চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকা এগৰাকী মহিলাৰ সৈতে ব্যক্তিগত সম্পৰ্কৰ তথ্য ফাদিল হোৱাৰ পাছত পদত্যাগ কৰা জেনচেন হোৱাঙক পুনৰ টেক জায়াণ্ট এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) পদত অধিষ্ঠিত কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উদ্যোগ গ্ৰহণ কৰিছিল বুলি নিজেই স্বীকাৰ কৰিছে। যোৱা ২৩ নৱেম্বৰত ‘চিএনবিচি’ (CNBC)-ক দিয়া এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে পূৰ্বে এনভিডিয়াৰ সঞ্চালক মণ্ডলীয়ে হোৱাঙৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা নাকচ কৰিছিল যদিও তেওঁ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বোৰ্ডৰ সদস্যসকলৰ সৈতে আলোচনা কৰি হোৱাঙক পুনৰ নিযুক্তি দিয়াত ভূমিকা লয়। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ শংকা সন্দৰ্ভত বোৰ্ডক “যথেষ্ট আশ্বাস” দিয়া বুলিও ট্ৰাম্পে উল্লেখ কৰে। ইয়াৰ পাছতেই পদত্যাগ কৰাৰ দুসপ্তাহ নৌহওঁতেই হোৱাঙক পুনৰ অধ্যক্ষ, চিইঅ’ আৰু সঞ্চালক মণ্ডলীৰ সদস্য হিচাপে সৰ্বসন্মতিক্ৰমে নিযুক্তি দিয়া হয়।
এনভিডিয়াৰ এগৰাকী প্ৰাক্তন কাৰ্যবাহী বিষয়া এলিছ হোৱাঙৰ সৈতে থকা ব্যক্তিগত সম্পৰ্ক পোহৰলৈ অহাৰ পাছতেই জেনচেন হোৱাঙে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। আমেৰিকাৰ চোৰাংচোৱা প্ৰতিবেদনৰ উদ্ধৃতি দি ‘দ্য নিউয়ৰ্ক টাইমছ’-এ প্ৰকাশ কৰা অনুসৰি, ২০২৫ চনৰ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে এবছৰতকৈও অধিক সময় ধৰি এলিছ হোৱাঙে চীনৰ ৰাজ্যিক নিৰাপত্তা মন্ত্ৰ্যালয়ৰ এজন বিষয়াৰ সৈতে গোপন যোগাযোগ ৰক্ষা কৰি আছিল। মন কৰিবলগীয়া যে সেই একেটা সময়ছোৱাতেই তেওঁ এনভিডিয়াৰ চিইঅ’ জেনচেন হোৱাঙৰ সৈতে সম্পৰ্কত আছিল। ‘এবিচি নিউজে’ও (ABC News) এই যোগাযোগৰ কথা নিশ্চিত কৰিছে যদিও এলিছে কোনো গোপন তথ্য চীনক যোগান ধৰিছিল নে নাই, সেয়া স্পষ্ট হোৱা নাই বুলি প্ৰতিবেদনত উল্লেখ কৰিছে। আনহাতে, চীনে এলিছ হোৱাঙক নিজৰ চোৰাংচোৱা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে।
ইফালে, এলিছ হোৱাঙৰ পূৰ্বৰ প্ৰতিষ্ঠান ছিংগাপুৰস্থিত ‘মেগাস্পীড ইণ্টাৰনেশ্যনেল’-অকো লৈ বিতৰ্ক অব্যাহত আছে। এনভিডিয়াৰ চিপ ক্ৰয় কৰা এই কোম্পানীটোৰ বিৰুদ্ধে ২০২৪ চনৰ পৰাই আমেৰিকাই ৰপ্তানি নিয়ন্ত্ৰণ আইন উলংঘা কৰি উন্নত চিপ চীনলৈ সৰবৰাহ কৰাৰ সন্দেহত তদন্ত চলাই আছে। আমেৰিকাৰ বাণিজ্য বিভাগে ইতিমধ্যে মেগাস্পীডক ক’লা তালিকাত অন্তৰ্ভুক্ত কৰি কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এনে পৰিস্থিতিত, জেনচেন হোৱাং বিদেশী চোৰাংচোৱা অভিযানৰ লক্ষ্য হৈছিল নেকি তাক লৈ এনভিডিয়াৰ স্বতন্ত্ৰ সমিতিয়ে তদন্ত অব্যাহত ৰখাৰ মাজতেই হোৱাঙৰ বিৰুদ্ধে কোনো অবৈধ কাৰ্যকলাপৰ প্ৰমাণ নাই বুলি ট্ৰাম্পে মন্তব্য কৰা কাৰ্যই আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা নীতি আৰু প্ৰশাসনিক হস্তক্ষেপক লৈ ব্যাপক চৰ্চা তথা বিতৰ্কৰ সৃষ্টি কৰিছে।





