• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৯০ গৰাকী বিশেষ গঁড় সুৰক্ষা বাহিনীৰ কনিষ্টবলক নিযুক্তি পত্ৰ বিতৰণ মুখ্য মন্ত্ৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 11, 2018 7:06 pm
11-07-18 Guwahati- cm appointment letters to newly recruited (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড়সমূহক চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্যৰ বন বিভাগত নতুনকৈ সংযোজন হ’ল ৯০ গৰাকী বিশেষ গঁড় সুৰক্ষা বাহিনীৰ কনিষ্টবল।

আজি খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতৰ পৰা ৯০ গৰাকী যুৱক-যুৱতীয়ে বিশেষ গঁড় সুৰক্ষা বাহিনীৰ কনিষ্টবল পদৰ বাবে নিযুক্তি পত্ৰ গ্ৰহণ কৰে।

Apply Now

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য মন্ত্ৰীয়ে বন্য প্ৰাণী ৰক্ষাৰ স্বাৰ্থত আত্মবলিদান দিয়াসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলোকে ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বন্যপ্ৰাণীসমূহক সুৰক্ষা দিয়াৰ বাবে দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ হ’বলৈ আহ্বান জনায়।

গোলাঘাট, কাৰ্বিআংলং, নগাওঁ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ যুৱক-যুৱতীসকলক লৈ এই বিশেষ বাহিনী গঠন কৰা হৈছে বুলি জানিবলৈ দি তেওঁ কয় যে বনপ্ৰাণীসমূহৰ নিৰাপত্তা নিশ্চিত কৰাটোৱেই নৱ নিযুক্ত কনিষ্টবল কেইজনৰ মূল কৰ্তৱ্য হ’ব লাগিব।

উল্লেখযোগ্য যে ৯০গৰাকী কনিষ্টল আৰু আৰক্ষী বিভাগৰ প্ৰতিনিধিসহ মুঠ ১১২ গৰাকীক গঁড় সুৰক্ষাৰ দায়িত্বত নিয়োগ কৰা হৈছে।

আনহাতে, ভাষণ প্ৰসংগত কংগ্ৰেছৰ শাসনৰ তুলনাত বিজেপি চৰকাৰৰ কাৰ্য্যকালত গঁড় হত্যাৰ মাত্ৰা কমি যোৱা বুলি দাবী কৰি তেওঁ লগতে কয়, ‘কাজিৰঙাক আগুৰি থকা পাঁচখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধিক্ষক আৰু বন বিষয়াসকল সৈতে মত-বিনিময় কৰি এটা দল গঠন কৰি থৈ আহিছিলো। দলটোৱে নিষ্ঠাৰে কাম কৰাৰ বাবে তেতিয়াৰে পৰা চোৰাংচিকাৰীক প্ৰতিহত কৰিবৰ বাবে কাম কৰি আহিছো।’

উক্ত অনুষ্ঠানত উপস্থিত থকা কাজিৰঙাৰ বন বিভাগৰ সঞ্চালকক মুখ্য মন্ত্ৰীয়ে কাজিৰঙাৰ নিৰপত্তাৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ মাজত এক শক্তিশালী চেতনা জগাই তুলিবলৈ আহ্বান জনায়।

তদুপৰি, জীৱ-জন্তুৱে বানপানী অথবা অন্যান্য প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত আশ্ৰয় ল’বৰ বাবে ৩১ টা হাইলেণ্ড নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দি তেওঁ লগতে কয়, ‘বিষয়াসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ বিশেষত্ব বিলাক প্ৰত্যেকগৰাকী জোৱানক বুজাই দিব লাগিব যাতে যিকোনো দুৰ্গম পৰিস্থিতিৰ পৰা বন্যপ্ৰাণীসমূহক উদ্ধাৰ কৰাৰ বাবে পদক্ষেপ হাতত ল’ব পাৰে।’

কাৰ্য্যক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা নৱ নিযুক্ত কনিষ্টবলক পুৰস্কাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰি সোণোৱালে নৱ নিযুক্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কনিষ্টবল কেইগৰাকীক উন্নত মানৰ সাজ-পোচাকৰ ব্যৱস্থা কৰিবৰ বাবে সংশ্লিষ্ট কতৃপক্ষক আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত ৰাজ্যিক বন মন্ত্ৰী নৱ কুমাৰ দলেকে মুখ্য কৰি মুখ্য বন সংৰক্ষক এন কে বাসু, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰ দেৱ উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd