• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চন্দ্ৰত পানীৰ সন্ধানত ৩৫০ কিলোগ্ৰামৰ ৰোভাৰ! ২০২৮-ত চন্দ্ৰযান-৫ প্ৰেৰণ কৰিব ভাৰত-জাপানে

এই ৰোভাৰখন সাধাৰণ গাড়ীৰ দৰে নহয়। সাধাৰণ চকাৰ সলনি ইয়াত বিশেষ বেল্টৰ দৰে ব্যৱস্থা আছে। বহুখিনি টেংকৰ শিকলিৰ দৰেই। ফলত ৰোভাৰখন চন্দ্ৰৰ ৰুক্ষ মাটিত চলাচল কৰিব পাৰিব

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 28, 2026 9:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰত পানী আছে নে? যদি আছে, তেন্তে কিমান আছে? আৰু সেই পানী ভৱিষ্যতে মানুহৰ বাবে উপযোগী হ’বনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ভাৰত আৰু জাপানে নতুন অভিযান আৰম্ভ কৰিব। এই অভিযানৰ নাম চন্দ্ৰযান-৫।

জাপানৰ মহাকাশ সংস্থা JAXA য়ে এই অভিযানৰ বাবে ৰোভাৰৰ এটি নমুনা সন্মুখলৈ আনিছে। এই ৰোভাৰৰ ওজন প্ৰায় ৩৫০ কিলোগ্ৰাম। ই চন্দ্ৰৰ মাটিত বিচৰণ কৰিব। ই মাটিৰ পৰা প্ৰায় ১.৫ মিটাৰ গভীৰতালৈকে পানীৰ বৰফ বিচাৰিব।

ভাৰত আৰু জাপানে যৌথভাৱে এই অভিযান আৰম্ভ কৰিব। ইয়াক ২০২৮ চনত মহাকাশলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। জাপানৰ এইচ ৩ ৰকেটৰ সহায়ত চন্দ্ৰযান-৫ প্ৰেৰণ কৰা হ’ব। জাপানৰ টানেগাছিমা মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ব এই ৰকেট।

Apply Now

এই অভিযানৰ আন এটা নাম হৈছে LUPEX। ইয়াৰ সম্পূৰ্ণ নাম Lunar Polar Exploration (চন্দ্ৰ মেৰু অন্বেষণ)। ইয়াৰ প্ৰধান কাম হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুত পানী আৰু বৰফ বিচাৰি উলিওৱা।

এই অভিযানত দুয়োখন দেশৰ দায়িত্ব বেলেগ বেলেগ। জাপানৰ মহাকাশ সংস্থা JAXA য়ে নিৰ্মাণ কৰি আছে এই ৰোভাৰ। আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই চন্দ্ৰত অৱতৰণ কৰাৰ বাবে লেণ্ডাৰখন নিৰ্মাণ কৰি আছে। আমেৰিকাৰ নাছা আৰু ইউৰোপীয় মহাকাশ সংস্থাইও এই অভিযানত সহায় কৰি আছে।

এই ৰোভাৰখন সাধাৰণ গাড়ীৰ দৰে নহয়। সাধাৰণ চকাৰ সলনি ইয়াত বিশেষ বেল্টৰ দৰে ব্যৱস্থা আছে। বহুখিনি টেংকৰ শিকলিৰ দৰেই। ফলত ৰোভাৰখন চন্দ্ৰৰ ৰুক্ষ মাটিত চলাচল কৰিব পাৰিব।

জাপানৰ টকিঅ’ৰ চ’ফু স্পেচ চেণ্টাৰত ৰোভাৰখনৰ নমুনা দেখুওৱা হৈছে। তাত কৃত্ৰিম চন্দ্ৰৰ মাটিত ৰোভাৰখন কেনেকৈ গতি কৰিব সেয়া দেখুওৱা হৈছে।

এই ৰোভাৰত থাকিব ৭টা বৈজ্ঞানিক যন্ত্ৰ। এইবোৰৰ সহায়ত চন্দ্ৰৰ মাটি, উষ্ণতা আৰু পৰিৱেশ পৰীক্ষা কৰা হ’ব। ৰোভাৰখন একে ঠাইতে নাথাকিব। ই চন্দ্ৰৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিব আৰু তথ্য সংগ্ৰহ কৰিব।

