যোৱা মাৰ্চ মাহত নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণসূচী লৈ ২২ নৱেম্বৰ দেওবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হয় বালেন শ্বাহ। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে আয়োজিত এদিনতকৈ কিছু অধিক সময়ৰ এই ভ্ৰমণ সোমবাৰে সামৰণি পৰিব। নতুন দিল্লীত উপস্থিত হোৱাৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায়। ভ্ৰমণকালত তেওঁক আনুষ্ঠানিকভাৱে সন্মানসহ আদৰণি জনোৱা হয়।
নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক প্ৰেছ বিবৃতি অনুসৰি, এই ভ্ৰমণত প্ৰধানমন্ত্ৰী শ্বাহৰ সৈতে নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শিশিৰ খানাল, বিত্ত মন্ত্ৰী স্বৰ্ণিম ৱাগলে, প্ৰধানমন্ত্ৰীৰ মুখ্য উপদেষ্টা কুমাৰ ব্যঞ্জনকাৰ আৰু অন্যান্য জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰিছে। কাৰ্যসূচী অনুসৰি সোমবাৰে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিস্তৃত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। এই বৈঠকত ভাৰত-নেপাল সম্পৰ্কৰ সামগ্ৰিক দিশসমূহৰ পৰ্যালোচনা কৰি দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰা হ’ব।
ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে এক সংবাদমেলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনাইছিল যে এই আলোচনাত ষ্টাৰ্টআপ, প্ৰযুক্তি, উদ্ভাৱন আৰু ক্ৰীড়াৰ দৰে সহযোগিতাৰ উদীয়মান ক্ষেত্ৰসমূহো সামৰি লোৱা হ’ব। ভাৰত ভ্ৰমণকালত নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও বৈঠকত মিলিত হ’ব। ইয়াৰ উপৰি তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সৌজন্যমূলক সাক্ষাৎ কৰিব।
শ্বাহৰ এই ভ্ৰমণৰ পূৰ্বেই কাঠমাণ্ডুৱে ভাৰতৰ পৰা ২ বিলিয়ন আমেৰিকান ডলাৰৰ এক আৰ্থিক পেকেজ বিচাৰি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল, যাৰ ভিতৰত ১ বিলিয়ন ডলাৰ অনুদান হিচাপে অন্তৰ্ভুক্ত আছে। হিন্দুস্তান টাইমছত পূৰ্বে প্ৰকাশিত এক প্ৰতিবেদনত বিষয়টোৰ সৈতে অৱগত সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে উন্নয়নমূলক প্ৰকল্পসমূহ আগবঢ়াই নিয়া আৰু শেহতীয়া আকস্মিক বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পুনৰ নিৰ্মাণৰ উদ্দেশ্যেই নেপালে এই প্ৰস্তাৱ আগবঢ়াইছে।
আনহাতে, অৰ্থনৈতিক সহযোগিতা, বিনিয়োগ, পৰিবহণ ব্যৱস্থা, শক্তি, ডিজিটেল সংযোগ আৰু স্বাস্থ্যসেৱা সামৰি ভাৰতে এক যুটীয়া দৃষ্টিপত্ৰ প্ৰস্তাৱ কৰিছে। বালেন শ্বাহৰ এই ভ্ৰমণকালতে নথিখন উন্মোচন কৰাৰ লগতে ভ্ৰমণৰ সামৰণিত ইয়াক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মূল খণ্ডসমূহত দীৰ্ঘম্যাদী সহযোগিতা স্থাপন আৰু নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণত গুৰুত্ব আৰোপ কৰি ভাৰত-নেপাল দ্বিপাক্ষিক সম্পৰ্কক নতুন গতি প্ৰদান তথা সুদৃঢ় কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ লোৱা হৈছে।





