পৃথিৱীৰ এক নতুন ‘অতিথি’ আহিছে। ই হঠাতে আমাৰ গ্ৰহটোক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিছে। এই মুহূৰ্তত পৃথিৱীৰ দুটা চন্দ্ৰ আছে। নিজৰ উপগ্ৰহৰ উপৰিও ইয়াক প্ৰদক্ষিণ কৰিছে আন এটা চন্দ্ৰই। যদিও ই অস্থায়ী। ইয়াৰ আকাৰো অতি সৰু। আচলতে ই এটা গ্ৰহাণু। মাধ্যাকৰ্ষণ শক্তিৰ টানৰ বাবে পৃথিৱীয়ে এই গ্ৰহাণুটোক নিজৰ কক্ষপথলৈ টানি আনিছে।
এই গ্ৰহাণুটোৱে যোৱা এপ্ৰিল মাহৰ পৰা পৃথিৱীখনক প্ৰদক্ষিণ কৰি আহিছে। ডিচেম্বৰৰ আৰম্ভণিলৈকে তাতেই থাকিব। ইয়াৰ পিছত ই পুনৰ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব। পৃথিৱীক প্ৰদক্ষিণ কৰি থাকিলেও এইটো ইমান সৰু যে খালী চকুৰে তাক দেখা পোৱা নাযায়। ইয়াৰ ব্যাস মাত্ৰ ৬ ফুট। ইমানেই সৰু আৰু ক্ষীণ যে মহাকাশ বিজ্ঞানীসকলৰ অত্যাধুনিক সঁজুলিৰ বাবেও ইয়াক চিনাক্ত কৰাটো যথেষ্ট কঠিন হৈ পৰিছে।
এপ্ৰিল মাহৰ পৰা ই পৃথিৱীখনক প্ৰদক্ষিণ কৰি আহিছে যদিও অক্টোবৰ পৰ্যন্ত নতুন অতিথিটোৰ বিষয়ে নিশ্চিতভাৱে একো কোৱা সম্ভৱ নাছিল। ইয়াৰ আকাৰটো ইমানেই সৰু যে ই এটা বিকল হৈ পৰা কৃত্ৰিম উপগ্ৰহ নে ইয়াৰ টুকুৰা সেইটো বুজিবলৈ বিজ্ঞানীসকলৰ কেইবামাহো সময় লাগিছিল।
যোৱা আগষ্ট মাহত ইয়াক প্ৰথম চিনাক্ত কৰা হৈছিল। সেই সময়ত হাংগেৰীৰ কংকলি অৱজাৰভেটৰিৰ মহাকাশবিজ্ঞানী ক্রিষ্টিয়ান ছার্নেটস্কিয়ে ইয়াক চিনাক্ত কৰিছিল। প্ৰথমতে তেওঁ ইয়াৰ নাম ৰাখিছিল ‘Sar2901’। অৱশ্যে প্ৰকৃততে কি আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাছিল।
আৱিষ্কাৰৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ‘মাইনৰ প্লেনেট চেণ্টাৰ’ই ইয়াৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ এই শাখাই সৌৰজগতৰ বিভিন্ন গ্ৰহাণু, ধুমকেতু আৰু অন্যান্য সৰু মহাজাগতিক বস্তুৰ ওপৰত নিৰীক্ষণ কৰে। তাত থকা বিজ্ঞানীসকলে অক্টোবৰৰ শেষৰ ফালে ইয়াক গ্ৰহাণু হিচাপে চিনাক্ত কৰিছিল। আৰু এই নতুন অতিথিৰ নাম ৰখা হয় ‘২০২৬ কিউকিউ ৮’।
সাময়িকভাৱে পৃথিৱীক প্ৰদক্ষিণ কৰা এনে ‘অতিথি’ থকাৰ পৰিঘটনাটো নতুন কিম্বা বিৰল নহয়। এনেধৰণৰ ঘটনা পূৰ্বতে দেখা গৈছে। উদাহৰণস্বৰূপে ২০০৬ চনত ‘২০০৬ RH120’ চিনাক্ত কৰা হৈছিল।ই প্ৰায় এবছৰ ধৰি পৃথিৱীক প্ৰদক্ষিণ কৰিছিল। আকৌ ২০২০ চনত ‘২০২০ চিডি৩’ চিনাক্ত কৰা হয়।ই প্ৰায় তিনি বছৰ ধৰি পৃথিৱীখনক প্ৰদক্ষিণ কৰিছিল। ‘২০২৪ পিটি৫’ও দুবছৰ পূৰ্বে দেখা গৈছিল। ই দুমাহৰ সংগী আছিল। এইবাৰ পৃথিৱীয়ে আন এটা ‘অতিথি’ গ্ৰহাণু পালে। বিজ্ঞানীসকলে ইয়াক ‘মিনি মুন’ বুলি অভিহিত কৰিছে।
লগতে পঢ়কঃচন্দ্ৰৰ মাটিত সফল আলু খেতি! কেনেকৈ অসম্ভৱক সম্ভৱ কৰি তুলিলে বিজ্ঞানীসকলে?