চন্দ্ৰৰ দক্ষিণ মেৰুৰ কিছুমান ঠাইত সূৰ্যৰ পোহৰ নপৰে। তাত উষ্ণতা অতি কম। বিজ্ঞানীসকলৰ মতে এই আন্ধাৰ আৰু ঠাণ্ডা ঠাইত হয়তো বহু বছৰ ধৰি পানীৰ বৰফ জমা হৈ আছে।

কিন্তু সেই বৰফটো ঠিক ক’ত আছে আৰু কিমানখিনি আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। গতিকে চন্দ্ৰযান-৫ৰ ৰোভাৰে মাটিৰ তলত খান্দিব। ই প্ৰায় ১.৫ মিটাৰ গভীৰতাৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰিব। ইয়াৰ পিছত পৰীক্ষা কৰা হ’ব যে তাত পানী বা বৰফ আছে নে নাই।

যদি চন্দ্ৰত পানী পোৱা যায় তেন্তে ভৱিষ্যতে মহাকাশ অভিযানত ই এক ডাঙৰ সুবিধা হ’ব পাৰে। মহাকাশচাৰীসকলে সেই পানী খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰে। পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন পৃথক কৰাও সম্ভৱ। হাইড্ৰজেনেৰে ৰকেটৰ ইন্ধন তৈয়াৰ কৰিব পাৰি। উশাহ-নিশাহৰ বাবেও অক্সিজেন ব্যৱহাৰ কৰিব পাৰি।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চন্দ্ৰত পানীৰ সন্ধানত ৩৫০ কিলোগ্ৰামৰ ৰোভাৰ! ২০২৮-ত চন্দ্ৰযান-৫ প্ৰেৰণ কৰিব ভাৰত-জাপানে

চন্দ্ৰত পানীৰ সন্ধানত ৩৫০ কিলোগ্ৰামৰ ৰোভাৰ! ২০২৮-ত চন্দ্ৰযান-৫ প্ৰেৰণ কৰিব ভাৰত-জাপানে

November 28, 2026 9:03 am
জিন্স-টি-চাৰ্ট-চেণ্ডেল নিষিদ্ধ! চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন ড্ৰেছ কোড অসম চৰকাৰৰ, পিছে কিমান দিনলৈ?

জিন্স-টি-চাৰ্ট-চেণ্ডেল নিষিদ্ধ! চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন ড্ৰেছ কোড অসম চৰকাৰৰ, পিছে কিমান দিনলৈ?

November 28, 2026 8:12 am
পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা; হাৰ্দিকৰ বিদায়ৰ পিছত ডাঙৰ ঘোষণা মেনেজমেন্টৰ

পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা; হাৰ্দিকৰ বিদায়ৰ পিছত ডাঙৰ ঘোষণা মেনেজমেন্টৰ

November 27, 2026 8:19 pm
সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

November 27, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চন্দ্ৰত পানীৰ সন্ধানত ৩৫০ কিলোগ্ৰামৰ ৰোভাৰ! ২০২৮-ত চন্দ্ৰযান-৫ প্ৰেৰণ কৰিব ভাৰত-জাপানে

চন্দ্ৰত পানীৰ সন্ধানত ৩৫০ কিলোগ্ৰামৰ ৰোভাৰ! ২০২৮-ত চন্দ্ৰযান-৫ প্ৰেৰণ কৰিব ভাৰত-জাপানে

November 28, 2026 9:03 am
জিন্স-টি-চাৰ্ট-চেণ্ডেল নিষিদ্ধ! চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন ড্ৰেছ কোড অসম চৰকাৰৰ, পিছে কিমান দিনলৈ?

জিন্স-টি-চাৰ্ট-চেণ্ডেল নিষিদ্ধ! চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন ড্ৰেছ কোড অসম চৰকাৰৰ, পিছে কিমান দিনলৈ?

November 28, 2026 8:12 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd