ৰাজস্থানৰ টোংক জিলাত পঞ্চায়ত নিৰ্বাচনত পত্নী পৰাজিত হোৱাৰ পাছতেই গাঁৱৰ পথৰ লাইট খুলি নিয়াৰ এক অভিযোগক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় বিধায়কৰ ঘনিষ্ঠ তথা ব্যক্তিগত সহায়ক হিচাপে পৰিচিত অলোক শৰ্মাৰ নিৰ্দেশত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই এই লাইটসমূহ আঁতৰোৱাৰ কাম আৰম্ভ কৰা বুলি গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছে। ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিৰোধী শিবিৰে ইয়াক ৰাজনৈতিক প্ৰতিহিংসা বুলি আখ্যা দিছে।
প্ৰাপ্ত তথ্য অনুসৰি, টোংক জিলাৰ পিপলু পঞ্চায়ত সমিতিৰ ৪ নম্বৰ ৱাৰ্ডৰ একাধিক গাঁৱত থকা বিদ্যুৎ খুঁটাসমূহত প্ৰায় ৫০টা ষ্ট্ৰীট লাইট লগোৱা হৈছিল। এই ৱাৰ্ডটোত বিজেপিৰ টিকটত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল নিৱাইৰ বিধায়ক ৰামসহায় বৰ্মাৰ ব্যক্তিগত সহায়ক অলোক শৰ্মাৰ পত্নী প্ৰিয়ংকা শৰ্মাই। কিন্তু নিৰ্বাচনত তেওঁ পৰাজয়বৰণ কৰে। গাঁওবাসীৰ অভিযোগ অনুসৰি, নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতেই অলোক শৰ্মাৰ নিৰ্দেশত পথৰ লাইটসমূহ খুলি নিয়াৰ কাম আৰম্ভ কৰা হয়। নিৰ্বাচনত প্ৰিয়ংকা শৰ্মা পৰাজিত হোৱাৰ বাবেই প্ৰতিশোধ ল’বলৈ এইদৰে লাইটসমূহ খুলি নিয়া হৈছে বুলি স্থানীয় লোকসকলে দাবী কৰিছে।
জানিব পৰা মতে, জয়পুৰ বিদ্যুৎ বিতৰণ নিগম লিমিটেডৰ কৰ্মচাৰীসকলে পথৰ কাষৰ বিদ্যুৎ খুঁটাসমূহৰ পৰা লাইটসমূহ খুলি নিবলৈ আৰম্ভ কৰে। কমেও ১০টা লাইট খুলি নিয়াৰ পাছতেই গাঁওবাসীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পাছত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰধানে বাকী থকা ৪০টা লাইটৰ বিদ্যুৎ বিল পৰিশোধ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ পাছত সেই লাইটসমূহ খুলি নিয়া নহ’ল।
ইফালে, সমগ্ৰ ঘটনাক লৈ অঞ্চলটোৰ গাঁওবাসীৰ মাজত তীব্ৰ অসন্তুষ্টি বিৰাজ কৰিছে। এই ষ্ট্ৰীট লাইটসমূহ প্ৰথমে কোনে লগাইছিল আৰু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই কিয় সেইবোৰ খুলি নিবলগীয়া হ’ল, তাক লৈ স্থানীয় লোকসকলে প্ৰশ্ন উত্থাপন কৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি টোংক জিলাৰ স্থানীয় ৰাজনীতিতো ব্যাপক চৰ্চা চলিছে।





