ৰাজ্যজুৰি প্ৰশাসনিক ব্যৰ্থতা, বৰ্ধিত দুৰ্নীতি আৰু বিভিন্ন খণ্ডত অবৈধ ছিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞা। গুৱাহাটীৰ জু-ৰোডস্থিত অজাপৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত ভূঞাই চৰকাৰৰ উন্নয়নৰ দাবীক লৈ প্ৰশ্ন উত্থাপন কৰে আৰু স্বাস্থ্য, শিক্ষা, কৃষি তথা আন্তঃগাঁথনিৰ অৱনতি ঘটা বুলি অভিযোগ কৰে। লগতে ক্ষুদ্ৰ ঠিকাদাৰসকলক উপেক্ষা কৰি কেইগৰাকীমান বৃহৎ ঠিকাদাৰকহে চৰকাৰে সুবিধা প্ৰদান কৰা বুলি উল্লেখ কৰি কৃষক আৰু খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তোলে।
সংবাদমেলত জগদীশ ভূঞাই কয়, “আজি যিফালেই চকু যায়, তাতেই ধ্বংসৰ ছবিহে দেখা যায়; উন্নয়নৰ চিন প্ৰায় নায়েই। ইমানবোৰ ব্যৰ্থতাৰ পাছতো চৰকাৰে নিজৰ সাফল্যৰ গুণগান গাইয়েই আছে।”
ৰাজহুৱা স্বাস্থ্য খণ্ডৰ দুৰৱস্থাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ অভিযোগ কৰে যে চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসা সেৱা নথকাৰ বাবেই ৰোগীসকল ব্যক্তিগত চিকিৎসালয়লৈ যাবলৈ বাধ্য হৈছে। নকৈ স্থাপন কৰা চিকিৎসা মহাবিদ্যালয়সমূহৰ কাৰ্যকলাপক লৈও উদ্বেগ প্ৰকাশ কৰি তেওঁ দাবী কৰে যে ইয়াৰে কেইবাখনো প্ৰতিষ্ঠানত অত্যাৱশ্যকীয় আন্তঃগাঁথনিৰ অভাৱ আছে আৰু সেইসমূহ ফলপ্ৰসূভাৱে চলা নাই। ভূঞাই প্ৰশ্ন কৰে, “পূৰ্বে স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয়কেইখনক বাদ দিলে আজিও নতুনকৈ মুকলি কৰা চিকিৎসা মহাবিদ্যালয়সমূহ সঠিকভাৱে চলা নাই। তাত প্ৰয়োজনীয় সা-সুবিধা নাই। সাধাৰণ লোকে যেতিয়া মৌলিক চিকিৎসা সেৱাৰ বাবেই হাহাকাৰ কৰিবলগীয়া হৈছে, তেতিয়া চৰকাৰে কি উন্নয়নৰ কথা কৈ আছে?”
