ককৰোচ জনতা পাৰ্টি (CJP)-ৰ সহ-আহ্বায়ক সৌৰভ দাসে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ককৰোচ আন্দোলনৰ কথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ বাবে তেওঁক অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ যোৱাত বাধা দিয়া হৈছে বুলি অভিযোগ কৰিছে সৌৰভে।
সোমবাৰে নিশা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত লণ্ডন অভিমুখী বিমানত উঠিবলৈ যোৱাৰ সময়ত ইমিগ্ৰেচন কৰ্তৃপক্ষই তেওঁক বাধা দিয়ে বুলি তেওঁ প্ৰকাশ কৰিছে। নিশা ১ বজাত তেওঁৰ বিমানখন উৰা মৰাৰ কথা আছিল। কিন্তু ইমিগ্ৰেচন কাউণ্টাৰত উপস্থিত হোৱাৰ পাছত তেওঁৰ পাছপ’ৰ্ট ‘ফ্লেগড’ হৈ থকা বুলি জনোৱা হয়।
সৌৰভৰ দাবী অনুসৰি, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাই তেওঁক ককৰোচ আন্দোলন সন্দৰ্ভত এখন আলোচনা-চক্ৰত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। ইয়াৰ উপৰি কেমব্ৰিজ বিশ্ববিদ্যালয়, লণ্ডন স্কুল অৱ ইকনমিক্স (LSE) আৰু এডিনবৰা বিশ্ববিদ্যালয়তো তেওঁক বক্তব্য প্ৰদানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল।
ইয়াৰ পাছতে সামাজিক মাধ্যমত এটা ভিডিঅ’ আৰু কেইবাটাও পোষ্টযোগে সৌৰভে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে। তেওঁৰ অভিযোগ, দেশৰ শিক্ষিত যুৱক-যুৱতীৰ কণ্ঠ আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিধ্বনিত হোৱাটো চৰকাৰে বিচৰা নাই। সেয়েহে তেওঁক বিদেশ যাত্ৰাৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰা হৈছে।
সামাজিক মাধ্যমত তেওঁ লিখে যে অক্সফৰ্ড, কেমব্ৰিজ, LSE আৰু এডিনবৰা বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানত ককৰোচ আন্দোলনৰ বিষয়ে বক্তব্য আগবঢ়াবলৈ তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল। এই অনুষ্ঠানসমূহ আয়োজনৰ বাবে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট পৰিশ্ৰম কৰিছিল বুলিও তেওঁ উল্লেখ কৰে।
সৌৰভে লগতে প্ৰশ্ন কৰে যে শিক্ষিত যুৱক-যুৱতীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাত চৰকাৰৰ ইমান আপত্তি কিয়? তেওঁ নীৰৱে বহি নাথাকি ভৱিষ্যতেও লণ্ডন, পেৰিছকে ধৰি বিভিন্ন স্থানলৈ গৈ নিজৰ বক্তব্য দাঙি ধৰিব বুলি স্পষ্ট কৰে।
ইফালে, এই ঘটনাক লৈ ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ অভিযোগ, ক্ষমতাত থকা কোনো লোক সৌৰভে অক্সফৰ্ডৰ দৰে প্ৰতিষ্ঠানৰ পৰা আমন্ত্ৰণ লাভ কৰাত অসন্তুষ্ট।
পাছপ’ৰ্টক লৈ প্ৰকৃততে কি ঘটিছিল?
অৱশ্যে, এই ঘটনাৰ সন্দৰ্ভত The Indian Express-এ প্ৰকাশ কৰা পৰৱৰ্তী প্ৰতিবেদনত পাছপ’ৰ্টৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি, পাছপ’ৰ্টত জন্মস্থান সম্পৰ্কীয় তথ্যৰ অমিল থকাৰ অভিযোগত চেন্নাইৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ে সৌৰভ দাসলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।
২০২৬ চনৰ ২৩ নৱেম্বৰত জাৰি কৰা এই জাননীত তেওঁক সাত দিনৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে। লগতে ব্যাখ্যা দাখিল নকৰালৈকে উক্ত পাছপ’ৰ্ট ব্যৱহাৰ কৰি বিদেশ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। পাছপ’ৰ্টখন জব্দ কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
উল্লেখ্য যে সৌৰভক আমন্ত্ৰণ জনোৱা প্ৰতিষ্ঠানটো অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থা নহয়, বৰং বিশ্ববিদ্যালয়ৰ পৰা স্বতন্ত্ৰভাৱে পৰিচালিত বিতৰ্ক আৰু আলোচনাৰ মঞ্চ Oxford Union বুলি The Indian Express-এ স্পষ্ট কৰিছে।