‘মিনি মুন’ আচলতে কোনো মহাজাগতিক বস্তুৰ আনুষ্ঠানিক নাম নহয়। কিন্তু মহাকাশ বিজ্ঞানীসকলে এনে গ্ৰহাণুৰ বাবে এই বাক্যাংশ ব্যৱহাৰ কৰি আহিছে। সূৰ্যৰ আকৰ্ষণত সৌৰজগতৰ ভিতৰত ঘূৰি ফুৰা গ্ৰহাণুক পৃথিৱীয়ে মাজে মাজে টানি আনে। এটা নিৰ্দিষ্ট সময়ৰ পিছত ই পৃথিৱীৰ আকৰ্ষণৰ পৰা হাত সাৰি মহাকাশলৈ ওলাই যায়।
মাইনৰ প্লেনেট চেন্টাৰৰ সঞ্চালক মেথিউ পেইনে কয়, “হিচাপ কৰিলে দেখা যায় যে যিকোনো সময়তে পৃথিৱীৰ চাৰিওফালে এনেকুৱা ধৰণৰ বস্তু এটা থাকে। হয়তো কোনোটো কেইসপ্তাহমান থাকে, কোনোটো কেইমাহমান থাকে। হয়তো কেতিয়াবা একেবাৰেই এটাও নাথাকে।”
তেওঁৰ মতে এই বস্তুবোৰ বেছিভাগেই আকাৰত ইমানেই সৰু যে বিজ্ঞানীসকলৰ দৃষ্টিৰ পৰাও সাৰি যায়। পেইনে কয়, “বেছিভাগেই অতি সৰু। কেতিয়াবা ইহঁত বহুত দূৰৈত থাকে আৰু অতি বেগেৰে গতি কৰে। গতিকে নিৰ্দিষ্ট পদ্ধতি ব্যৱহাৰ কৰি ধৰা পেলোৱাটো অতি কঠিন হৈ পৰে।”
‘২০২৬ কিউকিউ৮’ও তেনেকুৱাই। তেন্তে ই কেতিয়াবা পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা আছেনে? বিজ্ঞানীসকলে কয় যে এই মুহূৰ্তত সেই আশংকাৰ কোনো কাৰণ নাই। ইয়াৰ উপৰিও ই যদি কেতিয়াবা পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেন্তে ইয়াৰ আকাৰ ইমানেই সৰু যে পৃষ্ঠত খুন্দা মৰাৰ আগতেই ই ধ্বংস হৈ যাব। পেইনৰ ভাষাত “বৰ বেছি হ’লে আকাশত উল্কাবৃষ্টি দেখা যাব পাৰে।”
এই গ্ৰহাণুটো ক’ৰ পৰা আহিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিজ্ঞানীসকলে এতিয়াও এই বিষয়ে গৱেষণা কৰি আছে। কিন্তু পৃথিৱীৰ অধিকাংশ ‘নিয়াৰ আৰ্থ অৱজেক্ট’ মংগল আৰু বৃহস্পতিৰ মাজৰ গ্ৰহাণু বলয়ৰ পৰা আহে। যিবোৰৰ কক্ষপথ সূৰ্য্যৰ ১.৩ জ্যোতিৰ্বিজ্ঞান একক (এটা জ্যোতিৰ্বিজ্ঞান একক প্ৰায় ১৫ কোটি কিলোমিটাৰ) আৰু পৃথিৱীৰ কক্ষপথৰ ০.৩ জ্যোতিৰ্বিজ্ঞান এককৰ ভিতৰত থাকে, সেইবোৰক ‘নিয়াৰ আৰ্থ অৱজেক্ট’ বুলি কোৱা হয়।
লগতে পঢ়কঃ অপাৰেচন সিন্দুৰত পাকিস্তানক কিয় সহায় কৰিছিল চীনে? আমেৰিকাৰ প্ৰতিবেদনত ফাদিল কাৰণ
পেইনে কয় যে পৃথিৱীৰ কাষ চাপি অহা গ্ৰহাণুৰ গতি যদি বৰ বেছি নহয়, তেন্তে ই কেতিয়াবা পৃথিৱীৰ মাধ্যাকৰ্ষণৰ প্ৰভাৱত আহে। তাৰ পিছত ই সাময়িকভাৱে নিজৰ কক্ষপথৰ পৰা বিচ্যুত হৈ পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ আৰম্ভ কৰিব পাৰে।