শিক্ষা খণ্ডৰ প্ৰসংগত ভূঞাই ৰাজ্যৰ হাজাৰ হাজাৰ বিদ্যালয় বন্ধ হৈ যোৱাৰ কথা উল্লেখ কৰে আৰু বৰ্তমান চলি থকা বহু বিদ্যালয়ত উপযুক্ত শ্ৰেণীকোঠা, শৌচাগাৰ আৰু ন্যূনতম আন্তঃগাঁথনি নথকা বুলি অভিযোগ কৰে। কৃষি খণ্ডৰ ক্ষেত্ৰতো চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে ডাঙৰ ব্যৱসায়ীসকলক ঋণ মাফ আৰু আৰ্থিক ৰেহাই দিয়া হৈছে যদিও কৃষকসকল এতিয়াও উপেক্ষিত হৈ আছে। ইয়াৰ উপৰি চৰকাৰী ঠিকা আবণ্টনত অসমত মাত্ৰ কেইগৰাকীমান বৃহৎ ঠিকাদাৰে সিংহভাগ ঠিকা দখল কৰাৰ ফলত ক্ষুদ্ৰ ঠিকাদাৰসকল সুযোগৰ পৰা বঞ্চিত হৈছে বুলিও তেওঁ অভিযোগ তোলে। খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলি দাবী কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰন্তৰ মূল্যবৃদ্ধিক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে।
সংবাদমেলত জগদীশ ভূঞাৰ সমালোচনাৰ মূল কেন্দ্ৰবিন্দু আছিল ৰাজ্যজুৰি চলি থকা কয়লা, মাছ আৰু কাঠৰ ছিণ্ডিকেট। চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ পাছতো এই কাৰ্যকলাপৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা হোৱা নাই, তাক লৈ তেওঁ প্ৰশ্ন তোলে। তেওঁ কয়, “অসমৰ বিভিন্ন প্ৰান্তত ছিণ্ডিকেট চলি থকাৰ খবৰ এতিয়া পোহৰলৈ আহিছে। এই কাৰ্যকলাপ সন্দৰ্ভত মই বিতং তথ্য আৰু প্ৰমাণ দাখিল কৰিছোঁ, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। মুখ্যমন্ত্ৰী কিয় নিমাত? ৰাজ্যত কি চলি আছে সেয়া চৰকাৰে নাজানে নেকি?” অবৈধ ছিণ্ডিকেট চক্ৰই অত্যাৱশ্যকীয় সামগ্ৰীৰ দামত প্ৰভাৱ পেলোৱা বুলি অভিযোগ কৰি তেওঁ কয় যে এই ছিণ্ডিকেটসমূহ ভাঙি দিলে বহু সামগ্ৰীৰ মূল্য হ্ৰাস পাব।
মেঘালয়ৰ পৰা অবৈধভাৱে কয়লা সৰবৰাহ হোৱাৰ নিৰ্দিষ্ট অভিযোগ তুলি ভূঞাই দাবী কৰে যে কয়লা বোজাই কৰিবলৈ ডিগাৰু আৰু বৰাহো- এই দুটা ৰে’ল ষ্টেচন ব্যৱহাৰ কৰা হৈছে। তেওঁ কয়, “অবৈধভাৱে কয়লা খনন আৰু সৰবৰাহ চলি আছে। মেঘালয়ৰ কয়লা বোজাই কৰিবলৈ ডিগাৰু আৰু বৰাহো নামৰ দুটা ষ্টেচন ব্যৱহাৰ কৰা হৈছে। চৰকাৰে এই কাৰ্যকলাপৰ তদন্ত কৰি জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালকপ্ৰধানৰ দৃষ্টি আকৰ্ষণ কৰি এক মুকলি আহ্বান জনাই ভূঞাই প্ৰশ্ন কৰে যে সাধাৰণ ৰাইজে জনা কথাবোৰ প্ৰশাসনে নাজানে নেকি। তেওঁ কয়, “আইন কেৱল সাধাৰণ নাগৰিকৰ বাবেহে নেকি? কি চলি আছে সাধাৰণ ৰাইজে জানে আৰু আমি এই বিষয়সমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ। চৰকাৰে একো নাজানে নেকি? এই কাৰ্যকলাপসমূহ বন্ধ হ’বই লাগিব। অন্যথা শাসনত থকাসকলেই ছিণ্ডিকেটক সুৰক্ষা দি আছে নেকি বুলি ৰাইজে সন্দেহ কৰিবলৈ আৰম্ভ কৰিব।”
শেষত ভূঞাই স্পষ্টভাৱে উল্লেখ কৰে যে চৰকাৰে কেৱল উন্নয়নৰ দাবীৰ পৰা ওলাই আহি সাধাৰণ জনতাৰ প্ৰকৃত সমস্যাসমূহ-বিশেষকৈ মূল্যবৃদ্ধি, অপৰ্যাপ্ত ৰাজহুৱা সেৱা, কৃষি সংকট আৰু দুৰ্নীতিৰ অভিযোগসমূহ সমাধান কৰাটো জৰুৰী।





