শীৰ্ষ পদবীত মহিলাৰ উপস্থিতিৰ অৰ্থ এইটো নহয় যে সমাজত লিংগ বৈষম্য নাইকিয়া হৈছে। ইয়াৰ বিপৰীতে শিক্ষা, কৰ্মসংস্থাপন আৰু পেছাগত উন্নতিৰ পথত এতিয়াও মহিলাসকলে বহু বাধাৰ সন্মুখীন হৈ আছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নাই সমাজৰ এই বাস্তৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
তেওঁ সোঁৱৰাই দিয়ে যে কেৱল দেশৰ দুই-এগৰাকী মহিলাই গুৰুত্বপূৰ্ণ পদবীত উপনীত হোৱাৰ বাবেই সামগ্ৰিকভাৱে নাৰীৰ অৱস্থা উন্নত হৈছে বুলি ভবাৰ কোনো কাৰণ নাই। সংবিধানত সম অধিকাৰৰ কথা কোৱা হৈছে যদিও সেই অধিকাৰ বাস্তৱত কিমান ফলপ্ৰসূ হৈছে সেই বিষয়ে সমাজে আত্মনিৰীক্ষণ কৰাটো প্ৰয়োজন।
চলিত সপ্তাহৰ আৰম্ভণিতে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছমাৰভিল কলেজত কৰ্ণেলিয়া সৰবজী সোঁৱৰণী বক্তৃতাৰ উদ্বোধনী অনুষ্ঠানত এইদৰে কয় ন্যায়াধীশ নাগাৰত্নাই। তাত তেওঁ কয় যে ভাৰতৰ বহু মহিলাই পৰ্যাপ্ত অৰ্হতা থকাৰ পিছতো পঢ়া-শুনা আগবঢ়াই নিব নোৱাৰে আৰু নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ সুযোগ নাপায়।
তেওঁৰ ভাষাত, “মই পঢ়া-শুনাৰ সুযোগ পাইছো, মোৰ পেছাদাৰী জীৱন গঢ়াৰ সুযোগো পাইছো।কিন্তু দেশৰ বহু মহিলাৰ সেই সুযোগ নাই।বিশেষকৈ পুৰুষ সমাজে এই বিষয়টোৰ ওপৰত চিন্তা কৰাৰ প্ৰয়োজন আছে।”
তেওঁ আইনজীৱীসকলৰ বৃত্তিত মহিলাক অধিক সুযোগ দিয়াৰ পোষকতা কৰে। চৰকাৰী অধিবক্তাৰ পেনেল, চৰকাৰী কোম্পানীসমূহৰ বাবে গোচৰত যুঁজ দিয়া আৰু আইনী সাহায্য প্ৰদানৰ দৰে ক্ষেত্ৰত কমেও এক তৃতীয়াংশ মহিলা অধিবক্তা থকাৰ প্ৰস্তাৱ দিয়ে। তেওঁৰ মতে কেৱল অধিবক্তা হোৱাৰ সুযোগ দিয়াটোৱেই যথেষ্ট নহয়, গুৰুত্বপূৰ্ণ দায়িত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ পদত মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰিব লাগিব।
ন্যায়াধীশগৰাকীয়ে ভাৰতীয় ন্যায়পালিকাত মহিলাৰ কম প্ৰতিনিধিত্বৰ ছবিও তুলি ধৰে। বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ৩৭ গৰাকী ন্যায়াধীশৰ ভিতৰত মাত্ৰ ৩ গৰাকীহে মহিলা। দেশৰ ২৫ খন উচ্চ ন্যায়ালয়ৰ ৭৮১ গৰাকী ন্যায়াধীশৰ ভিতৰত ১১১ গৰাকী মহিলা অৰ্থাৎ প্ৰায় ১৪ শতাংশ।
মন কৰিবলগীয়া যে ২০২৭ চনৰ ছেপ্টেম্বৰ মাহত ন্যায়াধীশ নাগাৰত্না দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হোৱাৰ কথা।কিন্তু তেওঁৰ কাৰ্যকাল বৰ বেছি দিন নাথাকিব।
ভাষণত নাৰীৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে আগন্তুক দীঘলীয়া পথৰ কথাও তেওঁ তুলি ধৰে। সংবিধানৰ ১৪ আৰু ২১ নং অনুচ্ছেদত উল্লেখ কৰা সম অধিকাৰ আৰু জীৱনৰ অধিকাৰৰ ব্যাখ্যা কেনেকৈ সময়ৰ লগে লগে সম্প্ৰসাৰিত হৈছে সেই বিষয়ে তেওঁ ব্যাখ্যা কৰে। ২০০৫ চনত পূৰ্বপুৰুষৰ সম্পত্তিত মহিলাৰ সম অধিকাৰ, কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন ৰোধৰ বাবে বিশাখা গাইডলাইন আৰু সেনাবাহিনীত মহিলাৰ বাবে বৰ্ধিত সুযোগ আদি গুৰুত্বপূৰ্ণ ৰায়দানৰ বিষয়ো উল্লেখ কৰে।
অৱশ্যে কেৱল বৈষম্যমূলক আইন বাতিল কৰিলেই সমতা নাহে বুলি তেওঁ সকীয়াই দিয়ে। তেওঁৰ মতে ঘৰৰ কাম-কাজ আৰু শিশু বা পৰিয়ালৰ যত্ন লোৱাৰ দায়িত্বৰ এক বৃহৎ অংশ এতিয়াও মহিলাৰ ওপৰত পৰে। জাতপাত, শ্ৰেণী, ধৰ্ম, প্ৰতিবন্ধকতা আৰু আৰ্থিক অৱস্থাৰ বাবেও নাৰীৰ অভিজ্ঞতা এজনৰ পৰা আনজনৰ পৃথক। সেয়ে সকলোৰে বাবে একে নিয়ম কৰিলেই প্ৰকৃত সমতা প্ৰতিষ্ঠা সম্ভৱ নহয়।
ন্যায়াধীশ নাগাৰত্নাৰ মতে কেৱল মহিলাসকলৰ বাবে সুযোগৰ দুৱাৰ মুকলি কৰাটোৱেই যথেষ্ট নহয়, সেই সুযোগসমূহৰ ব্যৱহাৰ কৰি নেতৃত্ব দিয়াৰ পদবীত উপনীত হোৱাৰ পথো সৃষ্টি কৰিব লাগিব।





