দুই প্ৰেমিকৰ সৈতে মিলি ষড়যন্ত্ৰ কৰি এগৰাকী মহিলাই স্বামীক হত্যা কৰাৰ অভিযোগ উঠিছে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ওড়িশাৰ সুৱৰ্ণপুৰ জিলাত। আৰক্ষীয়ে জনোৱা মতে, মৃত লোকজনৰ নাম সুদাম নাগ।
আৰক্ষীয়ে অভিযোগ কৰে যে সুদামৰ পত্নী কবিতা নাগে স্বামীক হত্যা কৰিবলৈ সোণৰ মংগলসূত্ৰ বন্ধকত থৈ পোৱা ধনেৰে পিষ্টল কিনিছিল। আৰক্ষীয়ে হত্যাৰ অভিযোগত কবিতা আৰু তেওঁৰ দুই প্ৰেমিক ত্ৰিলোচন বাগ আৰু যুৱৰাজ সাউক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষী সূত্ৰই জনোৱা মতে, যুৱৰাজৰ কবিতাৰ সৈতে সুদীৰ্ঘ ১২ বছৰ ধৰি সম্পৰ্ক আছিল। ইয়াৰ পিছতো তেওঁ সুদামক বিয়া কৰাইছিল। বিয়াৰ পিছত কবিতাৰ ত্ৰিলোচন বাগ ওৰফে টিংকু ওৰফে টিকচন্দৰৰ সৈতেও প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।
আৰক্ষীয়ে জনোৱা মতে, ত্ৰিলোচনে কেইবাবাৰো কবিতাৰ ঘৰলৈ গৈছিল। এই কথাত আপত্তি কৰে সুদামে। সুদামে কবিতাক ত্ৰিলোচনৰ লগত সম্পৰ্ক ৰখাত মানা কৰিছিল। দুয়োৰে মাজতো অশান্তিৰ সৃষ্টি হৈছিল। সেই অশান্তিৰ বাবেই কবিতা, যুৱৰাজ আৰু ত্ৰিলোচনে সুদামক হত্যা আৰু হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, কবিতাই ত্ৰিলোচনৰ জৰিয়তে এখন দোকানত সোণৰ মংগলসূত্ৰ বন্ধকত থৈ ৪৫ হাজাৰ টকা লাভ কৰিছিল। সেই টকাৰে ৰৌৰকেলাৰ এজন ব্যক্তিৰ জৰিয়তে এটা দেশত নিৰ্মিত পিষ্টল আৰু গুলী ক্ৰয় কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, বন্দুক আৰু গুলীৰ মূল্য নগদ ধন আৰু অনলাইন যোগে দিয়া হৈছিল।
ইফালে সুলোচনে সুদামৰ গতিবিধিৰ ওপৰত চকু ৰাখিছিল। আৰক্ষীয়ে জনোৱা মতে যুৱৰাজে কবিতাক ফোন কৰি সুদামৰ বিষয়ে আপডেট দিছিল। আৰু কবিতাই সেইদৰে ত্ৰিলোচনক সুদামৰ গতিবিধিৰ বিষয়ে হোৱাটছএপৰ জৰিয়তে অৱগত কৰিছিল। কেইবাদিনো নিৰীক্ষণৰ অন্তত ১৭ নৱেম্বৰত সুবৰ্ণপুৰৰ পংকেল চক এলেকাত ত্ৰিলোচনে সুদামৰ ওপৰত আক্ৰমণ চলায়।
জানিব পৰা মতে, প্ৰথমে সুদামৰ ওপৰত দুই ৰাউণ্ড গুলীচালনা কৰা হৈছিল। আহত হোৱাৰ পিছত যেতিয়া সুদাম পথত বাগৰি পৰে তেতিয়া আৰু দুই ৰাউণ্ড গুলীচালনা কৰা হয়। তেওঁৰ থিতাতে মৃত্যু হয়।
আৰক্ষীৰ সন্দেহৰ পৰা হাত সাৰিবলৈ কবিতাই সুদামক হত্যাৰ অভিযোগত থানাত এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত তদন্তৰ সময়ত সকলো প্ৰমাণ পৰীক্ষা কৰি আৰক্ষীয়ে গম পালে যে কবিতা আৰু তেওঁৰ দুই সহযোগী ত্ৰিলোচন আৰু যুৱৰাজে সুদামক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।
তদন্তৰ সময়ত আৰক্ষীয়ে সুদামৰ মোবাইল ফোনটো জব্দ কৰে। তদুপৰি আৰু ৫টা মোবাইল ফোন, দুখন মটৰবাইক আৰু আগ্নেয়াস্ত্ৰটো উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


