেক্ষণ কৰে।
অৱশ্যে আদালতে এতিয়াই এনে বিবাহ নিষিদ্ধ কৰাৰ কোনো নিৰ্দেশ দিয়া নাই। বৰঞ্চ ইয়াত স্পষ্ট কৰি দিয়া হৈছে যে আইন বা সামাজিক সংস্কাৰৰ বিষয়টো সম্পূৰ্ণৰূপে সংসদ আৰু বিধায়িনী দলৰ অধীনৰ বিষয়।
বেংগালুৰুৰ বাসিন্দা চাৰ্ভি এছ নামৰ এজন আইনৰ ছাত্ৰই দাখিল কৰা জনস্বাৰ্থৰ গোচৰক কেন্দ্ৰ কৰি এই ধাৰণাৰ উৎপত্তি হৈছে। তেওঁৰ মতে, দীৰ্ঘদিন ধৰি প্ৰচলিত সামাজিক ৰীতিৰ বাবেই ঘনিষ্ঠ আত্মীয়ৰ মাজত বিবাহ অনুষ্ঠিত হৈ আহিছে। কিন্তু এনে বিবাহৰ সম্ভাৱ্য জিনীয় পৰিণতিৰ বিষয়ে বহুতে যথেষ্ট সচেতন নহয়।
আবেদনকাৰীয়ে দাবী কৰিছে যে তেওঁ নিজেই দুগৰাকী সম্পৰ্কীয় ভাই-ভনীৰ মাজত হোৱা বিবাহৰ সন্তান। তেওঁৰ দৃষ্টিশক্তিৰ প্ৰতিবন্ধকতা ৪০ শতাংশ। এই অভিজ্ঞতাৰ উদ্ধৃতি দি তেওঁ ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্য সুৰক্ষাৰ বাবে আইনী ব্যৱস্থাৰ বাবে আবেদন দাখিল কৰিছে।
আবেদনখনত বিভিন্ন চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ উদ্ধৃতি দিয়া হৈছে। কোৱা হৈছে যে যদি কোনো ঘনিষ্ঠ তেজৰ সম্পৰ্কৰ ব্যক্তিৰ মাজত বিবাহ হয় তেন্তে শিশুৰ শৰীৰত একে ধৰণৰ জিন বা সমযোজীৰ (Homozygosity) উপস্থিতি বৃদ্ধি পোৱাৰ আশংকা থাকে। ফলত কিছুমান সুপ্ত জিনীয় ৰোগ প্ৰকাশ পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। আৱেদনখনত জন্মগত শাৰীৰিক বিসংগতি, শ্ৰৱণ আৰু দৃষ্টিশক্তিৰ সমস্যা, বিকাশৰ অক্ষমতা আৰু শিশুৰ মৃত্যুৰ আশংকাও উল্লেখ কৰা হৈছে। কিন্তু এনে বিবাহৰ প্ৰতিটো ক্ষেত্ৰতে সন্তানৰ জিনীয় সমস্যা হ’ব বুলি কোনো দাবী কৰা হোৱা নাই।
আবেদনকাৰীৰ হৈ অধিবক্তা অঞ্জুমান ত্ৰিপাঠীয়ে আদালতত কয় যে বিশেষকৈ গ্ৰামাঞ্চলত আত্মীয়ৰ মাজত বিবাহৰ প্ৰচলন আছে। বহু ক্ষেত্ৰত সংশ্লিষ্ট পৰিয়ালসমূহে জিনীয় বিপদৰ বিষয়ে অৱগত নহয়। সেয়েহে চিকিৎসকৰ পৰামৰ্শ অনুসৰি বিবাহৰ পূৰ্বে জেনেটিক কাউন্সেলিং, সম্ভাৱ্য বিপদৰ বিষয়ে বিতং তথ্য আৰু প্ৰয়োজনীয় পৰীক্ষাৰ প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে।
এইখিনিতে ১৯৫৫ চনৰ হিন্দু বিবাহ আইনখন গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেই আইনখনৰ ৫ নং ধাৰা, ৪ আৰু ৫ নং উপধাৰাত নিষিদ্ধ সম্পৰ্ক আৰু আত্মীয় সম্পৰ্কৰ মাজত বিবাহত বাধা নিষেধ আছে। কিন্তু সংশ্লিষ্ট সম্প্ৰদায়ৰ প্ৰচলিত ৰীতি-নীতি বা পৰম্পৰাই যদি অনুমতি দিয়ে তেন্তে কিছুমান বিশেষ ক্ষেত্ৰত এনে বিবাহৰ অনুমতি দিয়া হয়। আবেদনকাৰীয়ে দাবী কৰে যে এই আইনী ব্যতিক্ৰমসমূহত প্ৰয়োজনীয় স্বাস্থ্য সুৰক্ষাৰ নিয়ম বাধ্যতামূলক কৰা হওক।
শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে বিবাহ ব্যক্তিগত পছন্দৰ বিষয়। গতিকে কাকো কোনো সিদ্ধান্ত ল’বলৈ বাধ্য কৰিব নোৱাৰি। কিন্তু বিবাহৰ পূৰ্বে সংশ্লিষ্ট ব্যক্তিসকলে সম্ভাৱ্য বিপদৰ বিষয়ে সচেতন হোৱাটো প্ৰয়োজনীয়।
মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে আদালতে পোনপটীয়াকৈ কোনো আইন প্ৰণয়নৰ নিৰ্দেশ দিয়া নাই, বৰঞ্চ কেন্দ্ৰক বিষয়টোৰ ওপৰত চিন্তা কৰি প্ৰয়োজনীয় সজাগতা সৃষ্টি কৰিবলৈ উৎসাহিত কৰিছে।
মুঠতে এই গোচৰৰ পিছত দেশৰ বিবাহ ৰীতি-নীতি, ব্যক্তিগত স্বাধীনতা আৰু ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্য সুৰক্ষাৰ ওপৰত নতুন আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আত্মীয়ৰ মাজত বিবাহ এতিয়াই নিষিদ্ধ কৰা হোৱা নাই। এতিয়া কেন্দ্ৰৰ সঁহাৰি আৰু পৰৱৰ্তী পদক্ষেপৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে।





